--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ এদিনীয়া বিশ্বকাপৰ প্ৰথমখন মেচ৷বুধবাৰে মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ ক্ৰিকেট ছেমি ফাইনেলৰ টিকটৰ কলা ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আকাশ কোথাৰী নামৰ ব্যক্তিজনক মুম্বাই মহানগৰীৰ উত্তৰ প্ৰান্তৰ মালাদস্থিত ঘৰৰ পৰা জে জে থানাৰ এটা দলে আটক কৰি ৰাখিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বিভিন্ন গ্ৰুপত প্ৰচাৰিত হোৱাটছএপৰ মেছেজ অনুসৰি ২৭ হাজাৰৰ পৰা ২.৫ লাখ টকাৰ ভিতৰত টিকট বিক্ৰী হৈছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

বিষয়াগৰাকীয়ে কয় যে, "তেওঁ মূল খৰচৰ চাৰি-পাঁচগুণত টিকট বিক্ৰী কৰিছিল।ভাৰতীয় দণ্ডবিধিৰ ৪২০ আৰু ৫১১ ধাৰাত প্ৰতাৰণা আৰু অন্যান্য অপৰাধৰ অভিযোগ উত্থাপন কৰা হৈছে।"অভিযুক্ত ব্যক্তিজনে এই টিকটসমূহ ক’ৰ পৰা ক্ৰয় কৰিছিল সেই বিষয়ে জানিবলৈ আৰু এই ৰেকেটৰ সৈতে অধিক লোক জড়িত আছে নেকি সেই বিষয়ে তদন্ত চলি আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
টি চি এছৰ কৰ্মচাৰী চাটাইৰ সিদ্ধান্তৰ পাছতেই আন এক তথ্য প্রযুক্তি কোম্পানীয়ে আনিলে আশাৰ বতৰা
ঘাইপথত হঠাতে ব্ৰেক মৰাটো অমনোযোগিতাৰ পৰিচায়ক! পথ দুর্ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ মন্তব্য
পিতৃৰ মৃত্যু, প্ৰেমিকৰ সৈতে মাতৃৰ পলায়ন! নাবালক পুত্ৰই থানাত এজাহাৰ দি ক'লে- সিহঁতে মোক মাৰি পেলাব
ট্রাম্পৰ শুল্কযুদ্ধই কঁপাইছে দেশ, ৰাছিয়াকো সমালোচনা
এই ৩ টা বস্তু হৃদযন্ত্ৰৰ বাবে বৰ উপকাৰী! বহু সমস্যাও আঁতৰত থাকে
লামডিঙত ১৬ লাখ টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক