--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত চলি আছে ফুবলৰ মহাৰণ। সেই মহাৰণৰেই ফাইনেল খেল খনৰ ট্ৰফী মুকলি কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে। আপাততঃ তেনে কথাই এতিয়া ওলাইছে। দীপিকা পাডুকোনে আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশৰ মুখ একাধিকবাৰ উজ্জ্বল কৰিছে।

কেতিয়াবা হলিউডৰ চলচ্চিত্ৰত তেওঁ কা অভিনয়ে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু কেতিয়াবা তেওঁ কাঁ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ তালিকাত স্থান লাভ কৰি মানুহৰ দৃষ্টি কাঢ়িছে।এইবাৰ তেওঁক কাটাৰ বিশ্বকাপৰ মঞ্চত দেখা যাব!বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ফিফা বিশ্বকাপ ২০২২ ত দীপিকা পাডুকনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 

দৰাচলতে তেওঁ 'দ্য গ্ৰেটেস্ট শ্ব অন আৰ্থ'ৰ সামৰণি অনুষ্ঠানৰ মঞ্চত উপস্থিত থকাৰ কথা।   তেওঁ সম্ভৱতঃ ফাইনেলত বিশ্বকাপ ট্ৰফী উন্মোচন কৰা প্ৰথম ভাৰতীয়  অভিনেত্ৰী হ'ব। প্ৰতিযোগিতাখনৰ ফাইনেল খেল খন ১৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব। 

প্ৰাপ্ত খবৰ অনুসৰি দীপিকা ১৮ ডিচেম্বৰৰ আগতেই কাটাৰলৈ উৰা মাৰিব  আৰু ফাইনেলৰ দিনা তেওঁ ষ্টেডিয়ামত  বিশ্বকাপ ট্ৰফী উন্মোচন কৰিব।  এইটো নিঃসন্দেহে ভাৰতীয়সকলৰ বাবে অতি আনন্দ আৰু গৌৰৱৰ বিষয় হৈ পৰিব বুলি দীপিকাৰ অনুৰাগীসকলে মন্তব্য কৰিছে।

উল্লেখ্য  নোৰা ফাতেহি বিশ্বকাপৰ আৰম্ভণি অনুষ্ঠানৰ  মঞ্চতউপস্থিত থকা  প্ৰথম ভাৰতীয় তাৰকা ।  তেওঁক বিশ্বকাপৰ  উদ্বোধনী অনুষ্ঠানত নৃত্য কৰা দেখা নাছিল।মন কৰিব লগীয়া যে কাঁ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰী সদস্য হোৱাৰ পিছত দীপিকাৰ নাম বিশ্বৰ শীৰ্ষ ১০ গৰাকী সুন্দৰীৰ তালিকাত স্থান পাইছিল। তেওঁ একমাত্ৰ ভাৰতীয় হৈ পৰিছিল যিয়ে এই অনন্য কৃতিত্বৰ গৰাকী হৈছে। 

যদি বিশ্বকাপৰ ফাইনেলত দীপিকা উপস্থিত থকাৰ বাতৰি সঁচা হয়, তেন্তে ই দীপিকা আৰু সমগ্ৰ দেশৰ বাবে গৌৰৱৰ কথা হ'ব।অৱশ্যে ফিফাই এতিয়ালৈকে সামৰণি অনুষ্ঠানৰ কাৰ্যসূচী প্ৰকাশ কৰা নাই। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক