--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত চলি আছে ফুবলৰ মহাৰণ। সেই মহাৰণৰেই ফাইনেল খেল খনৰ ট্ৰফী মুকলি কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে। আপাততঃ তেনে কথাই এতিয়া ওলাইছে। দীপিকা পাডুকোনে আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশৰ মুখ একাধিকবাৰ উজ্জ্বল কৰিছে।

কেতিয়াবা হলিউডৰ চলচ্চিত্ৰত তেওঁ কা অভিনয়ে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু কেতিয়াবা তেওঁ কাঁ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ তালিকাত স্থান লাভ কৰি মানুহৰ দৃষ্টি কাঢ়িছে।এইবাৰ তেওঁক কাটাৰ বিশ্বকাপৰ মঞ্চত দেখা যাব!বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ফিফা বিশ্বকাপ ২০২২ ত দীপিকা পাডুকনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 

দৰাচলতে তেওঁ 'দ্য গ্ৰেটেস্ট শ্ব অন আৰ্থ'ৰ সামৰণি অনুষ্ঠানৰ মঞ্চত উপস্থিত থকাৰ কথা।   তেওঁ সম্ভৱতঃ ফাইনেলত বিশ্বকাপ ট্ৰফী উন্মোচন কৰা প্ৰথম ভাৰতীয়  অভিনেত্ৰী হ'ব। প্ৰতিযোগিতাখনৰ ফাইনেল খেল খন ১৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব। 

প্ৰাপ্ত খবৰ অনুসৰি দীপিকা ১৮ ডিচেম্বৰৰ আগতেই কাটাৰলৈ উৰা মাৰিব  আৰু ফাইনেলৰ দিনা তেওঁ ষ্টেডিয়ামত  বিশ্বকাপ ট্ৰফী উন্মোচন কৰিব।  এইটো নিঃসন্দেহে ভাৰতীয়সকলৰ বাবে অতি আনন্দ আৰু গৌৰৱৰ বিষয় হৈ পৰিব বুলি দীপিকাৰ অনুৰাগীসকলে মন্তব্য কৰিছে।

উল্লেখ্য  নোৰা ফাতেহি বিশ্বকাপৰ আৰম্ভণি অনুষ্ঠানৰ  মঞ্চতউপস্থিত থকা  প্ৰথম ভাৰতীয় তাৰকা ।  তেওঁক বিশ্বকাপৰ  উদ্বোধনী অনুষ্ঠানত নৃত্য কৰা দেখা নাছিল।মন কৰিব লগীয়া যে কাঁ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰী সদস্য হোৱাৰ পিছত দীপিকাৰ নাম বিশ্বৰ শীৰ্ষ ১০ গৰাকী সুন্দৰীৰ তালিকাত স্থান পাইছিল। তেওঁ একমাত্ৰ ভাৰতীয় হৈ পৰিছিল যিয়ে এই অনন্য কৃতিত্বৰ গৰাকী হৈছে। 

যদি বিশ্বকাপৰ ফাইনেলত দীপিকা উপস্থিত থকাৰ বাতৰি সঁচা হয়, তেন্তে ই দীপিকা আৰু সমগ্ৰ দেশৰ বাবে গৌৰৱৰ কথা হ'ব।অৱশ্যে ফিফাই এতিয়ালৈকে সামৰণি অনুষ্ঠানৰ কাৰ্যসূচী প্ৰকাশ কৰা নাই। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু