--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত ছাম্বাৰ লহৰ তুলিছে ফুটবলৰ ৰাজকীয় দেশ ব্ৰাজিলে। সোমবাৰে ৰাতি ষ্টেডিয়াম ৯৭৪-ত দক্ষিণ কোৰিয়াক চাৰি গ’ল দি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে নেইমাৰ, ৰিচাৰ্লিছনহঁতে। বিশ্বজুৰি ব্ৰাজিলৰ ফুটবল অনুৰাগীসকল মোহাচ্ছন্ন হৈ পৰিল প্ৰিয় খেলুৱৈসকলৰ ক্ৰীড়াশৈলীত।

কাটাৰত দপদপাই আছে ব্ৰাজিলে। আনহাতে, ব্ৰাজিলৰ এখন হস্পিতালত জীৱন মৰণৰ যুঁজ চলাইছে ফুটবলৰ সম্ৰাট পেলেই। ৮২ বৰ্ষীয় কিংম্বদন্তি ফুটবলাৰগৰাকীৰ স্বাস্থ্যক লৈ উদ্বীগ্ন ফুটবলজগত।

উদ্বীগ্ন কাটাৰত খেলিবলৈ অহা ব্ৰাজিলৰ খেলুৱৈসকলো। সেয়ে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে দূৰ্দান্ত বিজয়ক পেলেৰ নামত উচৰ্গা কৰে নেইমাৰহঁতে। খেল শেষ হোৱাৰ পাছতে পেলেৰ ছৱি আৰু নাম লিখি এখন বেনাৰ প্ৰদৰ্শন কৰে দলটোৱে। পেলেৰ সুস্থতা কামনা কৰিয়ে এই বেনাৰ প্ৰদৰ্শন কৰা হয়।

আনহাতে, ব্ৰাজিলে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলপথাৰত নমাৰ পূৰ্বে পেলেইও অসুখীয়া অৱস্থাৰেই এটা টুইট কৰে। ১৯৫৮ চনৰ বিশ্বকাপৰ এখন ছৱিও টুইটটোৰ স’তে শ্বেয়াৰ কৰিছে। ছৱিখনত দেখা গৈছে সেই সময়ৰ তৰুণ পেলেই সতীৰ্থৰ স’তে ৰাস্তাত দৌৰি আছে।

উক্ত টুইটটোত তেওঁ লিখে- “১৯৫৮ চনত মই ৰাস্তাত দৌৰাৰ সময় ভাবিছিলো কিদৰে দেউতাক দিয়া প্ৰতিশ্ৰুতি ৰাখিব পাৰিম। মই জানো, তোমালোকৰ মাজতো অনেকেই নিজৰ নিজৰ দেউতাৰাক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব বিচাৰা। প্ৰতিশ্ৰুতি ৰক্ষা কৰা।”

এই কথাখিনি মূলতঃ তেওঁ নেইমাৰ, ৰিচাৰ্লিছনহঁতক উদ্দেশ্য কৰিয়েই লিখিছে। টুইটটোৰ জৰিয়তে তেওঁ ব্ৰাজিলৰ দলটোক শুভেচ্ছাও জনায়। লিখে- “মই হস্পিতালত শুই শুইয়ে তোমালোকৰ বাবে চিঞৰিম। শুভেচ্ছা থাকিল।”

উল্লেখ্য যে হাওঁফাওঁত সংক্ৰমণকে ধৰি কেইবাটাও গুৰুত্তৰ ৰোগত আক্ৰান্ত হৈ পেলেই বৰ্তমান চাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন হস্পিতালত ভৰ্তি হৈ আছে। বৰ্তমান কিংম্বদন্তি ফুটবলাৰগৰাকীৰ চিকিৎসাকাৰ্য পূৰ্ণগতিৰে চলি আছে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু