--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত ছাম্বাৰ লহৰ তুলিছে ফুটবলৰ ৰাজকীয় দেশ ব্ৰাজিলে। সোমবাৰে ৰাতি ষ্টেডিয়াম ৯৭৪-ত দক্ষিণ কোৰিয়াক চাৰি গ’ল দি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে নেইমাৰ, ৰিচাৰ্লিছনহঁতে। বিশ্বজুৰি ব্ৰাজিলৰ ফুটবল অনুৰাগীসকল মোহাচ্ছন্ন হৈ পৰিল প্ৰিয় খেলুৱৈসকলৰ ক্ৰীড়াশৈলীত।

কাটাৰত দপদপাই আছে ব্ৰাজিলে। আনহাতে, ব্ৰাজিলৰ এখন হস্পিতালত জীৱন মৰণৰ যুঁজ চলাইছে ফুটবলৰ সম্ৰাট পেলেই। ৮২ বৰ্ষীয় কিংম্বদন্তি ফুটবলাৰগৰাকীৰ স্বাস্থ্যক লৈ উদ্বীগ্ন ফুটবলজগত।

উদ্বীগ্ন কাটাৰত খেলিবলৈ অহা ব্ৰাজিলৰ খেলুৱৈসকলো। সেয়ে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে দূৰ্দান্ত বিজয়ক পেলেৰ নামত উচৰ্গা কৰে নেইমাৰহঁতে। খেল শেষ হোৱাৰ পাছতে পেলেৰ ছৱি আৰু নাম লিখি এখন বেনাৰ প্ৰদৰ্শন কৰে দলটোৱে। পেলেৰ সুস্থতা কামনা কৰিয়ে এই বেনাৰ প্ৰদৰ্শন কৰা হয়।

আনহাতে, ব্ৰাজিলে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলপথাৰত নমাৰ পূৰ্বে পেলেইও অসুখীয়া অৱস্থাৰেই এটা টুইট কৰে। ১৯৫৮ চনৰ বিশ্বকাপৰ এখন ছৱিও টুইটটোৰ স’তে শ্বেয়াৰ কৰিছে। ছৱিখনত দেখা গৈছে সেই সময়ৰ তৰুণ পেলেই সতীৰ্থৰ স’তে ৰাস্তাত দৌৰি আছে।

উক্ত টুইটটোত তেওঁ লিখে- “১৯৫৮ চনত মই ৰাস্তাত দৌৰাৰ সময় ভাবিছিলো কিদৰে দেউতাক দিয়া প্ৰতিশ্ৰুতি ৰাখিব পাৰিম। মই জানো, তোমালোকৰ মাজতো অনেকেই নিজৰ নিজৰ দেউতাৰাক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব বিচাৰা। প্ৰতিশ্ৰুতি ৰক্ষা কৰা।”

এই কথাখিনি মূলতঃ তেওঁ নেইমাৰ, ৰিচাৰ্লিছনহঁতক উদ্দেশ্য কৰিয়েই লিখিছে। টুইটটোৰ জৰিয়তে তেওঁ ব্ৰাজিলৰ দলটোক শুভেচ্ছাও জনায়। লিখে- “মই হস্পিতালত শুই শুইয়ে তোমালোকৰ বাবে চিঞৰিম। শুভেচ্ছা থাকিল।”

উল্লেখ্য যে হাওঁফাওঁত সংক্ৰমণকে ধৰি কেইবাটাও গুৰুত্তৰ ৰোগত আক্ৰান্ত হৈ পেলেই বৰ্তমান চাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন হস্পিতালত ভৰ্তি হৈ আছে। বৰ্তমান কিংম্বদন্তি ফুটবলাৰগৰাকীৰ চিকিৎসাকাৰ্য পূৰ্ণগতিৰে চলি আছে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক