--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইদিনমানৰ পৰা মায়ানগৰীৰ বতাহত নতুন খবৰৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা গৈছে। দীপিকা পাডুকোন হেনো মাতৃ হ'বলৈ ওলাইছে। এই খবৰৰ সত্যসত্যতা কিমান সেয়া জানিবলৈ পোৱা নাই বৰ্তমান। কাৰণ,  দীপিকাই এই সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বা তেওঁৰ স্বামী ৰণবীৰ সিঙেও এতিয়ালৈকে এই বিষয়ে একো কোৱা নাই। কিন্তু তাৰে মাজতে দীপিকাৰ মাতৃ হোৱাৰ খবৰ এতিয়া বিয়পি পৰিছে সৰ্বত্ৰে।

ৰণবীৰৰ এটা মন্তব্যই দীপিকাৰ গৰ্ভধাৰণৰ অনুমানক আৰু অধিক গতি দিয়া পৰিক্ষিত হৈছে। অভিনেতাজনে তেওঁৰ নতুন ছবি 'জয়েশভাই জোৰ্দাৰ'ৰ প্ৰচাৰ কৰিবলৈ গৈছিল। চলচ্চিত্ৰখনৰ যোগেদি  কন্যা সন্তানৰ ভ্ৰূণ হত্যা বন্ধ কৰাৰ বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে। নায়কজনক তেতিয়া সোধা হৈছিল, যদি তেওঁৰ আৰু দীপিকাৰ কন্যা সন্তান জন্ম হয় তেতিয়া তেওঁলোকে কি নাম থ’ব? অভিনেতাজনৰ স্পষ্ট উত্তৰ, ‘মই নামটোৰ প্ৰতি অতি আগ্ৰহী। দীপিকা আৰু মই আমাৰ সম্ভাৱ্য সন্তানৰ নামক লৈ আলোচনাও কৰিছো।’  অৱশ্যে, সন্তানৰ নামৰ সেই তালিকা মুকলিকৈ কোৱাৰ পৰা বিৰত থাকে ‘৮৩’ ছবিৰ অভিনেতা কপিল দেৱে।

ৰণবীৰৰ এই মন্তব্যৰ পাছতে চৰ্চা হয় সৰ্বত্ৰে।  নাম ঠিক কৰাৰ সময় আহি পৰা মানে নিৰ্ঘাত নতুন সদস্যৰ অপেক্ষাত তাৰকা দম্পতী। ইয়াৰপূৰ্বেও জল্পনাৰ জ্বলা জুইত ঘি ঢালিছিল  ৰণবীৰে। কেইদিনমান আগতে, তেওঁক সোধা হৈছিল যে তেওঁ ল’ৰা নে ছোৱালীৰ পিতৃ হ'ব বিচাৰে? অভিনেতাজনে তেতিয়া কেৱল কৈছিল যে, ‘ ল’ৰা হওক বা ছোৱালী, তেওঁ আমাৰ জীৱনত আশীৰ্বাদ হৈয়ে পৃথিৱীলৈ আহিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান