--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইদিনমানৰ পৰা মায়ানগৰীৰ বতাহত নতুন খবৰৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা গৈছে। দীপিকা পাডুকোন হেনো মাতৃ হ'বলৈ ওলাইছে। এই খবৰৰ সত্যসত্যতা কিমান সেয়া জানিবলৈ পোৱা নাই বৰ্তমান। কাৰণ,  দীপিকাই এই সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বা তেওঁৰ স্বামী ৰণবীৰ সিঙেও এতিয়ালৈকে এই বিষয়ে একো কোৱা নাই। কিন্তু তাৰে মাজতে দীপিকাৰ মাতৃ হোৱাৰ খবৰ এতিয়া বিয়পি পৰিছে সৰ্বত্ৰে।

ৰণবীৰৰ এটা মন্তব্যই দীপিকাৰ গৰ্ভধাৰণৰ অনুমানক আৰু অধিক গতি দিয়া পৰিক্ষিত হৈছে। অভিনেতাজনে তেওঁৰ নতুন ছবি 'জয়েশভাই জোৰ্দাৰ'ৰ প্ৰচাৰ কৰিবলৈ গৈছিল। চলচ্চিত্ৰখনৰ যোগেদি  কন্যা সন্তানৰ ভ্ৰূণ হত্যা বন্ধ কৰাৰ বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে। নায়কজনক তেতিয়া সোধা হৈছিল, যদি তেওঁৰ আৰু দীপিকাৰ কন্যা সন্তান জন্ম হয় তেতিয়া তেওঁলোকে কি নাম থ’ব? অভিনেতাজনৰ স্পষ্ট উত্তৰ, ‘মই নামটোৰ প্ৰতি অতি আগ্ৰহী। দীপিকা আৰু মই আমাৰ সম্ভাৱ্য সন্তানৰ নামক লৈ আলোচনাও কৰিছো।’  অৱশ্যে, সন্তানৰ নামৰ সেই তালিকা মুকলিকৈ কোৱাৰ পৰা বিৰত থাকে ‘৮৩’ ছবিৰ অভিনেতা কপিল দেৱে।

ৰণবীৰৰ এই মন্তব্যৰ পাছতে চৰ্চা হয় সৰ্বত্ৰে।  নাম ঠিক কৰাৰ সময় আহি পৰা মানে নিৰ্ঘাত নতুন সদস্যৰ অপেক্ষাত তাৰকা দম্পতী। ইয়াৰপূৰ্বেও জল্পনাৰ জ্বলা জুইত ঘি ঢালিছিল  ৰণবীৰে। কেইদিনমান আগতে, তেওঁক সোধা হৈছিল যে তেওঁ ল’ৰা নে ছোৱালীৰ পিতৃ হ'ব বিচাৰে? অভিনেতাজনে তেতিয়া কেৱল কৈছিল যে, ‘ ল’ৰা হওক বা ছোৱালী, তেওঁ আমাৰ জীৱনত আশীৰ্বাদ হৈয়ে পৃথিৱীলৈ আহিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক