--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমিৰ খানৰ লাভ লাইফ সদায়ে চৰ্চাৰ বিষয় হৈ আহিছে। কেতিয়াবা যদি প্ৰীতি জিণ্টাৰ সৈতে নাম সাঙোৰ খাইছে কেতিয়াবা আকৌ ফাতিমা ছানা শেখৰ সৈতে উঠিছে সম্পৰ্কৰ গুঞ্জন। কিন্তু আপুনি জানেনে যে, আমিৰ খানৰ বিৰুদ্ধে উঠিছিল এটা বিস্ফোৰক অভিযোগ। সাংবাদিকৰ সৈতে দিনৰ পাছত দিন ধৰি যৌন সম্ভোগৰ খবৰ ওলাইছিল। সাংবাদিকগৰাকীৰ সৈতে  এটা পুত্ৰ সন্তানৰ পিতৃ হোৱা বুলিও খবৰ ওলাইছিল।আমিৰ-জেছিকাৰ এই সন্তানৰ নাম ৰখা হৈছিল জান। তাৰপাছত কি ঘটিছিল? 

বলীউডৰ গুঞ্জন অনুসৰি, ব্ৰিটিছ সাংবাদিক জেছিকা হাইনসৰ সৈতে এসময়ত প্ৰেমৰ সম্পৰ্ক আছিল আমিৰৰ। তেওঁলোকে আনকি এসময়ত একেলগেও আছিল হেনো। শুনিবলৈ পোৱা মতে, এনে অৱস্থাত অন্তঃসত্ত্বা হৈ পৰিছিল জেছিকা।
জেছিকাৰ ঘনিষ্ঠ মহলে জনোৱা অনুসৰি, সেই সময়ত আমিৰ খানে হেনো সন্তান বিচৰা নাছিল। সম্পৰ্ক বজাই ৰাখিবলৈ হ’ল সন্তান নষ্ট কৰিব লাগিব  বুলিও হেনো চৰ্ত ৰাখিছিল আমিৰ খানে।

কিন্তু সম্পৰ্কক জলাঞ্জলি দি জেছিকাই বিচাৰিছিল সন্তান।সন্তানৰ জন্ম হ’ল। নাম ৰাখিলে জান। সন্তানৰ জন্মৰ পাছতে আমিৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল জেছিকাই। গৰ্ভৱতী অৱস্থাত আমিৰে জেছিকৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে নিজ সন্তানক মান্যতা দিয়াৰ পৰাও বিৰত আছিল হেনো আমিৰে। সকলো কথা কেৱল এক হনুবাৰ্তা বুলি উৰুৱায় দিছিল অভিনেতা আমিৰে।

কিন্তু ২০১৫ চনত নিজ সন্তানৰ প্ৰসংগত মুখ খুলিছিল  জেছিকাই। দিছিল সন্তান ডাঙৰ হোৱাৰ বাৰ্তা। বিখ্যাত আলোচনী ‘ভোগ’তো এগৰাকী মডেল হিচাপে কাম কৰিছে জেছিকাই। জান আমিৰ-জেছিকাৰ লাভ চাইল্ড হয় নে নহয় এই কথা আজিও ৰহস্যৰ আৱৰ্তত। কিন্তু জানৰ মুখৰ আকাৰ, শাৰীৰিক গঠন যে আমিৰৰ সৈতে বহু খিনি মিল পোৱা বুলি সদৰী কৰিছে আমিৰ অনুৰাগীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান