--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমৃদ্ধিৰ ক্ষেত্ৰত কাছই এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। কাছ হৈছে বিশ্বৰ দীৰ্ঘজীৱী প্রাণীসমূহৰ ভিতৰত অন্যতম। কাছৰ সৰ্বাধিক জীৱনকাল ৩০০ বছৰ অথবা তাতোকৈয়ো বেছি হ'ব পাৰে। অৰ্থাৎ‍ একোটা কাছই মানুহৰ কেইবাটাও প্ৰজন্মৰ সংস্পৰ্শলৈ আহিব পাৰে। সেয়ে কাছক দীর্ঘায়ুৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। 

ফেংছুইৰ মতে কাছৰ দেহৰ পৰা বিচ্ছুৰিত শক্তিয়ে মানুহৰ আয়ুস বৃদ্ধি কৰে। জীৱন্ত কাছ যিহেতু মানুহে ঘৰত ৰখাটো সম্ভৱ নহয়, সেয়ে কাছৰ মূৰ্তি ঘৰত ৰাখিলেও মানুহে সুফল লাভ কৰিব পাৰে। কাঠ, বাঁহ, ধাতু আদিৰে নিৰ্মাণ কৰা কাছৰ মূৰ্তি ঘৰৰ নিৰ্দিষ্ট স্থানত ৰাখিব লাগে। ফেংছুইৰ মতে উত্তৰ দিশটো হ'ল জল তথা সৌভাগ্যৰ অৱস্থানৰ দিশ ।

কাছ যিহেতু পানীত থাকে, সেইবাবে ঘৰৰ উত্তৰ দিশত কাছৰ মূৰ্তি স্থাপন কৰিলে ঘৰৰ সদস্যসকলে দীর্ঘজীৱন লাভ কৰাৰ লগতে সৌভাগ্য বৃদ্ধি পায়। একেদৰে ঘৰৰ ভিতৰৰ উত্তৰ দিশত কোনো পানীপূৰ্ণ পাত্ৰত কাছৰ মূৰ্তি ৰাখিলেও একে শুভ ফলেই লাভ কৰা যায়। 

আপোনাৰ শোৱনি কোঠাটো যদি উত্তৰ দিশে স্থপন কৰা হয় তেন্তে তেনে শোৱনি কোঠাৰ ভিতৰত পানীপূৰ্ণ পাত্ৰত কাছৰ মূৰ্তি ৰখাৰ সলনি মূৰ্তিটো এনেই ৰাখিলে সুফল পোৱা যাব। কাৰণ শোৱনি কোঠাত কেতিয়াও পানী ৰাখিব নালাগে। যদি আপোনাৰ ঘৰৰ উত্তৰ দিশে কোনো মুকলি ঠাই থাকে তেন্তে সেই ঠাইত এটা সৰু পুখুৰী অথবা জলাশয় সৃষ্টি কৰি তাত কাছ ৰাখিব পাৰে ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস