--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পিঁয়াজ অবহিনে খাদ্যৰ সোৱাদ অসম্পূৰ্ণ বুলি কোৱা হয়। সেয়েহে ভাৰতীয় লোকৰ প্ৰতিখন ঘৰতে সৰু-ডাঙৰ যিকোনো ব্যঞ্জনতে পিঁয়াজ ব্যৱহাৰ কৰা দেখা যায়। অৱশ্যে এইবোৰৰ বাহিৰেও ঘৰৰ বহু কামত পিঁয়াজ ব্যৱহাৰ কৰিব পাৰি। পিঁয়াজৰ সহায়ত পাকঘৰ, বাথৰুম আৰু বাগিচাৰ মৌলিক সমস্যাবোৰ সমাধান কৰিব পাৰি। লগতে পিঁয়াজে বহুতো ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে জানো আহকচোন পিঁয়াজৰ উপকাৰিতাসমূহৰ বিষয়ে।

 ১. পিঁয়াজে উদ্ভিদক পোক-পৰুৱাৰ পৰা ৰক্ষা কৰে-

গছ-গছনিত হোৱা পোক-পৰুৱা নাশত পিঁয়াজ অতি ফলপ্ৰসূ। সেয়েহে গছ-গছনিৰ পৰা পোক-পৰুৱা নোহোৱা কৰিবলৈ এটা পিঁয়াজ কাটি এচামুচ বেকিংছ’ডা আৰু একাপ পানীৰে পিহি এটা স্প্ৰে প্ৰস্তুত কৰি লওঁক আৰু গছ-গছনিত স্প্ৰে কৰক। দেখিব এনে কৰাৰ ফলত গছ-গছনিত থকা পোক-পৰুৱাবোৰ নোহোৱা হৈ পৰিছে।

 ২. পিঁয়াজে বাথৰুমত হোৱা কীট-প্ৰতংগ নোহোৱা কৰে-

পিঁয়াজৰ এনে বহুতো গুণ আছে যিবোৰ আমি বহুতেই নাজানো। যদি আপুনি বাথৰুমৰ ড্ৰেইনৰ পৰা অহা পোক-পৰুৱা আৰু মাখিৰ বাবে চিন্তিত, তেন্তে পিঁয়াজে আপোনাক সেইবোৰৰ পৰা মুক্তি পোৱাত সহায় কৰিব পাৰে। ইয়াৰ বাবে মাত্ৰ এটা পিয়াঁজ ৩-৪ টুকুৰা কৰি ড্ৰেইনৰ চাৰিওফালে পেলাই দিয়ক। পিঁয়াজৰ গোন্ধত পোকবোৰ নলাৰ পৰা লাহে লাহে নোহোৱা হৈ পৰিব।

৩. চৰ্দি ৰোধ কৰাত পিঁয়াজ সহায়ক-

পিঁয়াজৰ সোৱাদ গৰম বাবে চৰ্দি আৰু জ্বৰৰ পৰা সহজে উপশম দিব পাৰে। ইয়াৰ উপৰি ই আপোনাক যিকোনো ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰি শৰীৰক ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ