--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ শনিবাৰে বিয়লি ৬ বজাত অন্ত পৰে। ৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সংসদীয় সমষ্টিৰ বাবে ২,১০৫গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল৷ তেওঁলোকৰ মাজৰে ৯০৪ গৰাকী প্ৰাৰ্থী শেষলৈ নিৰ্বাচনী যুঁজত বৰ্তি থাকে।  আজি উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ তেৰখন আসন, পশ্চিম বংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ছখন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু চণ্ডীগড়ৰ এখন আসন অহা ১ জুনত নি ভোটগ্ৰহণ কৰা হয় ।

 ইয়াৰ উপৰি ওড়িশাৰ ৪২খন বিধানসভাৰ আসনতো নিৰ্বাচন অনুষ্ঠিত হয় । ৪ জুনত অনুষ্ঠিত হ’ব ভোটগণনা। আজি ভোটগ্ৰহণ  অনুষ্ঠিত হোৱা সমষ্টি কেইটাত   বিয়লি ৭ বজালৈকে৫৯.০৩শতাংশ ভোটদান হয় ৷ 

৭ বজালৈকে সৰ্বাধিক ভোটদান হৈছে পশ্চিম বংগত। বংগত এই সময়ছোৱাৰ ভিতৰত ভোটদানৰ হাৰ হৈছে  ৬৯.৮৯ %।বিহাৰত সৰ্বনিম্ন ৪৯.৪২ শতাংশ ভোটদান হয়।  পশ্চিম বংগত আজি ৯ খন আসনত ভোটদান হয়। মোদীৰ সমষ্টি বাৰানসীত সন্ধিয়া ৭ বজালৈকে পোৱা তথ্য অনুসৰি   ৫৬.৩৫ শতাংশ ভোটদান হয় ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু