--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ত জামিনৰ ম্যাদ আৰু ৭ দিনলৈ বৃদ্ধি কৰিবলৈ চেষ্টা চলায়ো বিফল হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনৰ ম্যাদ অৱশেষত উকলি গ’ল। দিল্লীৰ আবকাৰী কেলেংকাৰিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা কেজৰিৱালে সেয়ে দেওবাৰে তিহাৰ কাৰাগাৰত আত্মসমৰ্পন কৰিব। আত্মসমৰ্পনৰ পূৰ্বে কেজৰিৱালে টুইটাৰত লিখিছে- মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ২১ দিনৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ বাবে ওলাই আহিছিলো। সন্মানীয় উচ্চতম ন্যায়ালয়লৈ বহুত বহুত ধন্যবাদ।আজি মই তিহাৰলৈ গৈ আত্মসমৰ্পণ কৰিম।

 দুপৰীয়া ৩ বজাত ঘৰৰ পৰা ওলাই যাম। প্ৰথমে ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাম। তাৰ পৰা মই কনট প্লেচত থকা হনুমান মন্দিৰলৈ গৈ হনুমান জীৰ আশীৰ্বাদ বিচাৰিম আৰু তাৰ পৰা দলৰ কাৰ্যালয়লৈ গৈ সকলো কৰ্মী আৰু দলৰ নেতাক লগ কৰিম। তাৰ পৰা মই আকৌ তিহাৰলৈ ৰাওনা হ'ম।আপোনালোক সকলোৱে নিজৰ যত্ন লওক। যদি আপোনালোক সুখী  হৈ থাকে তেন্তে আপোনালোকৰ  কেজৰিৱালো  জে’লত সুখী হব।’’

 উল্লেখ্য দিল্লীৰ আবকাৰী নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক  গ্ৰেপ্তাৰৰ ৫০ দিনৰ পিছত  উচ্চতম ন্যায়ালয়ে চৰ্ত সাপেক্ষ  জামিন প্ৰদান কৰিছিল। উচ্চতম ন্যায়ালয়ে  কেজৰিৱালক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। অৱশ্যে উচ্চতম ন্যায়ালয়ে তেওঁক সময়সীমা উকলি যোৱাৰ পিছতেই  কাৰাগাৰ কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল। উচ্চতম ন্যায়ালয়ে এইবুলি স্পষ্ট কৰি দিছিল যে কেজৰিৱালক জামিন প্ৰদান কৰিলেও তেওঁ মুখ্যমন্ত্ৰী হিচাবে চৰকাৰী কাম-কাজ পৰিচালনা কৰিব নোৱাৰিব। মূলতঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবেই কেজৰিৱালক জামিন প্ৰদান কৰা হৈছিল।  আবকাৰী নীতি  দুৰ্নীতিৰ গোচৰ সন্দৰ্ভত ২১ মাৰ্চত ইডিয়ে কেজৰিৱালক জিম্মাত লৈছিল। দুসপ্তাহ পিছত  তেওঁক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।  

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চতম  ন্যায়ালয়ত  ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল। জৰিৱালৰ অধিবক্তা অভিষেক মনু সিংভিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক নিৰ্বাচনৰ ফলাফলৰ দিনলৈকে জামিন দিয়াৰ দাবী জনাইছিল। কিন্তু ২ জুনত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ