--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ত জামিনৰ ম্যাদ আৰু ৭ দিনলৈ বৃদ্ধি কৰিবলৈ চেষ্টা চলায়ো বিফল হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনৰ ম্যাদ অৱশেষত উকলি গ’ল। দিল্লীৰ আবকাৰী কেলেংকাৰিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা কেজৰিৱালে সেয়ে দেওবাৰে তিহাৰ কাৰাগাৰত আত্মসমৰ্পন কৰিব। আত্মসমৰ্পনৰ পূৰ্বে কেজৰিৱালে টুইটাৰত লিখিছে- মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ২১ দিনৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ বাবে ওলাই আহিছিলো। সন্মানীয় উচ্চতম ন্যায়ালয়লৈ বহুত বহুত ধন্যবাদ।আজি মই তিহাৰলৈ গৈ আত্মসমৰ্পণ কৰিম।

 দুপৰীয়া ৩ বজাত ঘৰৰ পৰা ওলাই যাম। প্ৰথমে ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাম। তাৰ পৰা মই কনট প্লেচত থকা হনুমান মন্দিৰলৈ গৈ হনুমান জীৰ আশীৰ্বাদ বিচাৰিম আৰু তাৰ পৰা দলৰ কাৰ্যালয়লৈ গৈ সকলো কৰ্মী আৰু দলৰ নেতাক লগ কৰিম। তাৰ পৰা মই আকৌ তিহাৰলৈ ৰাওনা হ'ম।আপোনালোক সকলোৱে নিজৰ যত্ন লওক। যদি আপোনালোক সুখী  হৈ থাকে তেন্তে আপোনালোকৰ  কেজৰিৱালো  জে’লত সুখী হব।’’

 উল্লেখ্য দিল্লীৰ আবকাৰী নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক  গ্ৰেপ্তাৰৰ ৫০ দিনৰ পিছত  উচ্চতম ন্যায়ালয়ে চৰ্ত সাপেক্ষ  জামিন প্ৰদান কৰিছিল। উচ্চতম ন্যায়ালয়ে  কেজৰিৱালক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। অৱশ্যে উচ্চতম ন্যায়ালয়ে তেওঁক সময়সীমা উকলি যোৱাৰ পিছতেই  কাৰাগাৰ কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল। উচ্চতম ন্যায়ালয়ে এইবুলি স্পষ্ট কৰি দিছিল যে কেজৰিৱালক জামিন প্ৰদান কৰিলেও তেওঁ মুখ্যমন্ত্ৰী হিচাবে চৰকাৰী কাম-কাজ পৰিচালনা কৰিব নোৱাৰিব। মূলতঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবেই কেজৰিৱালক জামিন প্ৰদান কৰা হৈছিল।  আবকাৰী নীতি  দুৰ্নীতিৰ গোচৰ সন্দৰ্ভত ২১ মাৰ্চত ইডিয়ে কেজৰিৱালক জিম্মাত লৈছিল। দুসপ্তাহ পিছত  তেওঁক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।  

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চতম  ন্যায়ালয়ত  ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল। জৰিৱালৰ অধিবক্তা অভিষেক মনু সিংভিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক নিৰ্বাচনৰ ফলাফলৰ দিনলৈকে জামিন দিয়াৰ দাবী জনাইছিল। কিন্তু ২ জুনত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু