--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেয়া কলেষ্টেৰল বা হাই কলেষ্টেৰল আমাৰ শৰীৰৰ বাবে এক ডাঙৰ ভাবুকি কাৰণ ইয়াৰ ফলত হৃদৰোগ হয়, আৰু ইয়াৰ বাবে বহুতে প্ৰাণ হেৰুৱাবলগীয়া হয়। সেইবাবেই আমি সকলো প্ৰচেষ্টা চলোৱা উচিত যাৰ দ্বাৰা কলেষ্টেৰল হ্ৰাস কৰিব পৰা যায়। আদা ব্যৱহাৰ কৰি হাই কলেষ্টেৰল ৰুধিব পাৰি।

হাই কলেষ্টেৰল আদাৰে কেনেকৈ বাধা দিব জানো আহক

১) স্বাস্থ্যৰ প্ৰতি সচেতন লোকে নেমু আৰু আদাৰ চাহ খাব লাগিব। ই হাই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। এইবিধ চাহ দৈনিক ২ৰ পৰা ৩ বাৰ খাব লাগিব। কিছুদিনৰ পিছত ইয়াৰ প্ৰভাৱ দেখা যাব।

২) আদা পোনপটীয়াকৈ চোবাইও কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰিব পাৰি। এনেদৰে খালে চৰ্দি আৰু কাহৰ পৰাও মুক্তি পাব পাৰি।

৩) আদা টুকুৰা টুকুৰকৈ কাটি কেইবাদিনো ৰ’দত শুকুৱাই লোৱাৰ পিছত মিক্সাৰত পিহি গুড়ি তৈয়াৰ কৰিব লাগে। পানীৰ লগত মিহলাই ৰাতিপুৱা খাব লাগে। ইয়াৰ ফলত হাই কলেষ্টেৰলৰ আশংকা হ্ৰাস পাব পাৰে।

৪) যদি আপুনি নিয়মিতভাৱে আদাৰ পানী খায়, তেন্তে বেয়া কলেষ্টেৰল ক্ৰমান্বয়ে কমি যায়। ইয়াৰ বাবে খাদ্য খোৱাৰ পিছত আদাৰ পানী আধা কাপ খাব লাগে। ইয়াৰ বাবে আদা এটুকুৰা গৰম পানীত প্ৰায় ১৫ মিনিট উতলাই তাৰ পিছত ফিল্টাৰ কৰি খাব লাগে।

৫) আদা, নহৰু আৰু নেমুৰ পানী দিনটোত এবাৰ বা দুবাৰ খাব লাগিব। এই পানী প্ৰস্তুত কৰিবলৈ একাপ পানী লৈ নহৰু আৰু আদা দি উতলাই ল’ব। এতিয়া ইয়াৰ পানী ফিল্টাৰ কৰি নেমুৰ ৰসৰ লগত মিহলাই খাব। কেইদিনমানৰ ভিতৰতে কলেষ্টেৰলৰ বিৰুদ্ধে ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু