--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হৃদৰোগ হৈছে জীৱনশৈলীৰ লগত জড়িত ৰোগ। ভুল জীৱনশৈলীৰ বাবে ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মেদবহুলতা আদি ৰোগৰ সৃষ্টি হয়। এইবোৰৰ প্ৰত্যক্ষ সংযোগ হৃদযন্ত্ৰৰ সৈতে জড়িত হোৱাৰ ফলত হাৰ্ট এটেক হোৱাৰ আগতে হৃদযন্ত্ৰই বহুতো ইংগিত দিয়ে। সেয়েহে আওকাণ নকৰি সময় থাকোতেই চিনাক্ত কৰি হাৰ্ট এটেকৰ পৰা নিজকে কেনেদৰে ৰক্ষা কৰিব পাৰি জানো আহক।

 ৫০০গৰাকী মহিলাৰ ওপৰত চলোৱা হৈছিল গৱেষণা-

অধ্যয়নত প্ৰকাশ পাইছে যে হাৰ্ট এটেকৰ পূৰ্বে বহু ধৰণৰ লক্ষণ দেখা দিয়ে। এই গৱেষণাত ৫০০ৰো অধিক মহিলাক অন্তৰ্ভুক্ত কৰা হৈছিল। এই মহিলাসকলৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা আছিল। কিন্তু বিশেষজ্ঞজনে তেওঁলোকৰ লক্ষণ দেখাৰ পাছত চিকিৎসা আৰম্ভ কৰে। হাৰ্ট এটেকৰ পৰা ৰক্ষা পৰে মহিলাসকল। গৱেষণাৰ সৈতে জড়িত ৯৫ শতাংশ মহিলাই কয় যে হাৰ্ট এটেকৰ এমাহ আগতে তেওঁলোকে সুস্থ অনুভৱ কৰা নাছিল। ৭১ শতাংশই ভাগৰুৱা অনুভৱ কৰাটো এটা সাধাৰণ লক্ষণ বুলি কয়, ৪৮ শতাংশই কয় যে তেওঁলোকৰ টোপনি অহাত অসুবিধা হৈছিল। একাংশ মহিলাই বুকুৰ বিষত আক্ৰান্ত হৈছিল।

 এই ১২টা হৃদযন্ত্ৰৰ লক্ষণ হ’ল-

১. অস্বাভাৱিক ভাগৰুৱা অনুভৱ

২. মন অস্থিৰ হোৱা

৩. শ্বাস-প্ৰশ্বাসত সমস্যা হোৱা

৪. বদহজম

৫. উদ্বেগ

৬. হৃদস্পন্দন বৃদ্ধি পোৱা

৭. হাতৰ দুৰ্বলতা অনুভৱ কৰা

৮. চিন্তা শক্তিত প্ৰভাৱ

৯. দৃষ্টিশক্তিৰ পৰিৱৰ্তন

১০. ভোক কমি যোৱা

১১. হাতত ঝিনঝিন অনুভৱ কৰা

১২. নিশা উশাহ লোৱাত অসুবিধা হোৱা

 প্ৰতি বছৰে ১.৭ কোটি লোকৰ মৃত্যু হয়-

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি বিশ্বত প্ৰতি বছৰে প্ৰায় এক কোটি ৭০ লাখ লোকৰ হৃদৰোগৰ ফলত মৃত্যু হয়। হাৰ্ট এটেক আৰু হাৰ্ট ষ্ট্ৰোকৰ বাবে হৃদযন্ত্ৰৰ সমস্যাত মৃত্যু হয় অধিকাংশৰ। চিকিৎসকে কয় যে হৃদৰোগ নীৰৱ হত্যাকাৰী। কাৰণ সাধাৰণতে হাৰ্ট এটেকৰ লগত জড়িত কোনো লক্ষণ নাথাকে। ভাৰততো লাখ লাখ হৃদৰোগী আছে।

 সাত সাৰিবলৈ যত্ন লওক-

লক্ষণ দেখাৰ লগে লগে চিকিৎসকৰ কাষ চাপক। ইয়াৰ বাহিৰেও ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰক। ৰক্তচাপ উচ্চ হৈ থাকিব নালাগে। উচ্চ কলেষ্টেৰলৰ পৰীক্ষাও কৰক। এই ৰোগবোৰে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ উপৰি মেদবহুলতা, ধূমপান, জাংকফুড, মদ খোৱা আদি অভ্যাসবোৰো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে বিপজ্জনক হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক