--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হৃদৰোগ হৈছে জীৱনশৈলীৰ লগত জড়িত ৰোগ। ভুল জীৱনশৈলীৰ বাবে ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মেদবহুলতা আদি ৰোগৰ সৃষ্টি হয়। এইবোৰৰ প্ৰত্যক্ষ সংযোগ হৃদযন্ত্ৰৰ সৈতে জড়িত হোৱাৰ ফলত হাৰ্ট এটেক হোৱাৰ আগতে হৃদযন্ত্ৰই বহুতো ইংগিত দিয়ে। সেয়েহে আওকাণ নকৰি সময় থাকোতেই চিনাক্ত কৰি হাৰ্ট এটেকৰ পৰা নিজকে কেনেদৰে ৰক্ষা কৰিব পাৰি জানো আহক।

 ৫০০গৰাকী মহিলাৰ ওপৰত চলোৱা হৈছিল গৱেষণা-

অধ্যয়নত প্ৰকাশ পাইছে যে হাৰ্ট এটেকৰ পূৰ্বে বহু ধৰণৰ লক্ষণ দেখা দিয়ে। এই গৱেষণাত ৫০০ৰো অধিক মহিলাক অন্তৰ্ভুক্ত কৰা হৈছিল। এই মহিলাসকলৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা আছিল। কিন্তু বিশেষজ্ঞজনে তেওঁলোকৰ লক্ষণ দেখাৰ পাছত চিকিৎসা আৰম্ভ কৰে। হাৰ্ট এটেকৰ পৰা ৰক্ষা পৰে মহিলাসকল। গৱেষণাৰ সৈতে জড়িত ৯৫ শতাংশ মহিলাই কয় যে হাৰ্ট এটেকৰ এমাহ আগতে তেওঁলোকে সুস্থ অনুভৱ কৰা নাছিল। ৭১ শতাংশই ভাগৰুৱা অনুভৱ কৰাটো এটা সাধাৰণ লক্ষণ বুলি কয়, ৪৮ শতাংশই কয় যে তেওঁলোকৰ টোপনি অহাত অসুবিধা হৈছিল। একাংশ মহিলাই বুকুৰ বিষত আক্ৰান্ত হৈছিল।

 এই ১২টা হৃদযন্ত্ৰৰ লক্ষণ হ’ল-

১. অস্বাভাৱিক ভাগৰুৱা অনুভৱ

২. মন অস্থিৰ হোৱা

৩. শ্বাস-প্ৰশ্বাসত সমস্যা হোৱা

৪. বদহজম

৫. উদ্বেগ

৬. হৃদস্পন্দন বৃদ্ধি পোৱা

৭. হাতৰ দুৰ্বলতা অনুভৱ কৰা

৮. চিন্তা শক্তিত প্ৰভাৱ

৯. দৃষ্টিশক্তিৰ পৰিৱৰ্তন

১০. ভোক কমি যোৱা

১১. হাতত ঝিনঝিন অনুভৱ কৰা

১২. নিশা উশাহ লোৱাত অসুবিধা হোৱা

 প্ৰতি বছৰে ১.৭ কোটি লোকৰ মৃত্যু হয়-

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি বিশ্বত প্ৰতি বছৰে প্ৰায় এক কোটি ৭০ লাখ লোকৰ হৃদৰোগৰ ফলত মৃত্যু হয়। হাৰ্ট এটেক আৰু হাৰ্ট ষ্ট্ৰোকৰ বাবে হৃদযন্ত্ৰৰ সমস্যাত মৃত্যু হয় অধিকাংশৰ। চিকিৎসকে কয় যে হৃদৰোগ নীৰৱ হত্যাকাৰী। কাৰণ সাধাৰণতে হাৰ্ট এটেকৰ লগত জড়িত কোনো লক্ষণ নাথাকে। ভাৰততো লাখ লাখ হৃদৰোগী আছে।

 সাত সাৰিবলৈ যত্ন লওক-

লক্ষণ দেখাৰ লগে লগে চিকিৎসকৰ কাষ চাপক। ইয়াৰ বাহিৰেও ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰক। ৰক্তচাপ উচ্চ হৈ থাকিব নালাগে। উচ্চ কলেষ্টেৰলৰ পৰীক্ষাও কৰক। এই ৰোগবোৰে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ উপৰি মেদবহুলতা, ধূমপান, জাংকফুড, মদ খোৱা আদি অভ্যাসবোৰো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে বিপজ্জনক হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু