--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতৰ বতৰ আপোনাৰ বাবে কষ্টদায়ক নেকি? আপুনি প্ৰায়ে লক্ষ্য কৰিছেনে যে তাপমাত্ৰা কমিবলৈ আৰম্ভ কৰাৰ লগে লগে আপোনাৰ আঁঠু, আঙুলি, কান্ধৰ গাঁঠি আদিৰ বিষ বাঢ়িবলৈ আৰম্ভ কৰে? শীতকালত গাঁঠিৰ বিষ বৃদ্ধি হোৱাটো অতি সাধাৰণ কথা। শীতকাল আৰম্ভ হোৱাৰ লগে লগে গাঁঠিৰ বিষ এটা নিয়মীয়া সমস্যাত পৰিণত হয়।

 শীতকালত গাঁঠিৰ বিষ কিয় বাঢ়ে?

চিকিৎসকৰ মতে, শীতকালত গাঁঠিৰ বিষ অনুভৱ কৰাৰ এটা প্ৰধান কাৰণ হ’ল ৰ’দৰ অভাৱ, যিয়ে শৰীৰত ভিটামিন-ডি যোগান ধৰে। ভিটামিন-ডিয়ে গাঁঠি, হাড় আৰু পেশী সুস্থ কৰি ৰখাত সহায় কৰে। এইদৰে শীতকালত ভিটামিন-ডিৰ মাত্ৰা কম হোৱাটো গাঁঠি বিষৰ অন্যতম কাৰণ। আন এটা কাৰণ হ’ব পাৰে শীতকালত উষ্ণতা কমি যোৱা, যাৰ বাবে বেৰ’মেট্ৰিক চাপো যথেষ্ট কমি যায়।

 বিষৰ পৰা সকাহ পাবলৈ এই পদ্ধতি অনুসৰণ কৰক-

১) শাৰীৰিকভাৱে সক্ৰিয় হওক :- শীতকালত ব্যায়ামে গাঁঠিৰ বিষ নিৰাময়ত সহায় কৰে। যদি আপুনি সঘনাই ব্যায়াম কৰে, তেন্তে গাঁঠিবোৰ নমনীয় আৰু কোমল হৈ থাকিব। তদুপৰি ব্যায়ামে তেজৰ সোঁত বৃদ্ধি কৰে আৰু গাঁঠিবোৰ তৈলাক্ত কৰাত সহায় কৰে। ব্যায়াম কেৱল আপোনাৰ গাঁঠিৰ বাবেই উপকাৰী নহয়, ইয়াৰ দ্বাৰা আপোনাৰ সামগ্ৰিক শাৰীৰিক আৰু মানসিক স্বাস্থ্যও উপকৃত হ’ব।

 ২) শৰীৰটো গৰম কৰি ৰাখক :- শীতকালত কম উষ্ণতাই গাঁঠি বিষৰ কাৰণ হ’ব পাৰে। গতিকে গৰম হৈ থকাটো সমস্যাৰ অন্যতম স্পষ্ট সমাধান। গৰম কাপোৰৰ পিন্ধি বা ইলেক্ট্ৰিক হিটাৰ থাকিলে কোঠাবোৰ গৰম কৰিও গাঁঠি বিষ উপশম পাব পাৰে।

 ৩) সুষম খাদ্য গ্ৰহণ কৰক :-হাইড্ৰেছনৰ ফলতো পেশীৰ বিষৰ সৃষ্টি কৰিব পাৰে। হাড় আৰু গাঁঠিৰ বাবে স্বাস্থ্যসন্মত আৰু সুষম খাদ্য গ্ৰহণ কৰিব লাগে, য’ত আপোনাৰ হাড়ৰ বাবে প্ৰয়োজনীয় পৰ্যাপ্ত পৰিমাণৰ পুষ্টি আৰু খনিজ পদাৰ্থ থাকে। শীতকালত ৰিফাইন কাৰ্বহাইড্ৰেট, প্ৰচেছড খাদ্য, অত্যধিক নিমখ আৰু অত্যধিক চেনি সেৱন কৰাটোও পৰিহাৰ কৰিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক