--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতৰ বতৰ আপোনাৰ বাবে কষ্টদায়ক নেকি? আপুনি প্ৰায়ে লক্ষ্য কৰিছেনে যে তাপমাত্ৰা কমিবলৈ আৰম্ভ কৰাৰ লগে লগে আপোনাৰ আঁঠু, আঙুলি, কান্ধৰ গাঁঠি আদিৰ বিষ বাঢ়িবলৈ আৰম্ভ কৰে? শীতকালত গাঁঠিৰ বিষ বৃদ্ধি হোৱাটো অতি সাধাৰণ কথা। শীতকাল আৰম্ভ হোৱাৰ লগে লগে গাঁঠিৰ বিষ এটা নিয়মীয়া সমস্যাত পৰিণত হয়।

 শীতকালত গাঁঠিৰ বিষ কিয় বাঢ়ে?

চিকিৎসকৰ মতে, শীতকালত গাঁঠিৰ বিষ অনুভৱ কৰাৰ এটা প্ৰধান কাৰণ হ’ল ৰ’দৰ অভাৱ, যিয়ে শৰীৰত ভিটামিন-ডি যোগান ধৰে। ভিটামিন-ডিয়ে গাঁঠি, হাড় আৰু পেশী সুস্থ কৰি ৰখাত সহায় কৰে। এইদৰে শীতকালত ভিটামিন-ডিৰ মাত্ৰা কম হোৱাটো গাঁঠি বিষৰ অন্যতম কাৰণ। আন এটা কাৰণ হ’ব পাৰে শীতকালত উষ্ণতা কমি যোৱা, যাৰ বাবে বেৰ’মেট্ৰিক চাপো যথেষ্ট কমি যায়।

 বিষৰ পৰা সকাহ পাবলৈ এই পদ্ধতি অনুসৰণ কৰক-

১) শাৰীৰিকভাৱে সক্ৰিয় হওক :- শীতকালত ব্যায়ামে গাঁঠিৰ বিষ নিৰাময়ত সহায় কৰে। যদি আপুনি সঘনাই ব্যায়াম কৰে, তেন্তে গাঁঠিবোৰ নমনীয় আৰু কোমল হৈ থাকিব। তদুপৰি ব্যায়ামে তেজৰ সোঁত বৃদ্ধি কৰে আৰু গাঁঠিবোৰ তৈলাক্ত কৰাত সহায় কৰে। ব্যায়াম কেৱল আপোনাৰ গাঁঠিৰ বাবেই উপকাৰী নহয়, ইয়াৰ দ্বাৰা আপোনাৰ সামগ্ৰিক শাৰীৰিক আৰু মানসিক স্বাস্থ্যও উপকৃত হ’ব।

 ২) শৰীৰটো গৰম কৰি ৰাখক :- শীতকালত কম উষ্ণতাই গাঁঠি বিষৰ কাৰণ হ’ব পাৰে। গতিকে গৰম হৈ থকাটো সমস্যাৰ অন্যতম স্পষ্ট সমাধান। গৰম কাপোৰৰ পিন্ধি বা ইলেক্ট্ৰিক হিটাৰ থাকিলে কোঠাবোৰ গৰম কৰিও গাঁঠি বিষ উপশম পাব পাৰে।

 ৩) সুষম খাদ্য গ্ৰহণ কৰক :-হাইড্ৰেছনৰ ফলতো পেশীৰ বিষৰ সৃষ্টি কৰিব পাৰে। হাড় আৰু গাঁঠিৰ বাবে স্বাস্থ্যসন্মত আৰু সুষম খাদ্য গ্ৰহণ কৰিব লাগে, য’ত আপোনাৰ হাড়ৰ বাবে প্ৰয়োজনীয় পৰ্যাপ্ত পৰিমাণৰ পুষ্টি আৰু খনিজ পদাৰ্থ থাকে। শীতকালত ৰিফাইন কাৰ্বহাইড্ৰেট, প্ৰচেছড খাদ্য, অত্যধিক নিমখ আৰু অত্যধিক চেনি সেৱন কৰাটোও পৰিহাৰ কৰিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু