--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেদ হ্ৰাস কৰিবলৈ বহুতেই বহু চেষ্টা কৰে।  শৰীৰটো কিদৰে মেদমুক্ত কৰি ৰাখিব তাৰ বহু পদ্ধতি আছে। নিয়মিত ঘৰতে শৰীৰ চৰ্চা কৰাৰ লগতে পুৱাই এবিধ বিশেষ পানীয় খালেও কম দিনতে মেদ বা চৰ্বি কমি যাব।আয়ুৰ্বেদ শাস্ত্ৰত  চফগুটিৰ বিভিন্ন গুণাগুণৰ কথা উল্লেখ কৰা হৈছে।প্ৰতিদিনে চফগুটি(বহুতে গুৱামৰি বুলি কয়)  খালে দেহৰ চৰ্বি কমি যোৱাৰ লগতে হজম শক্তিও বৃদ্ধি পায়। চফ গুটি এক কথাত  স্বাস্থ্যৰ বাবে অতি ভাল।

চফগুটিত থকা পদাৰ্থই শৰীৰৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে। ৰাতি চফগুটি পানীত তিয়াই থৈ পুৱা পানীখিনি চেকিলৈ খালী পেটত খালে কম দিনৰ ভিতৰতে শৰীৰৰ মেদ কমি যায়। চফগুটিয়ে  শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থ শোষণৰ হাৰ বৃদ্ধি কৰাত সহায় কৰে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে। চফগুটিয়ে   বুকু জ্বলা, গেছ, পেটৰ বিষ আৰু বদহজম ৰোধ কৰাত সহায় কৰে। চফগুটিত ইষ্ট্ৰাগোল, ফেঞ্চন আৰু এনিথল নামৰ পদাৰ্থ থকাৰ বাবে ই শৰীৰৰ বাবে প্ৰয়োজনীয়  এনজাইম নিঃসৰণত সহায় কৰে। 

 উচ্চ ৰক্তচাপৰ সমস্যা থকাসকলেও  প্ৰতিদিনে চফগুটি  খালে ৰক্তচাপ নিয়মীয়া কৰি ৰখাত সহায়ক হয়। 
যদি আপুনি দুপৰীয়া  আৰু নিশা গধুৰ আহাৰ গ্ৰহণ কৰাৰ পিছত চফ গুটি  নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰে, তেন্তে শৰীৰৰ বহু ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰিব। ইয়াৰ বাহিৰেও বহুলোকে খোৱাৰ পিছত মুখ খন ভাল লাগিবলৈ  কিবা খাব বিচাৰে। এই ক্ষেত্ৰত চফগুটি খাব পৰা যায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক