--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেদ হ্ৰাস কৰিবলৈ বহুতেই বহু চেষ্টা কৰে।  শৰীৰটো কিদৰে মেদমুক্ত কৰি ৰাখিব তাৰ বহু পদ্ধতি আছে। নিয়মিত ঘৰতে শৰীৰ চৰ্চা কৰাৰ লগতে পুৱাই এবিধ বিশেষ পানীয় খালেও কম দিনতে মেদ বা চৰ্বি কমি যাব।আয়ুৰ্বেদ শাস্ত্ৰত  চফগুটিৰ বিভিন্ন গুণাগুণৰ কথা উল্লেখ কৰা হৈছে।প্ৰতিদিনে চফগুটি(বহুতে গুৱামৰি বুলি কয়)  খালে দেহৰ চৰ্বি কমি যোৱাৰ লগতে হজম শক্তিও বৃদ্ধি পায়। চফ গুটি এক কথাত  স্বাস্থ্যৰ বাবে অতি ভাল।

চফগুটিত থকা পদাৰ্থই শৰীৰৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে। ৰাতি চফগুটি পানীত তিয়াই থৈ পুৱা পানীখিনি চেকিলৈ খালী পেটত খালে কম দিনৰ ভিতৰতে শৰীৰৰ মেদ কমি যায়। চফগুটিয়ে  শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থ শোষণৰ হাৰ বৃদ্ধি কৰাত সহায় কৰে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে। চফগুটিয়ে   বুকু জ্বলা, গেছ, পেটৰ বিষ আৰু বদহজম ৰোধ কৰাত সহায় কৰে। চফগুটিত ইষ্ট্ৰাগোল, ফেঞ্চন আৰু এনিথল নামৰ পদাৰ্থ থকাৰ বাবে ই শৰীৰৰ বাবে প্ৰয়োজনীয়  এনজাইম নিঃসৰণত সহায় কৰে। 

 উচ্চ ৰক্তচাপৰ সমস্যা থকাসকলেও  প্ৰতিদিনে চফগুটি  খালে ৰক্তচাপ নিয়মীয়া কৰি ৰখাত সহায়ক হয়। 
যদি আপুনি দুপৰীয়া  আৰু নিশা গধুৰ আহাৰ গ্ৰহণ কৰাৰ পিছত চফ গুটি  নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰে, তেন্তে শৰীৰৰ বহু ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰিব। ইয়াৰ বাহিৰেও বহুলোকে খোৱাৰ পিছত মুখ খন ভাল লাগিবলৈ  কিবা খাব বিচাৰে। এই ক্ষেত্ৰত চফগুটি খাব পৰা যায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক