--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনানা কাৰণত  মূৰৰ বিষ হোৱা দেখা যায়৷ পেটত জমা হোৱা গেছৰ  ফলতো বহুতৰে মূৰৰ বিষ হোৱা দেখা যায়। মূৰৰ বিষৰ কাৰণ কোন অংশত বিষ হৈছে সেয়া লক্ষ্য কৰিও বহু সময়ত ধৰিব পাৰি৷  মূৰৰ কোন অংশৰ বিষ কি কাৰণত হ’ব পাৰে সেই বিষয়ত কিছু কথা জানো আহক-

 বহুসময়ত মূৰৰ বিষ ডিঙিৰ পৰা আৰম্ভ হয় আৰু মূৰৰ পিছফাললৈ বিয়পি পৰে। চিকিৎসকসকলে কৈছে যে এইটো চাৰ্ভোজেনিক মূৰৰ বিষৰ লক্ষণ। আন যিকোনো শাৰীৰিক ৰোগৰ বাবে  এনে ধৰণৰ বিষৰ জন্ম দিয়ে। সময়ৰ লগে লগে এই বিষ বৃদ্ধি হয়। শেহতীয়া এক অধ্যয়ন অনুসৰি, এই লক্ষণবোৰ মাইগ্ৰেইনৰ বিষৰ ক্ষেত্ৰতো প্ৰায় একে  হয়। মাইগ্ৰেইনৰ ক্ষেত্ৰত বিষ ডিঙিৰ পিছফালৰ পৰা আৰম্ভ হয়।

যদি মূৰৰ তালুত বিষ হয়, ইয়াক যিকোনো মানসিক চাপ বা উদ্বেগৰ পৰা হোৱা বুলি গণ্য কৰা হয়। বিষৰ তীব্ৰতা মৃদুৰ পৰা মধ্যমীয়া হয়। যেতিয়া কোনো কাৰণত মানসিক চিন্তা হয় তেতিয়াই এনে ধৰণৰ মূৰৰ বিষ হ’ব পাৰে। যদি আপুনি বিশ্ৰাম লয়, যদি আপুনি পৰ্যাপ্ত টোপনি যাব পাৰে তেন্তে এনে বিষৰ পৰা ঔষধ নোখোৱাকৈয়ে যথেষ্ট সকাহপাব পাৰে।

যদি চৰ্দি গোট মাৰি থাকে তেন্তে কপালৰ এপিনে বিষ আৰম্ভ হ’ব পাৰে। এনে অৱস্থাত গুড় খালে জমা হোৱা কফ আদি ওলাই যোৱাত সুবিধা হয়৷ গুড়ে শৰীৰৰ ভিতৰত জমা হোৱা চৰ্দি, ধূলি-মাকতি আদি উলিয়াই দিব পাৰে৷ সেয়ে কয়লা খনিত কাম কৰা লোকসকলক নিয়মিত গুড় খাবলৈ দিয়া হয়৷চৰ্দি ওলাই গ’লে মূৰৰ বিষৰ পৰাও আৰাম পাব৷

মূৰৰ বিষ হ্ৰাস কৰিবলৈ ঔষধ গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। অৱশ্যে কি ঔষধ গ্ৰহণ কৰিব লাগে সেয়া চিকিৎসকৰ পৰা জানি লোৱাটো  প্ৰয়োজন। যদি মূৰৰ বিষ হঠাতে আৰম্ভ হয় আপুনি কোঠাটো আন্ধাৰ কৰি বিশ্ৰাম ল'ব । আপুনি মূৰ আৰু ডিঙিত গৰম বা ঠাণ্ডা পানীও লগাব  পাৰে। এনে কৰিলে বিষ কিছু পৰিমাণে হ্ৰাস হ'ব পাৰে। দীৰ্ঘদিন ধৰি মূৰৰ বিষ হৈ থাকিলে চিকিৎসকৰ কাষ চপাটো উচিৎ৷চফগুটিয়ে  শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থ শোষণৰ হাৰ বৃদ্ধি কৰাত সহায় কৰে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে। চফগুটিয়ে   বুকু জ্বলা, গেছ, পেটৰ বিষ আৰু বদহজম ৰোধ কৰাত সহায় কৰে। চফগুটিত ইষ্ট্ৰাগোল, ফেঞ্চন আৰু এনিথল নামৰ পদাৰ্থ থকাৰ বাবে ই শৰীৰৰ বাবে প্ৰয়োজনীয়  এনজাইম নিঃসৰণত সহায় কৰে। 

 উচ্চ ৰক্তচাপৰ সমস্যা থকাসকলেও  প্ৰতিদিনে চফগুটি  খালে ৰক্তচাপ নিয়মীয়া কৰি ৰখাত সহায়ক হয়। 
যদি আপুনি দুপৰীয়া  আৰু নিশা গধুৰ আহাৰ গ্ৰহণ কৰাৰ পিছত চফ গুটি  নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰে, তেন্তে শৰীৰৰ বহু ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰিব। ইয়াৰ বাহিৰেও বহুলোকে খোৱাৰ পিছত মুখ খন ভাল লাগিবলৈ  কিবা খাব বিচাৰে। এই ক্ষেত্ৰত চফগুটি খাব পৰা যায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক