--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশু আৰু যুৱক-যুৱতীসকলেই নহয়, বৃদ্ধসকলেও ভালপোৱা বর্তমান সময়ৰ অন্যতম প্রিয় খাদ্য পিজ্জা৷ যদিও ই ইটালীৰ খাদ্য, তথাপিও ইয়াক সমগ্ৰ বিশ্বতে ভাল লাগে। পাৰ্টিৰ পৰা অফিচ-কলেজলৈ ট্ৰিট দিয়াৰ কথা আহিলে পিজ্জাৰ নামটো নিশ্চয় মনলৈ আহে, কিন্তু আমি ইয়াক অত্যধিকভাৱে সেৱন কৰা উচিত নহয়, নহ’লে আমাৰ স্বাস্থ্যৰ বহু ধৰণৰ ক্ষতি হয়।

জোখতকৈ অধিক পিজ্জা খোৱাৰ সমস্যা

১/ মেদবহুলতাঃ পিজ্জাত প্ৰায়ে কেলৰি, চেচুৰেটেড আৰু ৰিফাইন কাৰ্বহাইড্ৰেট বেছি থাকে। যদি আপুনি ইয়াক সীমাতকৈ অধিক খায় তেন্তে পেট আৰু কঁকালত থকা চৰ্বি বৃদ্ধি হোৱাটো নিশ্চিত। যদি আপুনি সঠিক শাৰীৰিক কাৰ্য্যকলাপ কৰা নাই তেন্তে আপুনি মেদবহুলতাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

২/ উচ্চ বি পিঃ পিজ্জাত প্ৰচেছড মাংস, পেপাৰ’নি, চচ্চেজ আৰু অতিৰিক্ত পনিৰৰ দৰে বহুতো উপাদান থাকে যিবোৰত নিমখ বেছি থাকে। আমি সকলোৱে জানো যে নিমখ ছডিয়ামৰ এক সমৃদ্ধ উৎস। যদি ইয়াক অত্যধিকভাৱে সেৱন কৰা হয় তেন্তে এজন ব্যক্তি উচ্চ ৰক্তচাপত ভুগিব পাৰে।

৩/ ডায়েবেটিছঃ পিজ্জাৰ আটাত ৰিফাইন কাৰ্বহাইড্ৰেট থাকে, যাৰ ফলত তেজত চেনিৰ মাত্ৰা হঠাতে বৃদ্ধি পোৱাৰ আশংকা সৃষ্টি হয়, যিটো পিছলৈ ডায়েবেটিছলৈ পৰিণত হ’ব পাৰে। 

৪/ হজমৰ সমস্যাঃ বহুতে পিজ্জাৰ সোৱাদ ভাল পায়, যাৰ বাবে মানুহে এবাৰতে ইয়াক অত্যধিকভাৱে সেৱন কৰিবলৈ আৰম্ভ কৰে। যিহেতু ইয়াত অধিক চৰ্বি থাকে, গতিকে ই হজম শক্তিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ ফলত গেছ, বদহজম, কোষ্ঠকাঠিন্য আৰু পেট ফুলা হ’ব পাৰে।

৫/ হাৰ্ট এটেকৰ আশংকাঃ পিজ্জাত বহু ধৰণৰ প্ৰচেছড খাদ্য মিহলি কৰা হয়, যাৰ বাবে উচ্চ ৰক্তচাপৰ সমস্যা হয় যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য নষ্ট কৰে। ইয়াৰ বাবে ভৱিষ্যতে হাৰ্ট এটেক হোৱাৰ আশংকা থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক