--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেশ্যাবৃত্তিত নিয়োজিত নোহোৱা বাবেই হত্যাৰ বলি হ’ল এগৰাকী যুৱতী। যুৱতীগৰাকীয়ে এখন হোটেলত ৰিচেপশ্যনিষ্ট হিচাপে কাম কৰি আছিল। যোৱা ৫ দিন ধৰি নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী। তেওঁৰ নাম অংকিতা ভাণ্ডাৰী (১৯)। উত্তৰাখণ্ডৰ ঋষিকেশ জিলাৰ বনন্তৰা ৰিজ’ৰ্টৰ পৰা নিৰুদ্দেশ হোৱা অংকিতা ভাণ্ডাৰীৰ হত্যাকাণ্ডৰ সৈতে জড়িত বিজেপিৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী বিনোদ আৰ্য্যৰ পুত্ৰ পুলকিত আৰ্য্যসহ তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত অভিযুক্তই তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰিছে।
 
অভিযুক্তসকলে জনোৱা মতে, অংকিতাই ৰিজ’ৰ্টলৈ অহা গ্ৰাহকৰ ওচৰলৈ যাবলৈ অস্বীকাৰ কৰিছিল। ৰিচেপশ্যনিষ্ট অংকিতাক তেওঁলোকে দেহ ব্যৱসায়ত নমাবলৈ চেষ্টা কৰিছিল যদিও অংকিতাই সেই প্ৰস্তাৱ নাকচ কৰিছিল। সেয়ে তেওঁলোকে অংকিতাক হত্যা কৰি চিলা শক্তি খালত পেলাই দিছিল। এতিয়ালৈকে অংকিতাৰ মৃতদেহ উদ্ধাৰ হোৱা নাই। অংকিতাৰ মৃতদেহ উদ্ধাৰ অভিযানত ক্ষীপ্ৰতাৰে নামি পৰিছে আৰক্ষী। 

যমকেশ্বৰ বিধান সভাৰ কৌড়িয়া গাঁৱত অৱস্থিত বনন্তৰা ৰিজ’ৰ্টত কৰ্মৰত অংকিতা ভাণ্ডাৰী সন্দেহজনক পৰিস্থিতিত ১৮ ছেপ্টেম্বৰৰ সন্ধিয়া সন্ধানহীন হৈছিল। বনন্তৰা ৰিজৰ্টৰ স্বত্বাধিকাৰী পুলকিত আৰ্য্য, মেনেজাৰ সৌৰভ ভাস্কৰ আৰু অংকিতে মিলি অংকিতা ভাণ্ডাৰীক হত্যা কৰি তেওঁৰ মৃতদেহ চিলা শক্তি খালত পেলাই দিয়ে। অভিযুক্তই দেখাই দিয়া স্থানৰ ভিত্তিত এছডিআৰএফৰ দলৰ সহযোগত খালটোত উদ্ধাৰ অভিযান চলাই অংকিতা ভাণ্ডাৰীৰ মৃতদেহৰ উদ্ধাৰ অভিযান চলাই আছে আৰক্ষীয়ে।

ইফালে লক্ষ্মণ ঝুলা থানাত উপস্থিত হোৱা অংকিতা ভাণ্ডাৰীৰ আত্মীয় তথা স্থানীয় ৰাইজৰ মাজত ক্ষোভ দেখা গৈছে। ইয়াৰ সমান্তৰালকৈ তেওঁলোকে থানাত শ্ল’গান দি অভিযুক্তক জনসাধাৰণৰ হাতত গতাই দিবলৈ দাবী জনায়। বৰ্তমান আৰক্ষীয়ে অভিযুক্তক কঠোৰ নজৰত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু