--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেশ্যাবৃত্তিত নিয়োজিত নোহোৱা বাবেই হত্যাৰ বলি হ’ল এগৰাকী যুৱতী। যুৱতীগৰাকীয়ে এখন হোটেলত ৰিচেপশ্যনিষ্ট হিচাপে কাম কৰি আছিল। যোৱা ৫ দিন ধৰি নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী। তেওঁৰ নাম অংকিতা ভাণ্ডাৰী (১৯)। উত্তৰাখণ্ডৰ ঋষিকেশ জিলাৰ বনন্তৰা ৰিজ’ৰ্টৰ পৰা নিৰুদ্দেশ হোৱা অংকিতা ভাণ্ডাৰীৰ হত্যাকাণ্ডৰ সৈতে জড়িত বিজেপিৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী বিনোদ আৰ্য্যৰ পুত্ৰ পুলকিত আৰ্য্যসহ তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত অভিযুক্তই তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰিছে।
 
অভিযুক্তসকলে জনোৱা মতে, অংকিতাই ৰিজ’ৰ্টলৈ অহা গ্ৰাহকৰ ওচৰলৈ যাবলৈ অস্বীকাৰ কৰিছিল। ৰিচেপশ্যনিষ্ট অংকিতাক তেওঁলোকে দেহ ব্যৱসায়ত নমাবলৈ চেষ্টা কৰিছিল যদিও অংকিতাই সেই প্ৰস্তাৱ নাকচ কৰিছিল। সেয়ে তেওঁলোকে অংকিতাক হত্যা কৰি চিলা শক্তি খালত পেলাই দিছিল। এতিয়ালৈকে অংকিতাৰ মৃতদেহ উদ্ধাৰ হোৱা নাই। অংকিতাৰ মৃতদেহ উদ্ধাৰ অভিযানত ক্ষীপ্ৰতাৰে নামি পৰিছে আৰক্ষী। 

যমকেশ্বৰ বিধান সভাৰ কৌড়িয়া গাঁৱত অৱস্থিত বনন্তৰা ৰিজ’ৰ্টত কৰ্মৰত অংকিতা ভাণ্ডাৰী সন্দেহজনক পৰিস্থিতিত ১৮ ছেপ্টেম্বৰৰ সন্ধিয়া সন্ধানহীন হৈছিল। বনন্তৰা ৰিজৰ্টৰ স্বত্বাধিকাৰী পুলকিত আৰ্য্য, মেনেজাৰ সৌৰভ ভাস্কৰ আৰু অংকিতে মিলি অংকিতা ভাণ্ডাৰীক হত্যা কৰি তেওঁৰ মৃতদেহ চিলা শক্তি খালত পেলাই দিয়ে। অভিযুক্তই দেখাই দিয়া স্থানৰ ভিত্তিত এছডিআৰএফৰ দলৰ সহযোগত খালটোত উদ্ধাৰ অভিযান চলাই অংকিতা ভাণ্ডাৰীৰ মৃতদেহৰ উদ্ধাৰ অভিযান চলাই আছে আৰক্ষীয়ে।

ইফালে লক্ষ্মণ ঝুলা থানাত উপস্থিত হোৱা অংকিতা ভাণ্ডাৰীৰ আত্মীয় তথা স্থানীয় ৰাইজৰ মাজত ক্ষোভ দেখা গৈছে। ইয়াৰ সমান্তৰালকৈ তেওঁলোকে থানাত শ্ল’গান দি অভিযুক্তক জনসাধাৰণৰ হাতত গতাই দিবলৈ দাবী জনায়। বৰ্তমান আৰক্ষীয়ে অভিযুক্তক কঠোৰ নজৰত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক