--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগুৰুগ্ৰামত জনতাৰ ক্ষোভৰ যেন বিস্ফোৰণ ঘটিল। সেয়ে বল প্ৰয়োগ কৰি হ’লে দীৰ্ঘদিনে জৰাজীৰ্ণ হৈ থকা পথ এটা মেৰামতি কৰোৱালে।বহু অনুৰোধৰ পিছতো  জৰাজীৰ্ণ  পথটো মেৰামতি নকৰাত অতিষ্ঠ হৈ পৰা লোকসকলে কৰ্তৃপক্ষক মূৰত বন্দুক লগাই  ৰাতিটোৰ ভিতৰতে  পথটো মেৰামতি কৰিবলৈ বাধ্য কৰে। 

ঘটনাটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত  আৰক্ষীয়ে মঙলবাৰে চেক্টৰ ৭৮/৭৯ত এটা মাষ্টাৰ ডিভাইডিং ৰোড নিৰ্মাণত বাধা দিয়া, গুৰুগ্ৰাম মেট্ৰ'পলিটান ডেভেলপমেণ্ট অথৰিটিৰ (জিএমডিএ) কৰ্মী আৰু বিষয়াসকলক বন্দুকেৰে ভাবুকি দিয়া আৰু গাওঁখনত ৰাতিটোৰ ভিতৰতে ৰাস্তাৰ এটা টুকুৰা নিৰ্মাণ কৰিবলৈ বাধ্য কৰাৰ অভিযোগত খণ্ড উন্নয়ন সমিতিৰ এজন প্ৰাক্তন  অধ্যক্ষসহ ৩০ জন লোকক নৌৰংপুৰ গাঁৱৰ পৰা  গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে দাবী কৰিছে যে  উন্নয়ন খণ্ডটোৰ প্ৰাক্তন অধ্যক্ষ হোচিয়াৰ সিঙে তেওঁৰ মালিকানাধীন  পেট্ৰ'ল পাম্পৰ সন্মুখত এটা পথ নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছিল। 

গাওঁবাসীয়েও সেই স্থানত এটা পথ নিৰ্মাণ কৰিব বিচাৰিছিল। পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে  তাত ২০ টাতকৈও অধিক দুৰ্ঘটনা সংঘটিত হৈছিল।  পথটো পুনৰ নিৰ্মাণ কৰিবলৈ কৰ্তৃপক্ষৰ ওচৰত বহুবাৰ আবেদন-নিবেদন কৰাৰ পিছতো কৰ্তৃপক্ষই গুৰুত্ব দিয়া নাছিল। অৱশেষত একাংশ লোকে চৰকাৰী বিষয়াক মূৰত বন্দুক থৈ পথটো এৰাতিৰ ভিতৰতে মেৰামতি কৰিবলৈ বাধ্য কৰোৱায়। এই ঘটনাৰ পিছতে চৰকাৰী পক্ষই আৰক্ষীক গোচৰ দিয়াত ৩০ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। 

ইতিমধ্যে খেৰ্কি দৌলা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১৪৯ (বেআইনী সমাবেশ), ১৪৮ (সংঘৰ্ষত লিপ্ত হোৱা), ৩৫৩ ( আক্ৰমণ বা অপৰাধমূলক কাৰ্যত লিপ্ত হোৱা)ধাৰাৰ  অধীনত  গোচৰ ৰুজু কৰা হৈছে।  খেৰ্কি দৌলা আৰক্ষী থানাৰ  বিষয়া ৰাজেন্দ্ৰ সিঙে প্ৰকাশ কৰা  মতে আৰক্ষীয়ে সন্দেহজনক লোকসকলক আটক কৰিবলৈ  অভিযান চলাই আছে। 

তেওঁ কয়"হোচিয়াৰ সিং নামৰ এজন সন্দেহযুক্ত ব্যক্তিয়ে বলপূৰ্বকভাৱে তেওঁৰ মালিকানাধীন পেট্ৰ'ল পাম্পৰ সন্মুখত এটা পথ নিৰ্মাণ কৰিছিল। তেওঁ কামটো সম্পূৰ্ণ কৰিবলৈ এজন  ঠিকাদাৰৰ সকলো কৰ্মচাৰীক বন্দুকৰ মূৰত থৈ ভাবুকি দিছিল। গাওঁবাসীয়ে তেওঁৰ সৈতেলগ লাগিছিল আৰু মঙলবাৰে কাম কৰি থকা দলৰ সদস্যসকলক আক্ৰমণ কৰিছিল," । 

ইফালে, সিঙে কয় যে তেওঁলোকে এনে কৌশলৰ আশ্ৰয় ল'ব লগীয়া হৈছিল কাৰণ কেইবাৰো আবেদন কৰাৰ পিছত পথটো মেৰামতি কৰা নাছিল। অভিযুক্ত সিঙে কয়  "যোৱা দুমাহত পথটোত কমেও ২০ টা দুৰ্ঘটনা সংঘটিত হৈছে। গোটেই বছৰটোত, পথটো গাঁতেৰে ভৰি থাকে আৰু গাঁতত পানীত জমা হৈ থাকে। আমি বহু বিষয়াক  সাক্ষাৎ কৰিছিলো কিন্তু কাম হোৱা নাছিল" । তেওঁলগতে কয় যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিলেও কোনো কথা নাই, পথটোতো মেৰামতি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক