--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগুৰুগ্ৰামত জনতাৰ ক্ষোভৰ যেন বিস্ফোৰণ ঘটিল। সেয়ে বল প্ৰয়োগ কৰি হ’লে দীৰ্ঘদিনে জৰাজীৰ্ণ হৈ থকা পথ এটা মেৰামতি কৰোৱালে।বহু অনুৰোধৰ পিছতো  জৰাজীৰ্ণ  পথটো মেৰামতি নকৰাত অতিষ্ঠ হৈ পৰা লোকসকলে কৰ্তৃপক্ষক মূৰত বন্দুক লগাই  ৰাতিটোৰ ভিতৰতে  পথটো মেৰামতি কৰিবলৈ বাধ্য কৰে। 

ঘটনাটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত  আৰক্ষীয়ে মঙলবাৰে চেক্টৰ ৭৮/৭৯ত এটা মাষ্টাৰ ডিভাইডিং ৰোড নিৰ্মাণত বাধা দিয়া, গুৰুগ্ৰাম মেট্ৰ'পলিটান ডেভেলপমেণ্ট অথৰিটিৰ (জিএমডিএ) কৰ্মী আৰু বিষয়াসকলক বন্দুকেৰে ভাবুকি দিয়া আৰু গাওঁখনত ৰাতিটোৰ ভিতৰতে ৰাস্তাৰ এটা টুকুৰা নিৰ্মাণ কৰিবলৈ বাধ্য কৰাৰ অভিযোগত খণ্ড উন্নয়ন সমিতিৰ এজন প্ৰাক্তন  অধ্যক্ষসহ ৩০ জন লোকক নৌৰংপুৰ গাঁৱৰ পৰা  গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে দাবী কৰিছে যে  উন্নয়ন খণ্ডটোৰ প্ৰাক্তন অধ্যক্ষ হোচিয়াৰ সিঙে তেওঁৰ মালিকানাধীন  পেট্ৰ'ল পাম্পৰ সন্মুখত এটা পথ নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছিল। 

গাওঁবাসীয়েও সেই স্থানত এটা পথ নিৰ্মাণ কৰিব বিচাৰিছিল। পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে  তাত ২০ টাতকৈও অধিক দুৰ্ঘটনা সংঘটিত হৈছিল।  পথটো পুনৰ নিৰ্মাণ কৰিবলৈ কৰ্তৃপক্ষৰ ওচৰত বহুবাৰ আবেদন-নিবেদন কৰাৰ পিছতো কৰ্তৃপক্ষই গুৰুত্ব দিয়া নাছিল। অৱশেষত একাংশ লোকে চৰকাৰী বিষয়াক মূৰত বন্দুক থৈ পথটো এৰাতিৰ ভিতৰতে মেৰামতি কৰিবলৈ বাধ্য কৰোৱায়। এই ঘটনাৰ পিছতে চৰকাৰী পক্ষই আৰক্ষীক গোচৰ দিয়াত ৩০ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। 

ইতিমধ্যে খেৰ্কি দৌলা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১৪৯ (বেআইনী সমাবেশ), ১৪৮ (সংঘৰ্ষত লিপ্ত হোৱা), ৩৫৩ ( আক্ৰমণ বা অপৰাধমূলক কাৰ্যত লিপ্ত হোৱা)ধাৰাৰ  অধীনত  গোচৰ ৰুজু কৰা হৈছে।  খেৰ্কি দৌলা আৰক্ষী থানাৰ  বিষয়া ৰাজেন্দ্ৰ সিঙে প্ৰকাশ কৰা  মতে আৰক্ষীয়ে সন্দেহজনক লোকসকলক আটক কৰিবলৈ  অভিযান চলাই আছে। 

তেওঁ কয়"হোচিয়াৰ সিং নামৰ এজন সন্দেহযুক্ত ব্যক্তিয়ে বলপূৰ্বকভাৱে তেওঁৰ মালিকানাধীন পেট্ৰ'ল পাম্পৰ সন্মুখত এটা পথ নিৰ্মাণ কৰিছিল। তেওঁ কামটো সম্পূৰ্ণ কৰিবলৈ এজন  ঠিকাদাৰৰ সকলো কৰ্মচাৰীক বন্দুকৰ মূৰত থৈ ভাবুকি দিছিল। গাওঁবাসীয়ে তেওঁৰ সৈতেলগ লাগিছিল আৰু মঙলবাৰে কাম কৰি থকা দলৰ সদস্যসকলক আক্ৰমণ কৰিছিল," । 

ইফালে, সিঙে কয় যে তেওঁলোকে এনে কৌশলৰ আশ্ৰয় ল'ব লগীয়া হৈছিল কাৰণ কেইবাৰো আবেদন কৰাৰ পিছত পথটো মেৰামতি কৰা নাছিল। অভিযুক্ত সিঙে কয়  "যোৱা দুমাহত পথটোত কমেও ২০ টা দুৰ্ঘটনা সংঘটিত হৈছে। গোটেই বছৰটোত, পথটো গাঁতেৰে ভৰি থাকে আৰু গাঁতত পানীত জমা হৈ থাকে। আমি বহু বিষয়াক  সাক্ষাৎ কৰিছিলো কিন্তু কাম হোৱা নাছিল" । তেওঁলগতে কয় যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিলেও কোনো কথা নাই, পথটোতো মেৰামতি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু