--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰকৃতি প্ৰেমী তথা সমগ্ৰ  উত্তৰ-পূবৰ বাবে এটি ভাল খবৰ৷ আন্তৰ্জাতিক গঁড় দিৱস পাৰ হৈ যোৱাৰ পিছতেই  প্ৰকাশ পোৱা এক তথ্যই আনন্দিত কৰিছে সকলোকে৷ তথ্য অনুসৰি এক শিঙৰ গঁড়ৰ সংখ্যা ৪০০০ মাৰ্ক অতিক্ৰম কৰে অৱশ্যে, প্ৰতিবেদনত প্ৰকাশ পাইছে যে, চোৰাং চিকাৰৰ বিৰুদ্ধে কঠোৰ  পদক্ষেপে  ভাৰত, নেপাল আৰু ভূটানত গড়ৰ জনসংখ্যা বৃদ্ধি হোৱাত সহায় কৰিছে।   চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই  এক শিঙৰ গঁড়ৰ জনসংখ্যা ৪,০১৪ লৈ বৃদ্ধি হৈছে। আনহাতে, আফ্ৰিকা আৰু ইণ্ডোনেছিয়াৰ অন্যান্য গঁড়ৰ প্ৰজাতিৰ ভৱিষ্যত চিন্তাৰ বিষয় হৈ আছে।

আন্তৰ্জাতিক ৰাইনো দিৱসৰ পিছতেই  ইণ্টাৰনেচনেল ৰাইনো ফাউণ্ডেচনৰ দ্বাৰা প্ৰকাশিত ষ্টেট অফ ৰাইনো প্ৰতিবেদন ২০২২-ৰ তথ্য  অনুসৰি, ২০১৮ চনতকৈ এশিঙীয়া  গঁড়ৰ সংখ্যা ৪২৬ টা বৃদ্ধি হৈছে ।

ভাৰত আৰু নেপাল চৰকাৰে গঁড়ৰ বাবে সুৰক্ষিত বাসস্থান সৃষ্টি কৰাৰ লগতে চোৰাং চিকাৰ ৰোধ কৰাৰ ফলত জনসংখ্যা বৃদ্ধি পাইছে৷ এক দশক আগতে, এশিঙিয়া গঁড়ৰ জনসংখ্যা আছিল ২,৪৫৪ টা৷  

ভাৰতত ৰেকৰ্ড কৰা ২৬১৩ টা এক শিঙৰ গঁড়ৰ ভিতৰত, অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে প্ৰজাতিটোৰ বাবে সৰ্ববৃহৎ বাসস্থান৷ তাৰ পিছতে আছে বংগৰ জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান(২৮৪)৷  অসমৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান (১২৫) , পবিতোৰা বন্যপ্ৰাণী অভয়াৰণ্য (১০৭), বংগৰ গোৰুমাৰা ৰাষ্ট্ৰীয় উদ্যান (৫২), অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যান (৪০) আৰু উত্তৰ প্ৰদেশৰ দুধৱা ৰাষ্ট্ৰীয় উদ্যান। কেৱল কাজিৰঙাতে ২০১৮ চনত নথিভুক্ত কৰা সংখ্যাতকৈ ২০০ টা গড়ৰ সংখ্যা বৃদ্ধি পাইছে৷ 

প্ৰতিবেদনখনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা প্ৰায় ২০০ বৰ্গ কিলোমিটাৰ বৃদ্ধি কৰাৰ চৰকাৰৰ পদক্ষেপৰ বিষয়েও কোৱা হৈছিল৷ ইয়াক লাওখোৱা আৰু বুড়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ সৈতে সংযোগ কৰা হৈছিল, গঁড় আৰু অন্যান্য বিপদাপন্ন প্ৰজাতিৰ বাবে এক ডাঙৰ লেণ্ডস্কেপ কৰিডৰ নিৰ্মাণ ৰখাৰ বাবে।

শেহতীয়া বছৰবোৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  উদ্যানখনত ৯১৯.৪৮ বৰ্গ কিলোমিটাৰ সংলগ্ন কৰা হৈছে৷  আই আৰ এফকে ধৰি এনজিঅ'ৰ অংশীদাৰসকলৰ সৈতে, অসম চৰকাৰে গড়বোৰক  প্ৰজননৰ বাবে অধিক ঠাই দিয়াৰ বাবে অসমৰ সুৰক্ষিত অঞ্চলৰ ভিতৰত গঁড়ৰ স্থানান্তৰ আৰম্ভ কৰিছিল বুলি প্ৰতিবেদনত কোৱা হৈছে। ৰাজ্য চৰকাৰে প্ৰজনন ঋতুত দৰ্শনাৰ্থীসকলৰ বাবে অসমৰ সকলো গঁড় ধাৰণকাৰী সুৰক্ষিত এলেকা বন্ধ কৰি দিয়ে৷ 
ইণ্ডিয়া ৰাইনো ভিজন ২০২০, যাৰ অধীনত গঁড়বোৰ কাজিৰঙাৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত কৰা হৈছিল৷

বন্য প্ৰাণীসমূহৰ বাবে চোৰাং চিকাৰ এক ভাবুকি স্বৰুপ। কিন্তু ভাৰতৰ চৰকাৰে কঠোৰ  নিৰাপত্তা আৰু বন্যপ্ৰাণী অপৰাধ আইন কঠোৰভাৱে বলবৎ কৰাৰ জৰিয়তে চোৰাং চিকাৰ যথেষ্ট হ্ৰাস কৰাত যথেষ্ট সফলতা লাভ কৰিছে।২০২১ চনত, কেৱল এটা ৰেকৰ্ড কৰা চোৰাং চিকাৰৰ ঘটনা আছিল। ২০২২ চনৰ প্ৰথমাৰ্ধতো কেৱল এটা ৰেকৰ্ড কৰা ঘটনা ঘটিছে৷ 

নেপালতো গঁড়ৰ সংখ্যা ৭৫২ লৈ বৃদ্ধি পাইছে, যি ২০১৫ চনৰ সংখ্যাতকৈ ১০৭ টা অধিক। গঁড়ৰ সংখ্যা বাৰ্ষিক তিনি শতাংশ বৃদ্ধি হৈছে। নেপালত ২০২১ চনত ৩৭ টা গঁড়ৰ মৃত্যু হৈছিল কিন্তু ইয়াৰ বিপৰীতে এটা গড়হে  চোৰাং চিকাৰীয়ে হত্যা কৰিছিল৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু