--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰকৃতি প্ৰেমী তথা সমগ্ৰ  উত্তৰ-পূবৰ বাবে এটি ভাল খবৰ৷ আন্তৰ্জাতিক গঁড় দিৱস পাৰ হৈ যোৱাৰ পিছতেই  প্ৰকাশ পোৱা এক তথ্যই আনন্দিত কৰিছে সকলোকে৷ তথ্য অনুসৰি এক শিঙৰ গঁড়ৰ সংখ্যা ৪০০০ মাৰ্ক অতিক্ৰম কৰে অৱশ্যে, প্ৰতিবেদনত প্ৰকাশ পাইছে যে, চোৰাং চিকাৰৰ বিৰুদ্ধে কঠোৰ  পদক্ষেপে  ভাৰত, নেপাল আৰু ভূটানত গড়ৰ জনসংখ্যা বৃদ্ধি হোৱাত সহায় কৰিছে।   চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই  এক শিঙৰ গঁড়ৰ জনসংখ্যা ৪,০১৪ লৈ বৃদ্ধি হৈছে। আনহাতে, আফ্ৰিকা আৰু ইণ্ডোনেছিয়াৰ অন্যান্য গঁড়ৰ প্ৰজাতিৰ ভৱিষ্যত চিন্তাৰ বিষয় হৈ আছে।

আন্তৰ্জাতিক ৰাইনো দিৱসৰ পিছতেই  ইণ্টাৰনেচনেল ৰাইনো ফাউণ্ডেচনৰ দ্বাৰা প্ৰকাশিত ষ্টেট অফ ৰাইনো প্ৰতিবেদন ২০২২-ৰ তথ্য  অনুসৰি, ২০১৮ চনতকৈ এশিঙীয়া  গঁড়ৰ সংখ্যা ৪২৬ টা বৃদ্ধি হৈছে ।

ভাৰত আৰু নেপাল চৰকাৰে গঁড়ৰ বাবে সুৰক্ষিত বাসস্থান সৃষ্টি কৰাৰ লগতে চোৰাং চিকাৰ ৰোধ কৰাৰ ফলত জনসংখ্যা বৃদ্ধি পাইছে৷ এক দশক আগতে, এশিঙিয়া গঁড়ৰ জনসংখ্যা আছিল ২,৪৫৪ টা৷  

ভাৰতত ৰেকৰ্ড কৰা ২৬১৩ টা এক শিঙৰ গঁড়ৰ ভিতৰত, অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে প্ৰজাতিটোৰ বাবে সৰ্ববৃহৎ বাসস্থান৷ তাৰ পিছতে আছে বংগৰ জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান(২৮৪)৷  অসমৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান (১২৫) , পবিতোৰা বন্যপ্ৰাণী অভয়াৰণ্য (১০৭), বংগৰ গোৰুমাৰা ৰাষ্ট্ৰীয় উদ্যান (৫২), অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যান (৪০) আৰু উত্তৰ প্ৰদেশৰ দুধৱা ৰাষ্ট্ৰীয় উদ্যান। কেৱল কাজিৰঙাতে ২০১৮ চনত নথিভুক্ত কৰা সংখ্যাতকৈ ২০০ টা গড়ৰ সংখ্যা বৃদ্ধি পাইছে৷ 

প্ৰতিবেদনখনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা প্ৰায় ২০০ বৰ্গ কিলোমিটাৰ বৃদ্ধি কৰাৰ চৰকাৰৰ পদক্ষেপৰ বিষয়েও কোৱা হৈছিল৷ ইয়াক লাওখোৱা আৰু বুড়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ সৈতে সংযোগ কৰা হৈছিল, গঁড় আৰু অন্যান্য বিপদাপন্ন প্ৰজাতিৰ বাবে এক ডাঙৰ লেণ্ডস্কেপ কৰিডৰ নিৰ্মাণ ৰখাৰ বাবে।

শেহতীয়া বছৰবোৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  উদ্যানখনত ৯১৯.৪৮ বৰ্গ কিলোমিটাৰ সংলগ্ন কৰা হৈছে৷  আই আৰ এফকে ধৰি এনজিঅ'ৰ অংশীদাৰসকলৰ সৈতে, অসম চৰকাৰে গড়বোৰক  প্ৰজননৰ বাবে অধিক ঠাই দিয়াৰ বাবে অসমৰ সুৰক্ষিত অঞ্চলৰ ভিতৰত গঁড়ৰ স্থানান্তৰ আৰম্ভ কৰিছিল বুলি প্ৰতিবেদনত কোৱা হৈছে। ৰাজ্য চৰকাৰে প্ৰজনন ঋতুত দৰ্শনাৰ্থীসকলৰ বাবে অসমৰ সকলো গঁড় ধাৰণকাৰী সুৰক্ষিত এলেকা বন্ধ কৰি দিয়ে৷ 
ইণ্ডিয়া ৰাইনো ভিজন ২০২০, যাৰ অধীনত গঁড়বোৰ কাজিৰঙাৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত কৰা হৈছিল৷

বন্য প্ৰাণীসমূহৰ বাবে চোৰাং চিকাৰ এক ভাবুকি স্বৰুপ। কিন্তু ভাৰতৰ চৰকাৰে কঠোৰ  নিৰাপত্তা আৰু বন্যপ্ৰাণী অপৰাধ আইন কঠোৰভাৱে বলবৎ কৰাৰ জৰিয়তে চোৰাং চিকাৰ যথেষ্ট হ্ৰাস কৰাত যথেষ্ট সফলতা লাভ কৰিছে।২০২১ চনত, কেৱল এটা ৰেকৰ্ড কৰা চোৰাং চিকাৰৰ ঘটনা আছিল। ২০২২ চনৰ প্ৰথমাৰ্ধতো কেৱল এটা ৰেকৰ্ড কৰা ঘটনা ঘটিছে৷ 

নেপালতো গঁড়ৰ সংখ্যা ৭৫২ লৈ বৃদ্ধি পাইছে, যি ২০১৫ চনৰ সংখ্যাতকৈ ১০৭ টা অধিক। গঁড়ৰ সংখ্যা বাৰ্ষিক তিনি শতাংশ বৃদ্ধি হৈছে। নেপালত ২০২১ চনত ৩৭ টা গঁড়ৰ মৃত্যু হৈছিল কিন্তু ইয়াৰ বিপৰীতে এটা গড়হে  চোৰাং চিকাৰীয়ে হত্যা কৰিছিল৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement