--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰটিন আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান, ইয়াৰ জৰিয়তে আমাৰ পেশীবোৰ গঢ় লৈ উঠে, যিয়ে শৰীৰক শক্তিশালী কৰে। ইয়াৰ লগতে এই পুষ্টিকৰ উপাদানটো হৰম’ন আৰু এনজাইমৰ ভাৰসাম্য ৰক্ষাৰ বাবেও প্ৰয়োজনীয়। 

ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ এক বৃহৎ সংখ্যক লোকে প্ৰটিনৰ অভাৱৰ সৈতে যুঁজি আছে। সাধাৰণতে কণী, মাংস, দালি, ছয়াবিন আদি বস্তু খালে এই পুষ্টিকৰ উপাদানসমূহ পোৱা যায়। যদি আমি প্ৰটিনভিত্তিক খাদ্য খোৱা বন্ধ কৰো তেন্তে আমাৰ শৰীৰত কি প্ৰভাৱ পৰিব পাৰে জানো আহক।

প্ৰটিনৰ অভাৱৰ লক্ষণ

১) প্ৰটিনৰ অভাৱত আমাৰ শৰীৰত বিষ হয় কাৰণ পেশীবোৰ দুৰ্বল হৈ পৰে।

২) যদি আপুনি সম্পূৰ্ণ টোপনি আৰু প্ৰচুৰ খাদ্য খোৱাৰ পিছত শৰীৰত ভাগৰুৱা অনুভৱ কৰিছে তেন্তে নিশ্চিতভাৱে আপুনি প্ৰটিনৰ অভাৱৰ সন্মুখীন হৈছে।

৩) প্ৰটিনৰ অভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত বেয়া প্ৰভাৱ পেলায়, যাৰ বাবে সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় আৰু আপুনি অধিক বেমাৰত পৰিবলৈ আৰম্ভ কৰে।

৪) শিশুৰ বিকাশৰ বাবেও প্ৰটিন প্ৰয়োজনীয়, এই পুষ্টিকৰ উপাদানৰ অভাৱে সামগ্ৰিক বৃদ্ধিত প্ৰভাৱ পেলায়।

৫) যেতিয়া শৰীৰত প্ৰটিনৰ অভাৱ হয় তেতিয়া পেশীবোৰে আমাৰ হাড়ৰ পৰা প্ৰটিন শোষণ কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত হাড়বোৰ দুৰ্বল হৈ পৰে।

৬) আমাৰ নখৰ স্বাস্থ্যৰ বাবেও প্ৰটিন অতি গুৰুত্বপূৰ্ণ। যদি এই পুষ্টিকৰ উপাদানসমূহ উপলব্ধ নহয়, তেন্তে নখৰ সংক্ৰমণ আৰু নখ ভাঙি যোৱাৰ আশংকা থাকে।

৭) প্ৰটিনৰ অভাৱৰ বাবে আমাৰ শৰীৰে নতুন কোষ তৈয়াৰ কৰাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়, লগতে সুস্থ হ’বলৈও সময় লাগে।

৮) মুখ আৰু ছালত ফুলাৰ কাৰণ হৈছে প্ৰটিনৰ অভাৱ, পেটত ফুলাৰ বাবেও ই দায়ী।

৯) প্ৰটিন আমাৰ চুলিৰ বাবেও প্ৰয়োজনীয়, যদি নাথাকে তেন্তে আমাৰ চুলি শুকান আৰু নিৰ্জীৱ দেখাবলৈ আৰম্ভ কৰে, ইয়াৰ লগতে চুলি সৰা সমস্যাও উদ্ভৱ হয়।

১০) প্ৰটিনৰ অভাৱৰ বাবে আমাৰ শৰীৰটো হঠাতে ফুলিবলৈ আৰম্ভ কৰে, কাৰণ শৰীৰে শক্তি পাবলৈ অধিক চাপ দিব লগা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা