--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ডেংগীৰ হটস্পটত পৰিণত গুৱাহাটী মহানগৰ৷ গুৱাহাটীৰ ভাস্কৰ নগৰ, কাৰ্বি পথ, জু-ৰোডৰ অম্বিকাগিৰি নগৰ আৰু বামুণীমৈদাম ৰে’লৱে কলনীক ৰেড জ’ন ঘোষণা কৰা হৈছে। ইতিমধ্যে পোহৰলৈ আহিছে গুৱাহাটী মহানগৰীত ডেংগীৰ ভয়াৱহতা প্ৰকৃত ছবি। প্ৰতিদিনেই মহানগৰীত বৃদ্ধি পাইছে ডেংগীত আক্ৰান্ত ৰোগীৰ সংখ্যা৷ গুৱাহাটীৰ বিভিন্ন চিকিৎসালয় এতিয়া ভৰি পৰিছে ডেংগী ৰোগীৰে৷ ইয়াৰ মাজতে প্লেটলেটৰ অভাৱ ডেংগু ৰোগীৰ বাবে এক গুৰুতৰ সমস্যা হৈ পৰিব পাৰে, কাৰণ এই ৰোগে তেজত প্লেটলেটৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস কৰে। 

প্লেটলেটৰ অভাৱ ডেংগু ৰোগীৰ বাবে এক ডাঙৰ সমস্যা, কাৰণ এই ৰোগে তেজত প্লেটলেটৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস কৰে। ডেংগুৰ চিকিৎসাত বহুতো ঘৰুৱা উপায় সহায়ক হ’ব পাৰে আৰু তাৰ ভিতৰত এটা হ’ল অমিতা পাতৰ ৰস। এই পাতৰ ৰস সেৱন কৰিলে প্লেটলেটৰ অভাৱ তাৎক্ষণিকভাৱে পূৰণ হোৱাৰ উপৰি ডেংগু ৰোগীৰ বাবে ই অতি উপকাৰী বুলিব পাৰি। অমিতা পাতত যথেষ্ট পৰিমাণে মৌল পোৱা যায়, যিয়ে প্লেটলেটৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ ভিতৰত পেপেইন আৰু চাইমো-পেপেইন আদি এনজাইম আদিয়ে প্লেটলেট উৎপাদনত সহায়ক কৰে। তদুপৰি অমিতা পাতত ভিটামিন-চি আৰু এন্টিঅক্সিডেন্টো থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ডেংগু ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু প্লেটলেটৰ মাত্ৰা সুস্থিৰ কৰি ৰাখে।

অমিতা পাতৰ ৰস কেনেকৈ খাব?

অমিতা পাতৰ ৰস উলিয়াই সেৱন কৰা আটাইতকৈ সহজ উপায়। ইয়াৰ বাবে কিছু সতেজ পাত ধুই পিহি ইয়াৰ পৰা ৰস উলিয়াব লাগে। ২-৩দিনৰ বাবে পুৱা-গধূলি এই পাতৰ ৰস সেৱন কৰিলে প্লেটলেটৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱাত সহায় কৰে। এই পাতৰ ৰস অত্যধিক তিতা হোৱাৰ বাবে ইয়াৰ লগত মৌ বা নেমুৰ ৰসো মিহলাই খাব পাৰি।

সাৱধানতা অৱলম্বন কৰা-

যদিও অমিতা পাতৰ ৰস প্লেটলেট বৃদ্ধি কৰাত উপকাৰী, তথাপিও ইয়াক খোৱাৰ সময়ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। গৰ্ভৱতী মহিলা আৰু শিশুৱে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ এই ৰস গ্ৰহণৰ পৰা বিৰত থকা উচিত। ইয়াৰ বাহিৰেও অমিতা পাতৰ ৰস অতিমাত্ৰা সেৱন কৰিলে পেটৰ সমস্যা হ’ব পাৰে, গতিকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি সীমিত পৰিমাণতহে খোৱা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ