--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত ইউটিউব, ইনষ্টাগ্ৰামত বিভিন্ন কণ্টেণ্ট দি ধন উপাৰ্জন কৰি আছে যুৱচামৰ একাংশই। বহুতৰ বাবে এতিয়া ছ'চিয়েল মিডিয়া আয়ৰ উৎস হৈ পৰিছে। পাছে কিছুমানে ইয়াৰ অপব্যৱহাৰ কৰাও দেখা যায়। শেহতীয়াকৈ তেনে এক খবৰ পোহৰলৈ আহিছে।  

এগৰাকী সুন্দৰী ইউটিউৱাৰে ফ'ল'ৱাৰ্ছৰ পৰা ৪০০ কোটিৰো অধিক টকা সংগ্ৰহ কৰি পলায়ন কৰিছে। ইউটিউৱাৰগৰাকীয়ে হাজাৰ হাজাৰ লোকৰ পৰা কোটি কোটি টকা লৈ তাৰপাছত প্ৰতাৰণা কৰি পলায়ন কৰে। যোৱা দুমাহ ধৰি তেওঁ অন্তৰ্ধান হৈ আছে। থাইলেণ্ডৰ ইউটিউবাৰগৰাকীৰ নাম নাথামন খোংচাক। 

যিকোনো ইউটিউবাৰৰ প্ৰৱঞ্চনাৰ গোচৰত এইটোৱেই সম্ভৱতঃ অন্যতম ডাঙৰ কেলেংকাৰী। নাথামন খোংচাকৰ জনপ্ৰিয়তাৰ বাবে হাজাৰ হাজাৰ লোকে খুব সোনকালেই তেওঁক বিশ্বাসত লৈছিল। এই গোচৰত থাইলেণ্ডৰ অধিবক্তা ফৈছাল ৰুৱাংৰিটে বৰ্তমান প্ৰৱঞ্চনাৰ বলি হোৱা লোকসকলক সহায় কৰি আছে। তেওঁ কয় যে জনপ্ৰিয় ইউটিউবাৰ নাথামন খোংচাকে মানুহৰ পৰা ৪০০ কোটিৰো অধিক টকা লৈ পলাই গৈছে। তেওঁ ৬ হাজাৰৰো অধিক লোকক প্ৰৱঞ্চনা কৰিছে।

নাথামন খোংচাকৰ ইউটিউবত ৮ লাখ ৪৭ হাজাৰতকৈও অধিক ফ’ল’ৱাৰ আছে। তদুপৰি তেওঁ এটা অতি জনপ্ৰিয় ইউটিউব চেনেলৰ মালিক। ইয়াৰ উপৰিও তেওঁৰ ইনষ্টাগ্ৰাম পেজত ৩ লাখ ১০ হাজাৰ ফ’ল’ৱাৰ আছে। তেওঁ নিজকে অভিজ্ঞ ফৰেক্স ট্ৰেডাৰ বুলি দাবী কৰে। ইয়াৰ উপৰিও তেওঁ এগৰাকী গায়িকা আৰু নৃত্যশিল্পীও।

নাথামনে নিজৰ সুনাম ব্যৱহাৰ কৰি বিনিয়োগকাৰীক আকৰ্ষণ কৰিছিল, কম সময়ৰ ভিতৰত সকলোৱে বহুত টকা পাব বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিল। যিয়ে বিনিয়োগ কৰে তেওঁৰ একাউণ্টত ধন জমা কৰিলে ৩ মাহৰ পিছত ২৫% মূলধন, ৬ মাহৰ পিছত ৩০% আৰু ১২ মাহৰ পিছত ৩৫% ঘূৰাই পাব বুলি নাথামনে মাহেকীয়া ধন পৰিশোধ কৰাৰো প্ৰতিশ্ৰুতি দিছিল।

কিন্তু ২০২২ চনৰ এপ্ৰিল মাহলৈকে বিনিয়োগকাৰীয়ে সেই ধন নাপালে, সেয়ে তেওঁলোকে অভিযোগ কৰিবলৈ আৰম্ভ কৰে। মে’ মাহৰ শেষৰ ফালে নাথামনে কয় যে তেওঁ এই লেনদেনত ভুল কৰিছে আৰু সেয়েহে সকলো বিনিয়োগকাৰীৰ ধন হেৰুৱাই পেলাইছে। নাথামনে সকলোকে ধন ঘূৰাই দিম বুলি প্ৰতিশ্ৰুতি দিয়ে আৰু কয় মাত্ৰ অলপ সময় দিয়ক। কিন্তু ইয়াৰ পাছৰে পৰা তেওঁৰ কোনো খা-খবৰ নোহোৱা হ'ল।

নাথামনৰ সন্ধান দিওতাজনক দুগুণ পুৰস্কাৰ দিয়াৰ প্ৰতিশ্ৰুতিও দিছে প্ৰৱঞ্চনাৰ বলি হোৱা কেইজনমান লোকে। মানুহে সন্দেহ কৰিছে যে নাথামনে মালয়েছিয়ালৈ পলায়ন কৰিছে। নাথামন খোংচাকৰ সন্ধানত এতিয়া তীব্ৰ অভিযান আৰম্ভ কৰিছে থাই আৰক্ষীয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান