--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত ইউটিউব, ইনষ্টাগ্ৰামত বিভিন্ন কণ্টেণ্ট দি ধন উপাৰ্জন কৰি আছে যুৱচামৰ একাংশই। বহুতৰ বাবে এতিয়া ছ'চিয়েল মিডিয়া আয়ৰ উৎস হৈ পৰিছে। পাছে কিছুমানে ইয়াৰ অপব্যৱহাৰ কৰাও দেখা যায়। শেহতীয়াকৈ তেনে এক খবৰ পোহৰলৈ আহিছে।  

এগৰাকী সুন্দৰী ইউটিউৱাৰে ফ'ল'ৱাৰ্ছৰ পৰা ৪০০ কোটিৰো অধিক টকা সংগ্ৰহ কৰি পলায়ন কৰিছে। ইউটিউৱাৰগৰাকীয়ে হাজাৰ হাজাৰ লোকৰ পৰা কোটি কোটি টকা লৈ তাৰপাছত প্ৰতাৰণা কৰি পলায়ন কৰে। যোৱা দুমাহ ধৰি তেওঁ অন্তৰ্ধান হৈ আছে। থাইলেণ্ডৰ ইউটিউবাৰগৰাকীৰ নাম নাথামন খোংচাক। 

যিকোনো ইউটিউবাৰৰ প্ৰৱঞ্চনাৰ গোচৰত এইটোৱেই সম্ভৱতঃ অন্যতম ডাঙৰ কেলেংকাৰী। নাথামন খোংচাকৰ জনপ্ৰিয়তাৰ বাবে হাজাৰ হাজাৰ লোকে খুব সোনকালেই তেওঁক বিশ্বাসত লৈছিল। এই গোচৰত থাইলেণ্ডৰ অধিবক্তা ফৈছাল ৰুৱাংৰিটে বৰ্তমান প্ৰৱঞ্চনাৰ বলি হোৱা লোকসকলক সহায় কৰি আছে। তেওঁ কয় যে জনপ্ৰিয় ইউটিউবাৰ নাথামন খোংচাকে মানুহৰ পৰা ৪০০ কোটিৰো অধিক টকা লৈ পলাই গৈছে। তেওঁ ৬ হাজাৰৰো অধিক লোকক প্ৰৱঞ্চনা কৰিছে।

নাথামন খোংচাকৰ ইউটিউবত ৮ লাখ ৪৭ হাজাৰতকৈও অধিক ফ’ল’ৱাৰ আছে। তদুপৰি তেওঁ এটা অতি জনপ্ৰিয় ইউটিউব চেনেলৰ মালিক। ইয়াৰ উপৰিও তেওঁৰ ইনষ্টাগ্ৰাম পেজত ৩ লাখ ১০ হাজাৰ ফ’ল’ৱাৰ আছে। তেওঁ নিজকে অভিজ্ঞ ফৰেক্স ট্ৰেডাৰ বুলি দাবী কৰে। ইয়াৰ উপৰিও তেওঁ এগৰাকী গায়িকা আৰু নৃত্যশিল্পীও।

নাথামনে নিজৰ সুনাম ব্যৱহাৰ কৰি বিনিয়োগকাৰীক আকৰ্ষণ কৰিছিল, কম সময়ৰ ভিতৰত সকলোৱে বহুত টকা পাব বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিল। যিয়ে বিনিয়োগ কৰে তেওঁৰ একাউণ্টত ধন জমা কৰিলে ৩ মাহৰ পিছত ২৫% মূলধন, ৬ মাহৰ পিছত ৩০% আৰু ১২ মাহৰ পিছত ৩৫% ঘূৰাই পাব বুলি নাথামনে মাহেকীয়া ধন পৰিশোধ কৰাৰো প্ৰতিশ্ৰুতি দিছিল।

কিন্তু ২০২২ চনৰ এপ্ৰিল মাহলৈকে বিনিয়োগকাৰীয়ে সেই ধন নাপালে, সেয়ে তেওঁলোকে অভিযোগ কৰিবলৈ আৰম্ভ কৰে। মে’ মাহৰ শেষৰ ফালে নাথামনে কয় যে তেওঁ এই লেনদেনত ভুল কৰিছে আৰু সেয়েহে সকলো বিনিয়োগকাৰীৰ ধন হেৰুৱাই পেলাইছে। নাথামনে সকলোকে ধন ঘূৰাই দিম বুলি প্ৰতিশ্ৰুতি দিয়ে আৰু কয় মাত্ৰ অলপ সময় দিয়ক। কিন্তু ইয়াৰ পাছৰে পৰা তেওঁৰ কোনো খা-খবৰ নোহোৱা হ'ল।

নাথামনৰ সন্ধান দিওতাজনক দুগুণ পুৰস্কাৰ দিয়াৰ প্ৰতিশ্ৰুতিও দিছে প্ৰৱঞ্চনাৰ বলি হোৱা কেইজনমান লোকে। মানুহে সন্দেহ কৰিছে যে নাথামনে মালয়েছিয়ালৈ পলায়ন কৰিছে। নাথামন খোংচাকৰ সন্ধানত এতিয়া তীব্ৰ অভিযান আৰম্ভ কৰিছে থাই আৰক্ষীয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু