--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সামাজিক মাধ্যম এপটোৱে প্লে ষ্টোৰত স্থান লাভ  কৰিবলৈ এতিয়া  কঠিন সমস্যাৰ সন্মুখীন হৈছে। যদিও এপ্পটো এপল এপ ষ্টোৰত সহজে উপলব্ধ এক্সিঅ'ছ অনুসৰি, পৰ্যাপ্ত সমল অভাৱত   গুগলে প্লে ষ্টোৰত ট্ৰুথ ছ'চিয়েল এপ্পটো অনুমোদন কৰিবলৈ কিছু সময় লৈছে।

 উল্লেখযোগ্য যে, ২০২১ চনত কেপিটল হিল ভৱনৰ আক্ৰমণত জড়িত সকলক  উদগণি  দিয়াৰ অভিযোগত ট্ৰাম্পক ফেচবুক, টুইটাৰ আৰু আনকি গুগল , ইউটিউবকে ধৰি সকলো ছ'চিয়েল মিডিয়া একাউণ্টৰ পৰা নিৰ্বাসিত কৰা হৈছিল
 
প্লে ষ্টোৰত  প্ৰায় এবছৰ ধৰিও অনুমোদন লাভ নকৰাটো  ট্ৰাম্পৰ  এপটোৰ  বাবে এটা ডাঙৰ বিফলতা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্মাৰ্টফোন বজাৰত প্ৰায় ৪০ শতাংশ এণ্ড্ৰইড ব্যৱহাৰকাৰী অন্তৰ্ভুক্ত হৈ  আছে। ব্যৱহাৰকাৰীসকলৰ বাবে ট্ৰাম্পৰ ছ'চিয়েল মিডিয়া এপটো ব্যৱহাৰ কৰাটো প্ৰায় অসম্ভৱ যদি ই এপল এপ ষ্টোৰ আৰু প্লে ষ্টোৰৰ দৰে প্লেটফৰ্মত উপলব্ধ নহয়। 

গুগলে এক বিবৃতিত কয় যে, ১৯ আগষ্টত এপৰ তথ্য দাখিলৰ ক্ষেত্ৰত  নীতিৰ কেইবাটাও উলংঘনৰ বিষয়ে ট্ৰুথ ছ'চিয়েলক অৱগত কৰা হৈছিল ৷  
 
ট্ৰাম্পৰ  সামাজিক মাধ্যম এপটোৱে ইয়াৰ কিছুমান নিৰ্দেশনা উলংঘা কৰিছে। গুগলৰ অভিযোগৰ উত্তৰত ট্ৰাম্পৰ ছ'চিয়েল মিডিয়া কোম্পানীয়ে কয়  যে  এপটো মুক্ত বাক-স্বাধীনতাৰ আশ্ৰয়স্থল হিচাপে      গুগলৰ সৈতে নিৰন্তৰ ভাৱে সৎ বিশ্বাসেৰে কাম কৰি আহিছে। আনহাতে , যৌন সমল আৰু অন্যান্য নীতিৰ ওপৰত গুগলৰ নিষেধাজ্ঞা ব্যাপকভাৱে উলংঘা কৰা স্বত্বেও  কিছুমান এপপ  এপ্পগুগল প্লে ষ্টোৰত অনুমোদিত৷কিন্তু  ট্ৰুথ ছ'চিয়েলৰ যৌন স্পষ্ট সমলৰ প্ৰতি শূণ্য সহনশীলতা আছে৷ 

এপ্ৰিলত, ট্ৰাম্পৰ ট্ৰুথ ছ'চিয়েল এপটো এপ ষ্টোৰত আটাইতকৈ বেছি ডাউনলোড কৰা বিনামূলীয়া আইফোন এপ আছিল। আমোদজনক ভাৱে, যেতিয়া টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে টুইটাৰ অধিগ্ৰহণ কৰাৰ প্ৰক্ৰিয়াত আছিল, তেতিয়া তেওঁ ট্ৰাম্পক টুইটাৰত পুনৰ যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল। মাস্কে ট্ৰাম্পক নিষিদ্ধ কৰাৰ বাবে টুইটাৰ বিষয়াসকলক সমালোচনা কৰিছিল। অৱশ্যে, ট্ৰাম্পে নম্ৰতাৰে তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ