--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সামাজিক মাধ্যম এপটোৱে প্লে ষ্টোৰত স্থান লাভ  কৰিবলৈ এতিয়া  কঠিন সমস্যাৰ সন্মুখীন হৈছে। যদিও এপ্পটো এপল এপ ষ্টোৰত সহজে উপলব্ধ এক্সিঅ'ছ অনুসৰি, পৰ্যাপ্ত সমল অভাৱত   গুগলে প্লে ষ্টোৰত ট্ৰুথ ছ'চিয়েল এপ্পটো অনুমোদন কৰিবলৈ কিছু সময় লৈছে।

 উল্লেখযোগ্য যে, ২০২১ চনত কেপিটল হিল ভৱনৰ আক্ৰমণত জড়িত সকলক  উদগণি  দিয়াৰ অভিযোগত ট্ৰাম্পক ফেচবুক, টুইটাৰ আৰু আনকি গুগল , ইউটিউবকে ধৰি সকলো ছ'চিয়েল মিডিয়া একাউণ্টৰ পৰা নিৰ্বাসিত কৰা হৈছিল
 
প্লে ষ্টোৰত  প্ৰায় এবছৰ ধৰিও অনুমোদন লাভ নকৰাটো  ট্ৰাম্পৰ  এপটোৰ  বাবে এটা ডাঙৰ বিফলতা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্মাৰ্টফোন বজাৰত প্ৰায় ৪০ শতাংশ এণ্ড্ৰইড ব্যৱহাৰকাৰী অন্তৰ্ভুক্ত হৈ  আছে। ব্যৱহাৰকাৰীসকলৰ বাবে ট্ৰাম্পৰ ছ'চিয়েল মিডিয়া এপটো ব্যৱহাৰ কৰাটো প্ৰায় অসম্ভৱ যদি ই এপল এপ ষ্টোৰ আৰু প্লে ষ্টোৰৰ দৰে প্লেটফৰ্মত উপলব্ধ নহয়। 

গুগলে এক বিবৃতিত কয় যে, ১৯ আগষ্টত এপৰ তথ্য দাখিলৰ ক্ষেত্ৰত  নীতিৰ কেইবাটাও উলংঘনৰ বিষয়ে ট্ৰুথ ছ'চিয়েলক অৱগত কৰা হৈছিল ৷  
 
ট্ৰাম্পৰ  সামাজিক মাধ্যম এপটোৱে ইয়াৰ কিছুমান নিৰ্দেশনা উলংঘা কৰিছে। গুগলৰ অভিযোগৰ উত্তৰত ট্ৰাম্পৰ ছ'চিয়েল মিডিয়া কোম্পানীয়ে কয়  যে  এপটো মুক্ত বাক-স্বাধীনতাৰ আশ্ৰয়স্থল হিচাপে      গুগলৰ সৈতে নিৰন্তৰ ভাৱে সৎ বিশ্বাসেৰে কাম কৰি আহিছে। আনহাতে , যৌন সমল আৰু অন্যান্য নীতিৰ ওপৰত গুগলৰ নিষেধাজ্ঞা ব্যাপকভাৱে উলংঘা কৰা স্বত্বেও  কিছুমান এপপ  এপ্পগুগল প্লে ষ্টোৰত অনুমোদিত৷কিন্তু  ট্ৰুথ ছ'চিয়েলৰ যৌন স্পষ্ট সমলৰ প্ৰতি শূণ্য সহনশীলতা আছে৷ 

এপ্ৰিলত, ট্ৰাম্পৰ ট্ৰুথ ছ'চিয়েল এপটো এপ ষ্টোৰত আটাইতকৈ বেছি ডাউনলোড কৰা বিনামূলীয়া আইফোন এপ আছিল। আমোদজনক ভাৱে, যেতিয়া টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে টুইটাৰ অধিগ্ৰহণ কৰাৰ প্ৰক্ৰিয়াত আছিল, তেতিয়া তেওঁ ট্ৰাম্পক টুইটাৰত পুনৰ যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল। মাস্কে ট্ৰাম্পক নিষিদ্ধ কৰাৰ বাবে টুইটাৰ বিষয়াসকলক সমালোচনা কৰিছিল। অৱশ্যে, ট্ৰাম্পে নম্ৰতাৰে তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু