--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ অন্যতম ব্যস্ত জলপথ ছুৱেজ খালত ট্ৰেফিক জামৰ ফলত পুনৰ ব্যাহত হৈ পৰিছে পৰিবহন। খালটোৰ মাজভাগতে আৱদ্ধ হৈ পৰিছে এখন বিশাল মালবাহী জাহাজ।২৫০ মিটাৰ দীঘল এফিনিটি ভি নামৰ টেংকাৰ খনে চৌদি আৰৱলৈ যাত্ৰা আৰম্ভ কৰাৰ পিছতে  ছুৱেজ খালত হঠাতে আবদ্ধ হৈ পৰে। ছুৱেজ  খালৰ  দক্ষিণ অংশৰ সেই ঠাই খিনিতে পূৰ্বে  এভাৰ গিভন কণ্টেইনাৰ জাহাজ খন আবদ্ধ হৈ পৰিছিল। 

ফলত বহু দিনলৈ ছুৱেজ খালেৰে জাহাজৰ যাতায়াত বন্ধ আছিল। ২০২১ চনৰ মাৰ্চ মাহত  এক সপ্তাহৰ বাবে ছুৱেজ খালেৰে জাহাজৰ চলাচল বন্ধ হৈ পৰাত বিশ্বৰ বাণিজ্যত ব্যাপক প্ৰভাৱ পৰিছিল। ফলত জাহাজ খনৰ  মালিকসকলে বাধ্য হৈ   চুৱেজ খাল কৰ্তৃপক্ষক ২০০ মিলিয়ন ডলাৰৰ অধিক ক্ষতিপূৰণ পৰিশোধ কৰিবলগীয়া হৈছিল।

এইবাৰ আকৌ আন এখন জাহাজ আবদ্ধ হৈ পৰাত ছুৱেজ খাল কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে জাহাজ খন মুকলি কৰাৰ পদক্ষেপ গ্ৰহণ কৰে। বহু ঘণ্টা ধৰি চলোৱা প্ৰচেষ্টাৰ ফলত ছুৱেজ খালটো পুনৰ মুকলি কৰিব পৰা গৈছে বুলি জানিব পৰা গৈছে। 

 চুৱেজ খাল কৰ্তৃপক্ষৰ এজন মুখপাত্ৰ জৰ্জ চাফৱাটে ইজিপ্ত চৰকাৰৰ এক্সট্ৰা নিউজ চেনেলক কয়  যে বুধবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৭.১৫ বজাত এফিনিটি  নামৰ জাহাজ খন আবদ্ধ হৈ পৰিছিল যদিও  এতিয়া খালটো পুনৰ মুকলি কৰিব পৰা গৈছে।উল্লেখ্য বিশ্ব বাণিজ্যৰ প্ৰায় ১২ শতাংশ ছুৱেজ খালৰ মাজেৰেই  হয় । এই খালে  এছিয়া আৰু ইউৰোপৰ মাজত দ্ৰুততম বাণিজ্যিক পথ মুকলি কৰিছে।

২০২১ বৰ্ষত এভাৰ গিভন কণ্টেইনাৰ জাহাজ খন  ৪০০মিটাৰ দীঘল আৰু ৫৯ মিটাৰ উচ্চতাৰ মালবাহী জাহাজখন ছুৱেজ খালত আব্ধ হৈ পৰিছিল। 

জাহাখনে চীনৰ পৰা মালবাহী কন্টেইনাৰ লৈ নেদাৰলেণ্ডৰ ৰোটাৰডাম বন্ধৰলৈ গৈ আছিল।  

ইয়াৰ মাজতে নিয়ন্ত্ৰণ হেৰুৱাই জাহাখন ঘূৰিবলৈ আৰম্ভ কৰিছিল। অৱশেষত জাহাজখনৰ দুইটা মূৰ ছুৱেজ খালৰ দুটা পাৰে লাগি ধৰে।ফলত জাহাজখন ছুৱেজ খালত আৱদ্ধ হৈ পৰে।

অতি ব্যস্ত জলপথটোত এইদৰে জাহাজখন আৱদ্ধ হৈ পৰাত বহু দিনলৈ জলপথটো বন্ধ হৈ আছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান