--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ অন্যতম ব্যস্ত জলপথ ছুৱেজ খালত ট্ৰেফিক জামৰ ফলত পুনৰ ব্যাহত হৈ পৰিছে পৰিবহন। খালটোৰ মাজভাগতে আৱদ্ধ হৈ পৰিছে এখন বিশাল মালবাহী জাহাজ।২৫০ মিটাৰ দীঘল এফিনিটি ভি নামৰ টেংকাৰ খনে চৌদি আৰৱলৈ যাত্ৰা আৰম্ভ কৰাৰ পিছতে  ছুৱেজ খালত হঠাতে আবদ্ধ হৈ পৰে। ছুৱেজ  খালৰ  দক্ষিণ অংশৰ সেই ঠাই খিনিতে পূৰ্বে  এভাৰ গিভন কণ্টেইনাৰ জাহাজ খন আবদ্ধ হৈ পৰিছিল। 

ফলত বহু দিনলৈ ছুৱেজ খালেৰে জাহাজৰ যাতায়াত বন্ধ আছিল। ২০২১ চনৰ মাৰ্চ মাহত  এক সপ্তাহৰ বাবে ছুৱেজ খালেৰে জাহাজৰ চলাচল বন্ধ হৈ পৰাত বিশ্বৰ বাণিজ্যত ব্যাপক প্ৰভাৱ পৰিছিল। ফলত জাহাজ খনৰ  মালিকসকলে বাধ্য হৈ   চুৱেজ খাল কৰ্তৃপক্ষক ২০০ মিলিয়ন ডলাৰৰ অধিক ক্ষতিপূৰণ পৰিশোধ কৰিবলগীয়া হৈছিল।

এইবাৰ আকৌ আন এখন জাহাজ আবদ্ধ হৈ পৰাত ছুৱেজ খাল কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে জাহাজ খন মুকলি কৰাৰ পদক্ষেপ গ্ৰহণ কৰে। বহু ঘণ্টা ধৰি চলোৱা প্ৰচেষ্টাৰ ফলত ছুৱেজ খালটো পুনৰ মুকলি কৰিব পৰা গৈছে বুলি জানিব পৰা গৈছে। 

 চুৱেজ খাল কৰ্তৃপক্ষৰ এজন মুখপাত্ৰ জৰ্জ চাফৱাটে ইজিপ্ত চৰকাৰৰ এক্সট্ৰা নিউজ চেনেলক কয়  যে বুধবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৭.১৫ বজাত এফিনিটি  নামৰ জাহাজ খন আবদ্ধ হৈ পৰিছিল যদিও  এতিয়া খালটো পুনৰ মুকলি কৰিব পৰা গৈছে।উল্লেখ্য বিশ্ব বাণিজ্যৰ প্ৰায় ১২ শতাংশ ছুৱেজ খালৰ মাজেৰেই  হয় । এই খালে  এছিয়া আৰু ইউৰোপৰ মাজত দ্ৰুততম বাণিজ্যিক পথ মুকলি কৰিছে।

২০২১ বৰ্ষত এভাৰ গিভন কণ্টেইনাৰ জাহাজ খন  ৪০০মিটাৰ দীঘল আৰু ৫৯ মিটাৰ উচ্চতাৰ মালবাহী জাহাজখন ছুৱেজ খালত আব্ধ হৈ পৰিছিল। 

জাহাখনে চীনৰ পৰা মালবাহী কন্টেইনাৰ লৈ নেদাৰলেণ্ডৰ ৰোটাৰডাম বন্ধৰলৈ গৈ আছিল।  

ইয়াৰ মাজতে নিয়ন্ত্ৰণ হেৰুৱাই জাহাখন ঘূৰিবলৈ আৰম্ভ কৰিছিল। অৱশেষত জাহাজখনৰ দুইটা মূৰ ছুৱেজ খালৰ দুটা পাৰে লাগি ধৰে।ফলত জাহাজখন ছুৱেজ খালত আৱদ্ধ হৈ পৰে।

অতি ব্যস্ত জলপথটোত এইদৰে জাহাজখন আৱদ্ধ হৈ পৰাত বহু দিনলৈ জলপথটো বন্ধ হৈ আছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু