--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘যৌতুক প্ৰথাৰো আছে বহু গুণাগন৷ যৌতুক প্ৰথাৰ বাবে বহু যুৱতী বিয়াত বহিবলৈ সক্ষম হৈছে৷ আনকি কুৎসিত যুৱতীও যৌতুক প্ৰথাৰ বাবে বিবাহত বহিব পাৰে৷’ যৌতুক প্ৰথাৰ গুণাগুণ আৰু সুবিধা ব্যখ্যা কৰা এখন কিতাপৰ তালিকাভুক্ত এটি পৃষ্ঠা৷ এই কিতাপখনৰ পৃষ্ঠাটোৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ যাৰ ফলত সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিতাপৰ পাতত সন্নিৱিষ্ট এনেধৰণৰ কথাই উঠি অহা প্ৰজন্ম বা সমাজলৈ কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে তাক লৈ সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে।

টি কে ইন্দ্ৰাণীয়ে নাৰ্ছসকলৰ বাবে লিখা সমাজবিজ্ঞানৰ পাঠ্যক্ৰমত অৰ্ন্তভুক্ত কৰা হৈছে এই কিতাপখন৷ এই কিতাপখনত থকা পৃষ্ঠাত 'যৌতুকৰ গুণাগুণ'ৰ বিষয়ে প্ৰকাশ কৰা হৈছে। কিতাপখন নাৰ্চিং শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিবলগীয়া হয়৷ লগতে, ইয়াৰ বেটুপাতত কোৱা হৈছে যে, ইয়াক ভাৰতীয় নাৰ্চিং পৰিষদৰ পাঠ্যক্ৰম অনুসৰি লিখা হৈছে।



পৃষ্ঠাটোৰ ছবি শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ ভিতৰত আছিল শিৱসেনাৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীও৷ যিয়ে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক এনে কিতাপ প্ৰচলনৰ পৰা আঁতৰাবলৈ আহ্বান জনায় আৰু আমাৰ পাঠ্যক্ৰমত এনে কিতাপৰ অন্তৰ্ভুক্তি লজ্জাজনক বুলিও উল্লেখ কৰে।

কিতাপখনৰ এই বিশেষ পৃষ্ঠাটোত কোৱা হৈছে যে আচবাব, বিভিন্ন ঘৰুৱা সঁজুলি যেনে ৰেফ্ৰিজাৰেটৰ আৰু বাহনে নতুন পৰিয়াল গঢ়াত সহায় কৰে। বিয়াৰ পাছত যুৱতীসকলে পিতৃ-মাতৃৰ সম্পত্তিৰ আধা অংশ যৌতুক হিচাপে লাভ কৰিব পাৰে বুলি উল্লেখ কৰা হৈছে কিতাপখনত৷ 
উল্লেখ্য যে, যৌতুকৰ দাবীত মহিলাসকলক হাৰাশাস্তি কৰা, শাৰীৰিকভাৱে আক্ৰমণ কৰা, হত্যা কৰা আৰু আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ বাতৰিয়ে আজিও সংবাদ শিৰোনাম দখল কৰি আহিছে। 

লগতে এই পৃষ্ঠাটোত কৈছে যে যৌতুক প্ৰথাৰ এটা পৰোক্ষ সুবিধা হৈছে যে অভিভাৱকসকলে এতিয়া তেওঁলোকৰ কন্যা সন্তানক পঢ়ুৱাবলৈ আগ্ৰহী হৈ পৰিছে৷ যাৰ ফলত তেওঁলোকে কম যৌতুক দিবলগীয়া হোৱা পৰিলক্ষিত হৈছে। পৃষ্ঠাটোৰ শেষ কথাটোত কোৱা হৈছে যে যৌতুক প্ৰণালীয়ে কুৎসিত দেখা ছোৱালীকো বিয়াত বহাত সহায় কৰিব পাৰে।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা কিতাপখনৰ পৃষ্ঠাটো সকলো মাধ্যমতে চৰ্চাৰ বিষয় হৈ পৰিছে৷ কোনোৱে কমেণ্টযোগে কৈছে যে, ই এক ভয়ংকৰ অধ্যায়৷ আন কোনোৱে লিখিছে যে, এনে পাঠ্যক্ৰমে দেশৰ যুৱ সমাজক ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
চুলি সুন্দৰ কৰি ৰাখিবলৈ মহিলাসকলে প্ৰতিদিনে খাওক এইবোৰ বস্তু
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ