--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘যৌতুক প্ৰথাৰো আছে বহু গুণাগন৷ যৌতুক প্ৰথাৰ বাবে বহু যুৱতী বিয়াত বহিবলৈ সক্ষম হৈছে৷ আনকি কুৎসিত যুৱতীও যৌতুক প্ৰথাৰ বাবে বিবাহত বহিব পাৰে৷’ যৌতুক প্ৰথাৰ গুণাগুণ আৰু সুবিধা ব্যখ্যা কৰা এখন কিতাপৰ তালিকাভুক্ত এটি পৃষ্ঠা৷ এই কিতাপখনৰ পৃষ্ঠাটোৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ যাৰ ফলত সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিতাপৰ পাতত সন্নিৱিষ্ট এনেধৰণৰ কথাই উঠি অহা প্ৰজন্ম বা সমাজলৈ কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে তাক লৈ সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে।

টি কে ইন্দ্ৰাণীয়ে নাৰ্ছসকলৰ বাবে লিখা সমাজবিজ্ঞানৰ পাঠ্যক্ৰমত অৰ্ন্তভুক্ত কৰা হৈছে এই কিতাপখন৷ এই কিতাপখনত থকা পৃষ্ঠাত 'যৌতুকৰ গুণাগুণ'ৰ বিষয়ে প্ৰকাশ কৰা হৈছে। কিতাপখন নাৰ্চিং শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিবলগীয়া হয়৷ লগতে, ইয়াৰ বেটুপাতত কোৱা হৈছে যে, ইয়াক ভাৰতীয় নাৰ্চিং পৰিষদৰ পাঠ্যক্ৰম অনুসৰি লিখা হৈছে।



পৃষ্ঠাটোৰ ছবি শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ ভিতৰত আছিল শিৱসেনাৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীও৷ যিয়ে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক এনে কিতাপ প্ৰচলনৰ পৰা আঁতৰাবলৈ আহ্বান জনায় আৰু আমাৰ পাঠ্যক্ৰমত এনে কিতাপৰ অন্তৰ্ভুক্তি লজ্জাজনক বুলিও উল্লেখ কৰে।

কিতাপখনৰ এই বিশেষ পৃষ্ঠাটোত কোৱা হৈছে যে আচবাব, বিভিন্ন ঘৰুৱা সঁজুলি যেনে ৰেফ্ৰিজাৰেটৰ আৰু বাহনে নতুন পৰিয়াল গঢ়াত সহায় কৰে। বিয়াৰ পাছত যুৱতীসকলে পিতৃ-মাতৃৰ সম্পত্তিৰ আধা অংশ যৌতুক হিচাপে লাভ কৰিব পাৰে বুলি উল্লেখ কৰা হৈছে কিতাপখনত৷ 
উল্লেখ্য যে, যৌতুকৰ দাবীত মহিলাসকলক হাৰাশাস্তি কৰা, শাৰীৰিকভাৱে আক্ৰমণ কৰা, হত্যা কৰা আৰু আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ বাতৰিয়ে আজিও সংবাদ শিৰোনাম দখল কৰি আহিছে। 

লগতে এই পৃষ্ঠাটোত কৈছে যে যৌতুক প্ৰথাৰ এটা পৰোক্ষ সুবিধা হৈছে যে অভিভাৱকসকলে এতিয়া তেওঁলোকৰ কন্যা সন্তানক পঢ়ুৱাবলৈ আগ্ৰহী হৈ পৰিছে৷ যাৰ ফলত তেওঁলোকে কম যৌতুক দিবলগীয়া হোৱা পৰিলক্ষিত হৈছে। পৃষ্ঠাটোৰ শেষ কথাটোত কোৱা হৈছে যে যৌতুক প্ৰণালীয়ে কুৎসিত দেখা ছোৱালীকো বিয়াত বহাত সহায় কৰিব পাৰে।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা কিতাপখনৰ পৃষ্ঠাটো সকলো মাধ্যমতে চৰ্চাৰ বিষয় হৈ পৰিছে৷ কোনোৱে কমেণ্টযোগে কৈছে যে, ই এক ভয়ংকৰ অধ্যায়৷ আন কোনোৱে লিখিছে যে, এনে পাঠ্যক্ৰমে দেশৰ যুৱ সমাজক ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ