--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ ৰাজনীতিত ৰাহুল গান্ধীৰ স্থান কি কাৰ্যদক্ষতা কিমান সেই সকলো কথা এটা ভিন্ন প্ৰসংগ। ৰাহুল গান্ধীৰ নেতৃত্বৰ কুশলতা তথা দক্ষতাক লৈও উত্থাপন হৈ আহিছে প্ৰশ্ন চিহ্নৰ। কিন্তু তথাপি দেশৰ একাংশ লোকৰ আন্তৰিকতা আৰু স্নেহৰ অৱসান হোৱা নাই। কংগ্ৰেছৰ সুদিনৰ সময়ত ৰাজকুমাৰ আখ্যা পোৱা ৰাহুল গান্ধীয়ে সেই মৰ্যাদা আৰু স্থান এতিয়া হেৰুৱাইছে যদিও তেওঁৰ প্ৰতি একাংশৰ পুত্ৰৱৎ অপত্য স্নেহৰ অৱসান হোৱা নাই। তাৰ শেহতীয়া নিদৰ্শন দেখিবলৈ পোৱা গৈছে উত্তৰাখণ্ডৰ ডেৰাডুনত।     

 

সোমবাৰে উত্তৰাখণ্ডৰ ডেৰাডুনৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলাই তেওঁৰ সকলো সম্পত্তি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নামলৈ হস্তান্তৰ কৰাৰ কথা প্ৰকাশ কৰিছে। মহিলাগৰাকীয়ে ইয়াৰ বাবে আদালতত এখন  ইচ্ছাপত্ৰ বা উইল প্ৰস্তুত ৰে। ইচ্ছাপত্ৰত তেওঁৰ সম্পত্তিৰ সম্পূৰ্ণ বিৱৰণ দি, ৮০ বছৰীয়া পুষ্পা মুঞ্জিয়ালে আদালতক সেই সম্পত্তি ৰাহুল গান্ধীৰ নামত কৰাৰ বাবে আহ্বান জনা। মহিলাগৰাকীয়ে অনুৰোধ কৰিছিল যে তেওঁৰ মৃত্যুৰ পাছত, তেওঁৰ সমস্ত সম্পত্তি মালিকীস্বত্ব ৰাহুল গান্ধীক হস্তান্তৰ কৰা হয়

 

কিয় হস্তান্তৰ কৰিলে সম্পত্তি

ডেৰাডুন মহানগৰ কংগ্ৰেছৰ সভাপতি লাল চান্দ শৰ্মাই কয় যে মুঞ্জিয়ালে পাছত তেওঁৰ যমুনা কল’নীৰ বাসগৃহত ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰীতম সিঙক সম্পত্তিৰ প্ৰমাণপত্ৰ হস্তান্তৰ কৰিছিল। চৰকাৰী বিদ্যালয়ৰ শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰা মুঞ্জিয়ালে কয় যে, তেওঁ ৰাহুল গান্ধীৰ মতাদৰ্শৰ দ্বাৰা ব্যাপকভাৱে প্ৰভাৱিত হৈছিল আৰু সেইবাবে তেওঁ তেওঁৰ সম্পত্তি ৰাহুল গান্ধীলৈ হস্তান্তৰ কৰিব বিচাৰে। মুঞ্জিয়ালে কয় যে, গান্ধী পৰিয়ালে দেশৰ বাবে সদায় সৰ্বোচ্চ ত্যাগ কৰি আহিছে, দেশৰ স্বাধীনতাৰ পৰা আজিলৈকে দেশলৈ গান্ধী পৰিয়ালৰ অৱদান আছে বুলি তেওঁ প্ৰকাশ কৰে

গান্ধী পৰিয়ালৰ অৱদানৰ প্ৰতি কৃতজ্ঞ

‘ইন্দিৰা গান্ধীয়েই হওক বা ৰাজীৱ গান্ধীয়েই হওক, তেওঁলোকে দেশৰ একতা আৰু অখণ্ডতাৰ বাবে নিজৰ জীৱন উৎসর্গ কৰিছিল। একেদৰে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে দেশৰ সেৱাৰ বাবে নিজকে সমৰ্পিত কৰিছে।’ বয়োজ্যেষ্ঠ মহিলাগৰাকীয়ে এই কথা অন্তঃকৰণেৰে বিশ্বাস কৰি আহিছে। তেওঁ কয় যে, তেওঁৰ দেউতাকৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আছিল। গোটেই জীৱন অবিবাহিত হৈ থকা মুঞ্জিয়ালে বৰ্তমান ডেৰাডুনৰ প্ৰেমধাম বৃদ্ধাশ্ৰমত বাস কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
চুলি সুন্দৰ কৰি ৰাখিবলৈ মহিলাসকলে প্ৰতিদিনে খাওক এইবোৰ বস্তু
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ