--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ ৰাজনীতিত ৰাহুল গান্ধীৰ স্থান কি কাৰ্যদক্ষতা কিমান সেই সকলো কথা এটা ভিন্ন প্ৰসংগ। ৰাহুল গান্ধীৰ নেতৃত্বৰ কুশলতা তথা দক্ষতাক লৈও উত্থাপন হৈ আহিছে প্ৰশ্ন চিহ্নৰ। কিন্তু তথাপি দেশৰ একাংশ লোকৰ আন্তৰিকতা আৰু স্নেহৰ অৱসান হোৱা নাই। কংগ্ৰেছৰ সুদিনৰ সময়ত ৰাজকুমাৰ আখ্যা পোৱা ৰাহুল গান্ধীয়ে সেই মৰ্যাদা আৰু স্থান এতিয়া হেৰুৱাইছে যদিও তেওঁৰ প্ৰতি একাংশৰ পুত্ৰৱৎ অপত্য স্নেহৰ অৱসান হোৱা নাই। তাৰ শেহতীয়া নিদৰ্শন দেখিবলৈ পোৱা গৈছে উত্তৰাখণ্ডৰ ডেৰাডুনত।     

 

সোমবাৰে উত্তৰাখণ্ডৰ ডেৰাডুনৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলাই তেওঁৰ সকলো সম্পত্তি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নামলৈ হস্তান্তৰ কৰাৰ কথা প্ৰকাশ কৰিছে। মহিলাগৰাকীয়ে ইয়াৰ বাবে আদালতত এখন  ইচ্ছাপত্ৰ বা উইল প্ৰস্তুত ৰে। ইচ্ছাপত্ৰত তেওঁৰ সম্পত্তিৰ সম্পূৰ্ণ বিৱৰণ দি, ৮০ বছৰীয়া পুষ্পা মুঞ্জিয়ালে আদালতক সেই সম্পত্তি ৰাহুল গান্ধীৰ নামত কৰাৰ বাবে আহ্বান জনা। মহিলাগৰাকীয়ে অনুৰোধ কৰিছিল যে তেওঁৰ মৃত্যুৰ পাছত, তেওঁৰ সমস্ত সম্পত্তি মালিকীস্বত্ব ৰাহুল গান্ধীক হস্তান্তৰ কৰা হয়

 

কিয় হস্তান্তৰ কৰিলে সম্পত্তি

ডেৰাডুন মহানগৰ কংগ্ৰেছৰ সভাপতি লাল চান্দ শৰ্মাই কয় যে মুঞ্জিয়ালে পাছত তেওঁৰ যমুনা কল’নীৰ বাসগৃহত ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰীতম সিঙক সম্পত্তিৰ প্ৰমাণপত্ৰ হস্তান্তৰ কৰিছিল। চৰকাৰী বিদ্যালয়ৰ শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰা মুঞ্জিয়ালে কয় যে, তেওঁ ৰাহুল গান্ধীৰ মতাদৰ্শৰ দ্বাৰা ব্যাপকভাৱে প্ৰভাৱিত হৈছিল আৰু সেইবাবে তেওঁ তেওঁৰ সম্পত্তি ৰাহুল গান্ধীলৈ হস্তান্তৰ কৰিব বিচাৰে। মুঞ্জিয়ালে কয় যে, গান্ধী পৰিয়ালে দেশৰ বাবে সদায় সৰ্বোচ্চ ত্যাগ কৰি আহিছে, দেশৰ স্বাধীনতাৰ পৰা আজিলৈকে দেশলৈ গান্ধী পৰিয়ালৰ অৱদান আছে বুলি তেওঁ প্ৰকাশ কৰে

গান্ধী পৰিয়ালৰ অৱদানৰ প্ৰতি কৃতজ্ঞ

‘ইন্দিৰা গান্ধীয়েই হওক বা ৰাজীৱ গান্ধীয়েই হওক, তেওঁলোকে দেশৰ একতা আৰু অখণ্ডতাৰ বাবে নিজৰ জীৱন উৎসর্গ কৰিছিল। একেদৰে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে দেশৰ সেৱাৰ বাবে নিজকে সমৰ্পিত কৰিছে।’ বয়োজ্যেষ্ঠ মহিলাগৰাকীয়ে এই কথা অন্তঃকৰণেৰে বিশ্বাস কৰি আহিছে। তেওঁ কয় যে, তেওঁৰ দেউতাকৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আছিল। গোটেই জীৱন অবিবাহিত হৈ থকা মুঞ্জিয়ালে বৰ্তমান ডেৰাডুনৰ প্ৰেমধাম বৃদ্ধাশ্ৰমত বাস কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক