--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিস্ফোৰণৰ তদন্তত প্ৰকাশ পোৱা মতে, ডাঃ ওমৰৰ সৈতে সম্পর্ক থকা ইম্ফলৰ যুৱতীগৰাকীক ফুচুলাই তথা প্ৰৰোচিত কৰি ধৰ্মান্তৰ কৰা হৈছিল।

ডিজিটেল ডেস্ক : দিল্লীত ১০ নৱেম্বৰত হোৱা কাৰ বোমাৰ বিস্ফোৰণৰ ঘটনাত জড়িত ফৰিদাবাদৰ সন্ত্রাসবাদী চক্ৰটোৰ সৈতে মণিপুৰৰ ইম্ফলৰ এগৰাকী যুৱতীৰ নামো সাঙোৰ খাই পৰিছে। এই যুৱতীগৰাকীক কৰা জেৰাত তেওঁ দিল্লীৰ বিস্ফোৰণৰ আত্মঘাতী বোমাৰু ডাঃ ওমৰ নবিৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ কৰে।


বিস্ফোৰণৰ তদন্তত প্ৰকাশ পোৱা মতে, ডাঃ ওমৰৰ সৈতে সম্পর্ক থকা ইম্ফলৰ যুৱতীগৰাকীক ফুচুলাই তথা প্ৰৰোচিত কৰি ধৰ্মান্তৰ কৰা হৈছিল। তেওঁৰ নাম সলনি কৰি মৰিয়ম কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে তেওঁক মুছলমানৰ পৰিচয় দিয়াৰ চেষ্টা কৰা হয়।


তদন্তকাৰী সূত্ৰসমূহৰ তথ্যত প্রকাশ কৰা মতে, ইম্ফলৰ যুৱতীগৰাকীক সন্ত্রাসবাদীৰ চক্ৰটোৱে বাছনি কৰিছিল সীমান্তৱৰ্তী, আদিবাসী হোৱাৰ প্ৰতি লক্ষ্য ৰাখি যাতে নিৰাপত্তা তথা চোৰাংচোৱা সংস্থাসমূহৰ চকুত সহজে ধৰা নপৰে। অৱশ্যে যুৱতীগৰাকীয়ে প্ৰকাশ কৰা মতে, তেওঁ জ্যেষ্ঠ ফেকাল্টী মেম্বাৰ হোৱা হেতুকে ওমৰৰ নিৰ্দেশ মানি চলিবলৈ বাধ্য হৈছিল যদিও তেওঁৰ মৌলবাদী ইছলামিক চিন্তাধাৰাক কেতিয়াও গুৰুত্বসহকাৰে লোৱা নাছিল। কেবল জ্যেষ্ঠ হিচাপে সন্মান জনাই ওমবে আহ্বান কৰা অনানুষ্ঠানিক বৈঠকত অংশগ্রহণ কৰিছিল। ডাঃ ওমৰৰ মৌলবাদী দর্শনক তেওঁ কেতিয়াও মানি চলা নাছিল।


উল্লেখযোগ্য যে ডাঃ ওমৰে সমগ্র দেশতে চৰমপন্থী মৌলবাদ প্ৰচাৰৰ বাবে ব্যাপক হাৰত প্রচেষ্টা চলাইছিল আৰু তেওঁৰ লগতে ফৰিদাবাদৰ সন্ত্রাসবাদী চক্ৰটোৰ প্রধান লক্ষ্য আছিল ছাত্র-ছাত্রী, তেওঁৰ কনিষ্ঠ সহকর্মী, আৰু আর্থিকভাৱ দুর্বল যুৱক-যুৱতী। তেওঁ ফেকাল্টীৰ জ্যেষ্ঠ সদস্য তথা শিক্ষকৰ পদত থকাৰ সুযোগ লৈ তেওঁলোকক তেওঁ আহ্বান কৰা অনানুষ্ঠানিক বৈঠকত অংশগ্রহণ কৰিবলৈ বাধ্য কৰোৱাইছিল। আনকি ডাঃ ওমৰে তেওঁৰ নিৰ্দেশ মানি চলিবলৈ ছাত্র-ছাত্ৰীসকলক বাধ্যও কৰোৱাইছিল।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু