--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিস্ফোৰণৰ তদন্তত প্ৰকাশ পোৱা মতে, ডাঃ ওমৰৰ সৈতে সম্পর্ক থকা ইম্ফলৰ যুৱতীগৰাকীক ফুচুলাই তথা প্ৰৰোচিত কৰি ধৰ্মান্তৰ কৰা হৈছিল।

ডিজিটেল ডেস্ক : দিল্লীত ১০ নৱেম্বৰত হোৱা কাৰ বোমাৰ বিস্ফোৰণৰ ঘটনাত জড়িত ফৰিদাবাদৰ সন্ত্রাসবাদী চক্ৰটোৰ সৈতে মণিপুৰৰ ইম্ফলৰ এগৰাকী যুৱতীৰ নামো সাঙোৰ খাই পৰিছে। এই যুৱতীগৰাকীক কৰা জেৰাত তেওঁ দিল্লীৰ বিস্ফোৰণৰ আত্মঘাতী বোমাৰু ডাঃ ওমৰ নবিৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ কৰে।


বিস্ফোৰণৰ তদন্তত প্ৰকাশ পোৱা মতে, ডাঃ ওমৰৰ সৈতে সম্পর্ক থকা ইম্ফলৰ যুৱতীগৰাকীক ফুচুলাই তথা প্ৰৰোচিত কৰি ধৰ্মান্তৰ কৰা হৈছিল। তেওঁৰ নাম সলনি কৰি মৰিয়ম কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে তেওঁক মুছলমানৰ পৰিচয় দিয়াৰ চেষ্টা কৰা হয়।


তদন্তকাৰী সূত্ৰসমূহৰ তথ্যত প্রকাশ কৰা মতে, ইম্ফলৰ যুৱতীগৰাকীক সন্ত্রাসবাদীৰ চক্ৰটোৱে বাছনি কৰিছিল সীমান্তৱৰ্তী, আদিবাসী হোৱাৰ প্ৰতি লক্ষ্য ৰাখি যাতে নিৰাপত্তা তথা চোৰাংচোৱা সংস্থাসমূহৰ চকুত সহজে ধৰা নপৰে। অৱশ্যে যুৱতীগৰাকীয়ে প্ৰকাশ কৰা মতে, তেওঁ জ্যেষ্ঠ ফেকাল্টী মেম্বাৰ হোৱা হেতুকে ওমৰৰ নিৰ্দেশ মানি চলিবলৈ বাধ্য হৈছিল যদিও তেওঁৰ মৌলবাদী ইছলামিক চিন্তাধাৰাক কেতিয়াও গুৰুত্বসহকাৰে লোৱা নাছিল। কেবল জ্যেষ্ঠ হিচাপে সন্মান জনাই ওমবে আহ্বান কৰা অনানুষ্ঠানিক বৈঠকত অংশগ্রহণ কৰিছিল। ডাঃ ওমৰৰ মৌলবাদী দর্শনক তেওঁ কেতিয়াও মানি চলা নাছিল।


উল্লেখযোগ্য যে ডাঃ ওমৰে সমগ্র দেশতে চৰমপন্থী মৌলবাদ প্ৰচাৰৰ বাবে ব্যাপক হাৰত প্রচেষ্টা চলাইছিল আৰু তেওঁৰ লগতে ফৰিদাবাদৰ সন্ত্রাসবাদী চক্ৰটোৰ প্রধান লক্ষ্য আছিল ছাত্র-ছাত্রী, তেওঁৰ কনিষ্ঠ সহকর্মী, আৰু আর্থিকভাৱ দুর্বল যুৱক-যুৱতী। তেওঁ ফেকাল্টীৰ জ্যেষ্ঠ সদস্য তথা শিক্ষকৰ পদত থকাৰ সুযোগ লৈ তেওঁলোকক তেওঁ আহ্বান কৰা অনানুষ্ঠানিক বৈঠকত অংশগ্রহণ কৰিবলৈ বাধ্য কৰোৱাইছিল। আনকি ডাঃ ওমৰে তেওঁৰ নিৰ্দেশ মানি চলিবলৈ ছাত্র-ছাত্ৰীসকলক বাধ্যও কৰোৱাইছিল।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ