--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্ত্রাসবাদী কেইটাৰ পৰা বৃহৎ পৰিমাণৰ গ্রেনেড জব্দ কৰে। বিশেষকৈ পঞ্জাবত এলানি গ্রেনেড্ আক্ৰমণ কৰি ৰাজ্যখনক অশান্ত কৰাৰ পৰিকল্পনা কৰি আছিল সন্ত্রাসবাদীৰ চক্ৰটোৱে।

ডিজিটেল ডেস্ক : পাকিস্তানৰ চোৰাংচোৱা সংস্থা, আই এছ আয়ে পৃষ্ঠপোষকতা কৰি থকা এটা খালিস্তানী সন্ত্রাসবাদীৰ চক্ৰক বৃহস্পতিবাৰে উৎখাত কৰিবলৈ সক্ষম হৈছে পঞ্জাব আৰক্ষী। এই সন্ত্রাসবাদীৰ চক্ৰটোৱে ভাৰতত এলানি গ্রেনেডৰ আক্ৰমণৰ পৰিকল্পনা কৰি আছিল। এই সংক্রান্তত নিৰাপত্তা বাহিনীয়ে ১০টা সন্দেহজনক সন্ত্রাসবাদীক গ্ৰেপ্তাৰ কৰিছে।


আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্ত্রাসবাদী কেইটাৰ পৰা বৃহৎ পৰিমাণৰ গ্রেনেড জব্দ কৰে। বিশেষকৈ পঞ্জাবত এলানি গ্রেনেড্ আক্ৰমণ কৰি ৰাজ্যখনক অশান্ত কৰাৰ পৰিকল্পনা কৰি আছিল সন্ত্রাসবাদীৰ চক্ৰটোৱে। এই সন্ত্রাসবাদীৰ গোটটোৱে পাকিস্তান- ভিত্তিক হেণ্ডলাৰৰ সৈতে যোগাযোগ ৰাখিছিল আৰু পাকিস্তানী হেণ্ডলাৰবোৰে সন্ত্রাসবাদীৰ গোটটোক আক্ৰমণৰ পৰিকল্পনাৰ দিশত নির্দেশনা দি আছিল। পঞ্জাবৰ আৰক্ষী সঞ্চালক প্রধান গৌৰৱ যাদবে কয় যে গ্ৰেপ্তাৰ কৰা সন্ত্রাসবাদীৰ গোটটোৰ তিনিটা সদস্যক ক্রমে কুলদ্বীপ সিং, শেখৰ সিং আৰু অজয় সিং হিচাপে চিনাক্ত কৰা হৈছে। তেওঁলোক পঞ্জাবৰ মুক্তাৰ চাহেবৰ বাসিন্দা।


ডি জি পি যাদৱে কয় যে আনকেইটা সন্ত্রাসবাদী অমৰিক সিং, পৰমিন্দাৰ ওৰফে ছিবি, বিজয়, সুখজিৎ সিং ওৰফে সুখ ব্ৰাৰ, সুখবিন্দৰ সিং, কৰণবীৰ সিং ওৰফে বিকি আৰু সাজন কুমাৰ ওৰফে সাজন বুলি চিনাক্ত কৰা হৈছে। এই সন্ত্রাসবাদীকেইটাক সন্ত্রাসবাদী গোটটোৱে গ্রেনেড্ পৰিবহণ আৰু অন্যান্য সঁজুলিবোৰ সৰবৰাহ কৰা কাৰ্যত নিয়োজিত কৰিছিল। প্ৰাথমিক অনুসন্ধানত প্রকাশ পাইছে যে এই সন্ত্রাসবাদীৰ গোটটোৱে পাকিস্তানৰ আই এছ আইৰ সহযোগত মালয়েছিয়াৰ পৰা গ্রেনেড্ সৰবৰাহ কৰি পঞ্জাবত গ্রেনেড্ আক্ৰমণৰ ভয়ানক পৰিকল্পনা কৰিছিল। ডি জি পিজনে কয় যে এই গ্রেনেড্ যোগানৰ মাষ্টাৰমাইণ্ড হৈছে মালয়েছিয়া-ভিত্তিক মাষ্টাৰমাইণ্ড অজয় ওৰফে অজয় মালয়েছিয়া, জাছ বেহবল আৰু পৱনদ্বীপ। পঞ্জাব আৰক্ষীয়ে এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে।


উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ