--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ডেলিভাৰী বয়ে এগৰাকী মডেলৰ লগত কৰিলে অপকৰ্ম। হান্না পিটাৰ্ছ নামৰ এগৰাকী মডেলে এজন ডেলিভাৰী বয়ৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ। ২৫ বছৰীয়া হান্নাই কৈছিল যে অলপতে এটা কুৰিয়াৰ কোম্পানীৰ পৰা এজন ডেলিভাৰী বয়ে তেওঁৰ ঘৰলৈ কাপোৰ ডেলিভাৰী দিবলৈ আহিছিল। কিন্তু তেওঁ লাগেজটো ল'বলৈ দুৱাৰৰ ওচৰলৈ যোৱাৰ লগে লগে ডেলিভাৰী বয়টোৱে এক অপকৰ্ম কৰিলে। 

মডেল হান্না পিটাৰ্ছে কৈছিল যে লাগেজটো দিয়াৰ সময়ত "ডেলিভাৰী বয়জনে মোৰ কামৰ বিষয়ে সুধিছিল আৰু তাৰপাছত মোৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছিল, কিন্তু ইয়াৰ মাজতে তেওঁ মোৰ গোপন অংগ স্পৰ্শ কৰিছিল। যেতিয়া মই এই কথাৰ প্ৰতিবাদ কৰিছিলোঁ তেতিয়া তেওঁ মোক চুমা খাই পলায়ন কৰিছিল। কেৱল সেয়াই নহয়, যাওঁতে ডেলিভাৰী বয়জনে লগতে কৈছিল যে তেওঁ এইকথা তেওঁৰ সকলো বন্ধুবৰ্গক ক'ব।" ঘটনাটোৰ পিছত হান্নাই যথেষ্ট ভয় খাইছে। ঘৰৰ দুৱাৰৰ ওচৰলৈ যাবলৈ ভয় কৰা হৈছে মডেলগৰাকীয়ে। 

তেওঁ আৰক্ষীৰ ওচৰত এক অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। ঘটনাটোৰ সন্দৰ্ভত কুৰিয়াৰ কোম্পানীয়ে কয় যে আমি এনে ধৰণৰ যিকোনো অভিযোগ গুৰুত্ব সহকাৰে লওঁ। ঘটনাটোৰ তদন্ত কৰা হ'ব।"

হান্না পিটাৰ্ছে কৈছিল, "এগৰাকী মডেল হিচাপে মই মোৰ শৰীৰটো মঞ্চ, টিভি আৰু আলোচনীত দেখুৱাওঁ, ইয়াৰ অৰ্থ এইটো নহয় যে যিকোনো মানুহে যেতিয়াই বিচাৰে মোক স্পৰ্শ কৰিব পাৰিব।" হান্না পিটাৰ্ছে ন্যায় পাব বুলি আশাৰে ৰৈছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু