--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সন্দেহবশতঃ লোকে যেতিয়া গাড়ীখনৰ কাষলৈ গৈ পৰীক্ষা কৰে, তেতিয়াই পৰাগজ্যোতি গগৈক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে এই সন্দৰ্ভত ডিমৌ আৰক্ষীক খবৰ দিয়া হয়।

ডিজিটেল ডেস্ক: ডিমৌত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ জামুকতলত এখন ৰৈ থকা গাড়ীৰ ভিতৰৰ পৰা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। মৃত যুৱকজন পৰাগ জ্যোতি গগৈ (২৬) বুলি জানিব পৰা গৈছে। মৃত পৰাগ জ্যোতি থাওৰা মাজ গাঁৱৰ হিতেশ্বৰ গগৈৰ একমাত্ৰ পুত্ৰ আছিল।


স্থানীয় লোকৰ ভাষ্য অনুসৰি, বিয়লি প্ৰায় ১:৩০ বজাৰ পৰা জামুকতলত AS 06 M 5695 নম্বৰৰ ইঅন (Eon) গাড়ীখন বহু সময় ধৰি আছিল। সেই সময়ত আন এখন গাড়ীও তাতে আছিল। সন্ধিয়া পৰ্যন্ত ইঅন গাড়ীখন একে ঠাইতে থকাত স্থানীয় ৰাইজৰ সন্দেহ ওপজে। 


সন্দেহবশতঃ লোকে যেতিয়া গাড়ীখনৰ কাষলৈ গৈ পৰীক্ষা কৰে, তেতিয়াই পৰাগজ্যোতি গগৈক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে এই সন্দৰ্ভত ডিমৌ আৰক্ষীক খবৰ দিয়া হয়।


স্থানীয় ৰাইজে জনোৱা মতে, থাওৰা মাজগাঁওৰে বিশ্বজিৎ গগৈ ওৰফে কেম্বেল নামৰ এজন যুৱক পৰাগৰ সৈতে আছিল। বিশ্বজিৎ অঞ্চলটোত এজন ড্ৰাগছ সৰবৰাহকাৰী হিচাপে পৰিচিত। গুৰুতৰ অভিযোগ অনুসৰি, বিশ্বজিতে যোগান ধৰা ড্ৰাগছ সেৱন কৰাৰ ফলতেই পৰাগজ্যোতিৰ মৃত্যু ঘটে। পৰাগৰ মৃত্যু হোৱাৰ উমান পাইয়েই বিশ্বজিতে নিজৰ বাহনখনেৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।


স্থানীয় ৰাইজৰ দাবী যে ইয়াৰ পূৰ্বেও থাওৰাৰে আন এজন যুৱকে এই বিশ্বজিতৰ চক্ৰান্তত পৰি অনুৰূপ ধৰণে গাড়ীৰ ভিতৰতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।


ইতিমধ্যে ডিমৌ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰাগজ্যোতি গগৈৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটনৰ বাবে ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?