--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • এই কৰ্মশালাখন সবল, জবাবদিহি আৰু সঁহাৰিমূলক পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহৰ জৰিয়তে গ্ৰাম্য ভাৰতত সেৱা প্ৰদানৰ ব্যৱস্থা উন্নত কৰা আৰু জীৱন ধাৰণৰ সহজতা শক্তিশালী কৰাৰ লক্ষ্যৰে পঞ্চায়তীৰাজ মন্ত্ৰালয়ে গ্ৰহণ কৰা ধাৰাবাহিক পদক্ষেপৰ এক অংশ।

ডিজিটেল ডেস্ক: পঞ্চায়তীৰাজ মন্ত্ৰালয়ে গুৱাহাটীত ‘সেৱা ছে সমৃদ্ধি: পঞ্চায়তচালিত সেৱা প্ৰদান’ শীৰ্ষক এক আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰে। এই কৰ্মশালাখন “কমন চাৰ্ভিচেছ চেণ্টাৰ স্পেচিয়েল পাৰপাজ ভেহিকল (CSC-SPV)’ আৰু অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত আয়োজন কৰা হয়।


এই কৰ্মশালাখন সবল, জবাবদিহি আৰু সঁহাৰিমূলক পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহৰ জৰিয়তে গ্ৰাম্য ভাৰতত সেৱা প্ৰদানৰ ব্যৱস্থা উন্নত কৰা আৰু জীৱন ধাৰণৰ সহজতা শক্তিশালী কৰাৰ লক্ষ্যৰে পঞ্চায়তীৰাজ মন্ত্ৰালয়ে গ্ৰহণ কৰা ধাৰাবাহিক পদক্ষেপৰ এক অংশ। এই কৰ্মশালাই সাতখন ৰাজ্য ক্ৰমে অসম (আয়োজক), অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাৱ, ৰাজস্থান আৰু তেলেংগানাৰ ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ লগতে পঞ্চায়ত কৰ্মী, নিৰ্বাচিত প্ৰতিনিধি আৰু গাঁও পৰ্যায়ৰ উদ্যমী ব্যক্তি(VLEs) সকলক একত্ৰিত কৰিছে।


কৰ্মশালাত অধ্যক্ষতা কৰে কেন্দ্ৰীয় পঞ্চায়তীৰাজ ৰাজ্যিক মন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলে। সভাত উপস্থিত লোকসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত অধ্যাপক বাঘেলে দৃঢ়তাৰে কয় যে ৰাষ্ট্ৰীয় সমৃদ্ধিৰ পথ গাঁও, কৃষক আৰু গ্ৰাম্য জীৱিকাৰ মাজেৰে প্ৰবাহিত হয় আৰু ব্যক্তিৰ প্ৰকৃত সৱলীকৰণেই হৈছে সৱল গাঁও, সৱল ৰাজ্য আৰু অৱশেষত এখন উন্নত তথা আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰৰ মূল ভেটি।


মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সমগ্ৰ দেশৰ চিএছচিসমূহে কোটি কোটি নাগৰিকক পেঞ্চন, প্ৰমাণপত্ৰ, বীমা আঁচনি আৰু কল্যাণমূলক কাৰ্যসূচীৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহ কোনো অসুবিধা নোহোৱাকৈ উপলব্ধ কৰাৰ লগতে বৃহৎ পৰিসৰত গ্ৰাম্য কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে। তেওঁ আধাৰ, বেংক আৰু ভূমিৰ নথিপত্ৰত তথ্যৰ সঠিকতা উন্নত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে সামান্য অমিলৰ বাবেও প্ৰায়েই যোগ্য হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী-কিষাণৰ দৰে পৰিৱৰ্তনমুখী আঁচনিসমূহৰ সুবিধা লাভ কৰাত বাধাৰ সৃষ্টি হয়।


চিএছচি অপাৰেটৰসকলৰ উন্নত প্ৰশিক্ষণ আৰু সক্ষমতা বৃদ্ধিৰ আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে যেতিয়া চিএছচিসমূহক গাঁও পঞ্চায়তৰ সৈতে কাৰ্যকৰীভাৱে একত্ৰিত কৰা হয়, তেতিয়া সেইবোৰ প্ৰতিজন নাগৰিকৰ দুৱাৰদলিতে ৰাজহুৱা সেৱা প্ৰদানৰ একো একোটা শক্তিশালী আৰু সঁহাৰিমূলক কেন্দ্ৰত পৰিণত হয়। তেওঁ সকলো অংশীদাৰকে ডিজিটেল প্লেটফৰ্ম আৰু স্থানীয় শাসন প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা গভীৰ কৰিবলৈ আহ্বান জনায় যাতে প্ৰতিজন যোগ্য নাগৰিকে সময়মতে সুবিধা লাভ কৰিব পাৰে, যাৰ দ্বাৰা ‘সেৱা ছে সমৃদ্ধি’ৰ দৃষ্টিভংগী প্ৰকৃততে বাস্তৱায়িত হয় আৰু ‘বিকশিত ভাৰত ২০৪৭’ লৈ এক নিৰ্ণায়ক অৱদান আগবঢ়াব পৰা যায়।


এই উপলক্ষে অসম চৰকাৰৰ পৰিৱৰ্তন আৰু উন্নয়ন, শ্ৰম কল্যাণ, আৰু চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীয়ে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ জৰিয়তে অন্তিমজন ব্যক্তিলৈকে সেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সহযোগিতামূলক মনোভাৱৰ প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ কল্যাণ ৰাজ্য চৰকাৰৰ এক কেন্দ্ৰীয় অগ্ৰাধিকাৰ হৈয়েই আছে। এই সম্প্ৰদায়সমূহৰ জীৱিকা, কল্যাণমূলক আঁচনিৰ সুবিধা, শিক্ষা, স্বাস্থ্য আৰু সামাজিক নিৰাপত্তাৰ উন্নতিৰ বাবে ধাৰাবাহিক পদক্ষেপ গ্ৰহণ কৰা হৈছে, যাৰ ফলত উন্নয়নৰ সুফল সমাজৰ প্ৰতিটো শ্ৰেণীৰ ওচৰলৈ যোৱাটো নিশ্চিত হৈছে। আঁচনিৰ কাৰ্যকৰী ৰূপায়ণত সৱল স্থানীয় শাসনৰ অপৰিহাৰ্য ভূমিকাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰাৰ লগতে আশা প্ৰকাশ কৰে যে ধাৰাবাহিক আন্তঃবিভাগীয় সমন্বয়ে অসমৰ উন্নয়নৰ যাত্ৰাক অধিক ত্বৰান্বিত কৰিব।


কৰ্মশালাত অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ উৎকৃষ্ট প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু গাঁও পৰ্যায়ৰ উদ্যমী ব্যক্তি(VLEs) সকলক সম্বৰ্ধনা জনোৱা হয়। অগ্ৰণী ডিজিটেল সেৱা প্ৰদানৰ বাবে ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স বঁটা ২০২৫ত ‘জুৰী বঁটা’ বিজয়ী ওড়িশাৰ কেন্দুঝৰ জিলাৰ সুৱাকাটি গাঁও পঞ্চায়তক ‘ওড়িশাৱান’ (OdishaOne) আৰু ‘সেৱা ওড়িশা’ প্লেটফৰ্মৰ জৰিয়তে অত্যাৱশ্যকীয় সেৱাসমূহ ডিজিটেলাইজড কৰা, ৰিয়েল-টাইম ট্ৰেকিংসহ নাগৰিকক ২৪ ঘণ্টাই সেৱা প্ৰদান কৰা আৰু তৃণমূল পৰ্যায়ত মহিলাৰ নেতৃত্ব তথা সৰ্বাত্মক সেৱা প্ৰদানৰ উদাহৰণ দাঙি ধৰাৰ বাবে স্বীকৃতি প্ৰদান কৰা হয়।


ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স বঁটা ২০২৫ত শীৰ্ষ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়তসমূহৰ ভিতৰত স্থান লাভ কৰা তেলেংগানাৰ য়াদাদিল ভুবনগিৰি জিলাৰ শিৱাৰেড্ডীগুডেম গাঁও পঞ্চায়তক স্বচ্ছ, নাগৰিককেন্দ্ৰিক আৰু প্ৰযুক্তিনিৰ্ভৰ তৃণমূল পৰ্যায়ৰ শাসনৰ এক অনুকৰণীয় আৰ্হি হিচাপে সম্বৰ্ধনা জনোৱা হয়।


কৰ্মশালাত সম্বৰ্ধনা জনোৱা চেম্পিয়ন গাঁও পৰ্যায়ৰ উদ্যমী ব্যক্তিসকল হৈছে- শ্ৰীমতী গিৰিজা নাথ (অসম), শ্ৰীমতী সুমিত্ৰা দাস (ওড়িশা), শ্ৰী অমনদীপ সিং (পঞ্জাৱ), আৰু শ্ৰীমতী সুৰতা দেৱী চাইনী (ৰাজস্থান)। গাঁও পৰ্যায়ত ডিজিটেল সেৱা প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকৰ আদৰ্শমূলক অৱদানৰ বাবে প্ৰতিগৰাকীক সন্মানিত কৰা হয়।


পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰীমতী মুক্তা শেখৰে উদ্বোধনী ভাষণ প্ৰদান কৰি কয় যে গাঁও পঞ্চায়ত আৰু চিএছচিৰ একত্ৰীকৰণে গ্ৰাম্য ৰূপান্তৰৰ এক শক্তিশালী স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে স্থানীয় বুজাপৰাক ডিজিটেল ক্ষমতাৰ সৈতে একত্ৰিত কৰিছে। তেওঁ উল্লেখ কৰে যে ডিজিটেল শাসনৰ মূল কথাটোৱেই হৈছে প্ৰতিগৰাকী গ্ৰাম্য নাগৰিকৰ মৰ্যাদা, সুলভতা আৰু অন্তৰ্ভুক্তিকৰণ নিশ্চিত কৰা। তেওঁ অংশগ্ৰহণকাৰীসকলক অৱগত কৰে যে তৃণমূল পৰ্যায়ত উৎকৃষ্টতাক স্বীকৃতি আৰু উদযাপন কৰাৰ বাবে ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স বঁটাৰ অধীনত ‘গাঁও পঞ্চায়ত সেৱা প্ৰদান উদ্ভাৱন’ৰ বাবে এটা সুকীয়া শ্ৰেণী অন্তৰ্ভুক্ত কৰা হৈছে।


এই উপলক্ষে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড° বাল্লেপু কল্যাণ চক্ৰৱৰ্তীয়ে সৰ্বাত্মক আৰু ডিজিটেল শাসনৰ প্ৰতি ৰাজ্যখনৰ প্ৰতিশ্ৰুতিৰ কথা দোঁহাৰে। তেওঁ ক্ষমতা বৃদ্ধি, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু তৃণমূল পৰ্যায়ত দক্ষ তথা নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান নিশ্চিত কৰাৰ ক্ষেত্ৰত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ৰাজ্যসমূহৰ মাজত সহযোগিতামূলক শিক্ষাৰ গুৰুত্ব আৰু গ্ৰাম্য শাসনৰ পৰিৱৰ্তনত ডিজিটেল প্লেটফৰ্মৰ ভূমিকাৰ ওপৰত গুৰুত্ব দিয়ে। ‘সেৱা ছে সমৃদ্ধি’ৰ ব্যাপক দৃষ্টিভংগীৰ প্ৰতি অসমৰ প্ৰতিশ্ৰুতি পুনৰবাৰ নিশ্চিত কৰি তেওঁ আশা প্ৰকাশ কৰে যে এই কৰ্মশালাৰ আলোচনাই সমগ্ৰ দেশতে পঞ্চায়তীৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে কাৰ্যকৰী ফলাফল কঢ়িয়াই আনিব।


চিএছচি-এছপিভি (CSC-SPV) ৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অখিল কুমাৰে উল্লেখ কৰে যে চিএছচি বিশ্বৰ অন্যতম বৃহত্তম অন্তিম সীমাৰ সেৱা প্ৰদান নেটৱৰ্কত পৰিণত হৈছে, যাৰ ফলত অতি দূৰৈৰ অঞ্চলৰ নাগৰিকসকলেও দীঘলীয়া যাত্ৰাৰ বোজা নোহোৱাকৈ আধাৰ, পান, বেংকিং, বীমা, পেঞ্চন আৰু কল্যাণমূলক আঁচনিৰ দৰে সেৱাসমূহ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ চিএছচি আৰ্হিৰ গভীৰ আৰ্থ-সামাজিক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে লাখ লাখ ভিএলই, যাৰ ভিতৰত এক বুজনসংখ্যক আৰু প্ৰেৰণাদায়ক মহিলা উদ্যমী অন্তৰ্ভুক্ত, সৱলীকৃত হৈছে আৰু ইয়াৰ সৈতে তৃণমূল পৰ্যায়ত ডিজিটেল আন্তঃগাঁথনিও শক্তিশালী হৈছে।


কৰ্মশালাখনে পঞ্চায়তচালিত সেৱা প্ৰদানৰ সৰ্বোত্তম পদ্ধতিসমূহৰ ওপৰত পাৰস্পৰিক শিক্ষা আৰু আন্তঃৰাজ্যিক জ্ঞান আদান-প্ৰদানৰ বাবে এক সমৃদ্ধ মঞ্চ প্ৰদান কৰে। ‘নীতিৰ পৰা জনসাধাৰণলৈ: শাসনক কাৰ্যক্ষেত্ৰত ৰূপান্তৰ কৰা’ শীৰ্ষক প্ৰথমলানি পেনেল আলোচনাত বিভিন্ন ৰাজ্যৰ মুখ্য সেৱা প্ৰদান প্লেটফৰ্ম যেনে— ই-মিত্ৰ (ৰাজস্থান), ই-সেৱা (পঞ্জাৱ), লোক সেৱা গেৰাণ্টী পৰ্টেল (মধ্য প্ৰদেশ), পঞ্চায়ত সচিবালয় (অন্ধ্ৰপ্ৰদেশ), মী সেৱা (তেলেংগানা), আৰু ওড়িশাৱান (ওড়িশা)ৰ প্ৰতিনিধিসকলৰ লগতে চিএছচি-এছপিভিসকল একত্ৰিত হয়। এই পেনেল আলোচনাৰ আঁত ধৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত শ্ৰীমতী কীৰ্তি জল্লীয়ে।


‘প্ৰযুক্তি-নিৰ্ভৰ পঞ্চায়তীৰাজ আৰু সেৱা প্ৰদান’ বিষয়ক প্ৰথম কাৰিকৰী সত্ৰটো পৰিচালনা কৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT) গুৱাহাটীৰ সহকাৰী অধ্যাপক ড° সিদ্ধাৰ্থ সিংহই। ‘ভাষিণী’ ৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অমিতাভ নাগে ‘আন্তঃগাঁথনি হিচাপে ভাষা: ভাষিণীৰ জৰিয়তে প্ৰান্তীয় শাসনৰ পুনৰ কল্পনা’ শীৰ্ষক দ্বিতীয়টো কাৰিকৰী সত্ৰ পৰিচালনা কৰে, য’ত প্ৰকৃততে সুলভ আৰু সৰ্বাত্মক শাসন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত বহুভাষিক ডিজিটেল আন্তঃগাঁথনিৰ পৰিৱৰ্তনমুখী সম্ভাৱনাক অৱলোকন কৰা হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
তীব্ৰ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পুখুৰীত জাক জাক বান্দৰৰ জলকেলি
৪.৭০ লাখ দেশী-বিদেশী পৰ্যটকে দৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
ড° কমল চৌধুৰীৰ নামত নামকৰণ নগালেণ্ডত আৱিষ্কৃত নতুন প্ৰজাতিৰ ভেকুলী
গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী এছ পি সিং বাঘেলৰ অধ্যক্ষতাত ‘সেৱা ছে সমৃদ্ধি’ শীৰ্ষক আঞ্চলিক কৰ্মশালাৰ আয়োজন পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ
সমগ্ৰ এছিয়া আৰু ইউৰোপত গুৰুতৰ প্ৰভাৱ পেলাইছে প্রবল গ্রীষ্ম প্রৱাহে
দেশৰ প্ৰথমখন হাইড্রজেনচালিত ৰে’ল চলাচলত অনুমোদন
আজি বিধানসভাত উত্থাপন হ’ব UCC বিধেয়ক; প্ৰতিশ্ৰুতি পূৰণৰ বাবে সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
যুদ্ধৰ বাবে সাৰ যোগানত বিৰূপ প্ৰভাৱ; বিশ্বজুৰি কৃষকসকল গভীৰ সংকটৰ সন্মুখীন
উত্তৰ-পূৰ্বাঞ্চল ভাগ্যশালী; বিশ্বৰ ১০০ গৰম মহানগৰৰ ৯৭খনেই ভাৰতৰ
বিতাৰণ কৰা কিছু লোকক বাংলাদেশৰ পৰা ঘূৰাই আনিব ভাৰতে; উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰীয় চৰকাৰে
এজন দুৰ্ভগীয়া পিতৃৰ অকলশৰীয়া যুঁজ: পুত্ৰৰ মৃত্যু ৰহস্য ভেদ নহ’ল; মৌন জনপ্ৰতিনিধি
বাংলাদেশত ৰ’ডভৰ্তি ট্ৰাক বাগৰি ১৫ জন লোকৰ কৰুণ মৃত্যু
অসমত UCC আহিলে লিভ-ইন ৰিলেচনশ্বিপৰ ক্ষেত্ৰত মানি চলিব লাগিব অত্যন্ত কঠোৰ আইনী নিয়ম
অন্ধ্র-তেলেংগানাত প্রচণ্ড গ্রীষ্মপ্ৰৱাহ; ‘হিটষ্ট্র’ক’ত দুদিনত প্রাণ হেৰুৱালে ৪০জনে
Advertisement