--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ লগতে বিশ্বৰ বহু দেশত ডেংগুৱে স্বাস্থ্য সম্পৰ্কীয় বিপদ নমাই আনিছে।  বাংলাদেশতো ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। এনে সময়তে এক সুখৰ বতৰা লৈ আহিছে দেশ খনৰ বিজ্ঞানীসকলে।  বাংদেশে ডেংগু ভেকচিনৰ গৱেষণাত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে। বাংলাদেশৰ আন্তৰ্জাতিক ৰোগ গৱেষণা কেন্দ্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰমণ্ট বিশ্ববিদ্যালয়ৰ লাৰ্ণাৰ কলেজ অৱ মেডিচিনৰ গৱেষকসকলে বিকশিত কৰা টেট্ৰাভেলেণ্ট-০০৫ নামৰ ভেকচিনে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা  চাৰি প্ৰকাৰৰ ডেংগু ভাইৰাছৰ বিৰুদ্ধে মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰিব পাৰে।

চলিত বৰ্ষত বাংলাদেশত এডিছ মহে সংক্ৰমিত কৰা ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে।  চৰকাৰী পৰিসংখ্যা অনুসৰি এই ঋতুত ডেংগুতবাংলাদেশত আক্ৰান্ত লোকৰ সংখ্যা ২  লাখতকৈ বৈছি হৈছে। মৃত্যুৰঘটিছে  ৯৬৭গৰাকী লোকৰ। চিটাগং, বাৰিশাল, খুলনা, ৰংপুৰ, চিলেটকে ধৰি দেশখনৰ  প্ৰায় সকলো ঠাইতে ডেংগু বিয়পি পৰিছে। এনে পৰিস্থিতিত, প্ৰশাসনে ডেংগু ভেকচিনৰ ওপৰত আস্থা বিচাৰি আছে।

বাংলাদেশত ডেংগু ভেকচিনৰ পৰীক্ষণৰ সফলতাৰ প্ৰতিবেদন বুধবাৰে বিজ্ঞান আলোচনী লেঞ্চেটত প্ৰকাশ পাইছে।  স্বাধীনতাৰ পিছৰে পৰা ডায়েৰিয়া ৰোগৰ ওপৰত গৱেষণা চলোৱা বাংলাদেশৰ আন্তৰ্জাতিক কেন্দ্ৰই ডেংগু  ভেকছিন প্ৰকল্প পৰিচালনা কৰি আহিছে। আমেৰিকা বিশ্ববিদ্যালয়ৰ গৱেষণা প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্বত ভেকচিন বিধ  বিকশিত কৰা হৈছে। ভেকচিনবিধ  ১৯২  জন স্বেচ্ছাসেৱকৰ দেহত  পৰীক্ষা কৰা হৈছিল। তেওঁলোকৰ মাজত এটি   এবছৰীয়া শিশুও আছে। বাকীসকল ৫০ বছৰৰ ভিতৰৰ  পুৰুষ আৰু মহিলা আছিল। ভেকচিন বিধ গ্ৰহণৰ পিছত ছালত সামান্য চোকোৰা বন্ধাৰ বাহিৰে কাৰো শৰীৰত কোনো পাৰ্শ্বক্ৰিয়া দেখা পোৱা হোৱা নাছিল। প্ৰকল্পটোৰ সৈতে জড়িত উদ্ৰময় গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ৰছিদুল হকে কয়  যে পৰীক্ষাবোৰে দেখুৱাইছে যে ভেকচিনবিধ  সম্পূৰ্ণৰূপে সুৰক্ষিত। এই ভেকচিনে পৃথিৱীত পোৱা চাৰি প্ৰকাৰৰ ডেংগু ভাইৰাছৰ প্ৰতিটোতে এণ্টিবডী প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক