--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ লগতে বিশ্বৰ বহু দেশত ডেংগুৱে স্বাস্থ্য সম্পৰ্কীয় বিপদ নমাই আনিছে।  বাংলাদেশতো ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। এনে সময়তে এক সুখৰ বতৰা লৈ আহিছে দেশ খনৰ বিজ্ঞানীসকলে।  বাংদেশে ডেংগু ভেকচিনৰ গৱেষণাত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে। বাংলাদেশৰ আন্তৰ্জাতিক ৰোগ গৱেষণা কেন্দ্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰমণ্ট বিশ্ববিদ্যালয়ৰ লাৰ্ণাৰ কলেজ অৱ মেডিচিনৰ গৱেষকসকলে বিকশিত কৰা টেট্ৰাভেলেণ্ট-০০৫ নামৰ ভেকচিনে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা  চাৰি প্ৰকাৰৰ ডেংগু ভাইৰাছৰ বিৰুদ্ধে মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰিব পাৰে।

চলিত বৰ্ষত বাংলাদেশত এডিছ মহে সংক্ৰমিত কৰা ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে।  চৰকাৰী পৰিসংখ্যা অনুসৰি এই ঋতুত ডেংগুতবাংলাদেশত আক্ৰান্ত লোকৰ সংখ্যা ২  লাখতকৈ বৈছি হৈছে। মৃত্যুৰঘটিছে  ৯৬৭গৰাকী লোকৰ। চিটাগং, বাৰিশাল, খুলনা, ৰংপুৰ, চিলেটকে ধৰি দেশখনৰ  প্ৰায় সকলো ঠাইতে ডেংগু বিয়পি পৰিছে। এনে পৰিস্থিতিত, প্ৰশাসনে ডেংগু ভেকচিনৰ ওপৰত আস্থা বিচাৰি আছে।

বাংলাদেশত ডেংগু ভেকচিনৰ পৰীক্ষণৰ সফলতাৰ প্ৰতিবেদন বুধবাৰে বিজ্ঞান আলোচনী লেঞ্চেটত প্ৰকাশ পাইছে।  স্বাধীনতাৰ পিছৰে পৰা ডায়েৰিয়া ৰোগৰ ওপৰত গৱেষণা চলোৱা বাংলাদেশৰ আন্তৰ্জাতিক কেন্দ্ৰই ডেংগু  ভেকছিন প্ৰকল্প পৰিচালনা কৰি আহিছে। আমেৰিকা বিশ্ববিদ্যালয়ৰ গৱেষণা প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্বত ভেকচিন বিধ  বিকশিত কৰা হৈছে। ভেকচিনবিধ  ১৯২  জন স্বেচ্ছাসেৱকৰ দেহত  পৰীক্ষা কৰা হৈছিল। তেওঁলোকৰ মাজত এটি   এবছৰীয়া শিশুও আছে। বাকীসকল ৫০ বছৰৰ ভিতৰৰ  পুৰুষ আৰু মহিলা আছিল। ভেকচিন বিধ গ্ৰহণৰ পিছত ছালত সামান্য চোকোৰা বন্ধাৰ বাহিৰে কাৰো শৰীৰত কোনো পাৰ্শ্বক্ৰিয়া দেখা পোৱা হোৱা নাছিল। প্ৰকল্পটোৰ সৈতে জড়িত উদ্ৰময় গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ৰছিদুল হকে কয়  যে পৰীক্ষাবোৰে দেখুৱাইছে যে ভেকচিনবিধ  সম্পূৰ্ণৰূপে সুৰক্ষিত। এই ভেকচিনে পৃথিৱীত পোৱা চাৰি প্ৰকাৰৰ ডেংগু ভাইৰাছৰ প্ৰতিটোতে এণ্টিবডী প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু