--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰোগ প্ৰতিৰোধ ক্ষমতা  কমি গ’লে আমাক নানান ৰোগে আক্ৰমণ কৰিব পাৰে। ৰোগত আক্ৰান্ হোৱাৰ আগতেই আমি সেয়ে দেহটোক কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি সেই বিষয়ত সচেতন হোৱাটো ভাল।যকৃত হৈছে আমাৰ  শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অঙ্গবোৰৰ ভিতৰৰে  এটা হৈ লিভাৰ । ইয়াৰ পৰাই পিত্তৰস নিৰ্গত হয়। যি ৰসে খাদ্য হজম কৰাত সহায় কৰে। আকৌ তেজত থকা  অতিৰিক্ত গ্লুকোজ যকৃতত গ্লাইকোজেন হিচাপে সঞ্চিত হয় । 

প্ৰয়োজনত  এই গ্লাইকোজেনে ৰক্ত শৰ্কৰাৰ স্তৰ  সঠিক কৰি ৰখাত সহায় কৰে। মানৱ শৰীৰৰ যকৃতত  লোহিত ৰক্ত কণিকাৰ হিমোগ্লোবিন ভাঙি যায় আৰু বিলিৰুবিন তথা বাইলিভাৰ্ডিন আদি সৃষ্টি হয়।যকৃতৰ কামত সামান্য হেৰফেৰ হ’লেই তেজত বিলিৰুবিনৰ মাত্ৰা বাঢ়ি যাব পাৰে। ফলত জণ্ডিছৰ লক্ষণে দেখা দিব পাৰে।   যকৃতক স্বাস্থ্যৱান কৰি ৰাখিবলৈ যকৃতৰ উপযোগী  খাদ্য খাব লাগে। যকৃতৰ উপযোগী খাদ্য খালো  চৰ্বিযুক্ত যকৃত বা যকৃতৰ চিৰোচিছৰ দৰে সমস্যাৰ ভয় কমি যায়।খাদ্য বিশেষজ্ঞসকলে যকৃতৰ বাবে উপকাৰী খাদ্যৰ কথা কৈ আহিছে। তেনে কেইবিধমান খাদ্য হৈছে-

নহৰু – নহৰুৱে যকৃতৰ এনজাইম সক্ৰিয় কৰে আৰু শৰীৰৰ আৱৰ্জনা উলিয়াই দিয়াত সহায় কৰে। নহৰুত যথেষ্ট পৰিমাণৰ ছেলেনিয়াম থাকে, যি যকৃত বা যকৃতক এণ্টিঅক্সিডেণ্ট যোগান ধৰে।  ইয়াৰ উপৰি কেঁচা নহৰুৱে ৰক্তচাপ আৰু কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাতো সহায় কৰে।

গ্ৰীণ টি –  শৰীৰটো সঠিক ৰাখিবলৈ গ্ৰীণ টি খোৱা ভাল। পুষ্টিবিদসকলৰ মতে  ভাবে যে প্ৰতিদিনে একাপ গ্ৰীণ টি  পান কৰিলে যকৃত সুস্থ হৈ থকাৰ লগতে শৰীৰে এণ্টিঅক্সিডেণ্ট লাভ কৰে।

মাছ – সাগৰীয় মাছৰ লগতে থলুৱাভাবে পোৱা ৰৌ আদি মাছত  যথেষ্ট অমেগা-৩ থাকে। অমেগা-৩য়ে  যকৃত ভালে ৰখাত সহায় কৰে। গতিকে  চালমন, চাৰ্ডিন, টুনা, ট্ৰাউট, ৰৌ মাছ আদি খোৱাটো যকৃতৰ বাবে ভাল।  অমেগা-৩ য়ে যকৃতত ডিটক্স অৰ্থাৎ বিষাক্ত পদাৰ্থ বৰ্জন কৰা উপাদান হিচাবে কাম  কৰে।

বীট – বীট শৰীৰৰ বাবে অতি উপকাৰী। ই তেজ পৰিষ্কাৰ কৰে। বীটে যকৃত ভালে ৰখাতো সহায় কৰে। বীটৰ ৰসত যথেষ্ট নাইট্ৰেট আৰু বিটালিন থাকে। ই হৃদয়কো ভাল ৰাখে। 

শাক-পাচলি – বহুলোকে পাচলি খাবলৈ নিবিচাৰে। কিন্তু দেহৰ আন অংগ আৰু যকৃতৰ কথা ভাবিয়েই পাচলি আদি খাব লাগে।  মাছ, মাংসৰ কণীৰ সৈতে পাচলিয়ে আমাৰ শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে। নিৰামিষভোজীসকলেও প্ৰচুৰ পাচলি খাব লাগে বুলি খাদ্য বিশেষজ্ঞসকলে কৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক