--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰোগ প্ৰতিৰোধ ক্ষমতা  কমি গ’লে আমাক নানান ৰোগে আক্ৰমণ কৰিব পাৰে। ৰোগত আক্ৰান্ হোৱাৰ আগতেই আমি সেয়ে দেহটোক কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি সেই বিষয়ত সচেতন হোৱাটো ভাল।যকৃত হৈছে আমাৰ  শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অঙ্গবোৰৰ ভিতৰৰে  এটা হৈ লিভাৰ । ইয়াৰ পৰাই পিত্তৰস নিৰ্গত হয়। যি ৰসে খাদ্য হজম কৰাত সহায় কৰে। আকৌ তেজত থকা  অতিৰিক্ত গ্লুকোজ যকৃতত গ্লাইকোজেন হিচাপে সঞ্চিত হয় । 

প্ৰয়োজনত  এই গ্লাইকোজেনে ৰক্ত শৰ্কৰাৰ স্তৰ  সঠিক কৰি ৰখাত সহায় কৰে। মানৱ শৰীৰৰ যকৃতত  লোহিত ৰক্ত কণিকাৰ হিমোগ্লোবিন ভাঙি যায় আৰু বিলিৰুবিন তথা বাইলিভাৰ্ডিন আদি সৃষ্টি হয়।যকৃতৰ কামত সামান্য হেৰফেৰ হ’লেই তেজত বিলিৰুবিনৰ মাত্ৰা বাঢ়ি যাব পাৰে। ফলত জণ্ডিছৰ লক্ষণে দেখা দিব পাৰে।   যকৃতক স্বাস্থ্যৱান কৰি ৰাখিবলৈ যকৃতৰ উপযোগী  খাদ্য খাব লাগে। যকৃতৰ উপযোগী খাদ্য খালো  চৰ্বিযুক্ত যকৃত বা যকৃতৰ চিৰোচিছৰ দৰে সমস্যাৰ ভয় কমি যায়।খাদ্য বিশেষজ্ঞসকলে যকৃতৰ বাবে উপকাৰী খাদ্যৰ কথা কৈ আহিছে। তেনে কেইবিধমান খাদ্য হৈছে-

নহৰু – নহৰুৱে যকৃতৰ এনজাইম সক্ৰিয় কৰে আৰু শৰীৰৰ আৱৰ্জনা উলিয়াই দিয়াত সহায় কৰে। নহৰুত যথেষ্ট পৰিমাণৰ ছেলেনিয়াম থাকে, যি যকৃত বা যকৃতক এণ্টিঅক্সিডেণ্ট যোগান ধৰে।  ইয়াৰ উপৰি কেঁচা নহৰুৱে ৰক্তচাপ আৰু কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাতো সহায় কৰে।

গ্ৰীণ টি –  শৰীৰটো সঠিক ৰাখিবলৈ গ্ৰীণ টি খোৱা ভাল। পুষ্টিবিদসকলৰ মতে  ভাবে যে প্ৰতিদিনে একাপ গ্ৰীণ টি  পান কৰিলে যকৃত সুস্থ হৈ থকাৰ লগতে শৰীৰে এণ্টিঅক্সিডেণ্ট লাভ কৰে।

মাছ – সাগৰীয় মাছৰ লগতে থলুৱাভাবে পোৱা ৰৌ আদি মাছত  যথেষ্ট অমেগা-৩ থাকে। অমেগা-৩য়ে  যকৃত ভালে ৰখাত সহায় কৰে। গতিকে  চালমন, চাৰ্ডিন, টুনা, ট্ৰাউট, ৰৌ মাছ আদি খোৱাটো যকৃতৰ বাবে ভাল।  অমেগা-৩ য়ে যকৃতত ডিটক্স অৰ্থাৎ বিষাক্ত পদাৰ্থ বৰ্জন কৰা উপাদান হিচাবে কাম  কৰে।

বীট – বীট শৰীৰৰ বাবে অতি উপকাৰী। ই তেজ পৰিষ্কাৰ কৰে। বীটে যকৃত ভালে ৰখাতো সহায় কৰে। বীটৰ ৰসত যথেষ্ট নাইট্ৰেট আৰু বিটালিন থাকে। ই হৃদয়কো ভাল ৰাখে। 

শাক-পাচলি – বহুলোকে পাচলি খাবলৈ নিবিচাৰে। কিন্তু দেহৰ আন অংগ আৰু যকৃতৰ কথা ভাবিয়েই পাচলি আদি খাব লাগে।  মাছ, মাংসৰ কণীৰ সৈতে পাচলিয়ে আমাৰ শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে। নিৰামিষভোজীসকলেও প্ৰচুৰ পাচলি খাব লাগে বুলি খাদ্য বিশেষজ্ঞসকলে কৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু