--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অসমত ‘কা’ গণ আন্দোলনৰ দুটা বছৰ সম্পূৰ্ণ হ’ল৷ ৰাইজে কি পালে, কি নাপালে- সেয়া ৰাইজেই বিচাৰ কৰিব৷ অসমৰ ছাত্ৰসমাজে আৰম্ভ কৰা ‘কা’ আন্দোলনৰ প্ৰতি অসমৰ ৰাইজে স্বতঃস্ফূৰ্ত সঁহাৰি জনাইছিল৷ আৱেগ আৰু যুক্তিৰ মৰ্মত অসমবাসীয়ে জঁপিয়াই পৰিছিল ‘কা’ আন্দোলনত৷ প্ৰকৃত আন্দোলন চলিছিল মাত্ৰ তিনিদিন৷ ২০১৯ চনৰ ১০,  ১১ আৰু ১২ ডিচেম্বৰত৷ তাৰ পৰৱৰ্তী সময়ত ৰাজপথত ছাত্ৰ সমাজে আৰম্ভ কৰা গণ আন্দোলন এটাক অতি কৌশলপূৰ্ণভাৱে লতাশিল আৰু চানমাৰি খেলপথাৰৰ চাৰিবেৰৰ মাজত সুমুৱাই দিয়া হৈছিল৷ ছাত্ৰৰ হাতৰ পৰা গুচি গৈছিল ‘কা’ আন্দোলন৷ আন্দোলনৰ নেতৃত্ব ল'বলৈ আগবাঢ়ি আহিছিল জাতীয় জীৱনৰ স্বয়ম্ভু অভিভাৱক৷ এই অভিযোগ আমাৰ নহয়৷ এই অভিযোগ এতিয়া অসমবাসীৰ৷

অসমবাসীক হতাশ কৰি জাতীয় জাগৰণ এটাক নিলাম কৰি দিয়া হৈছিল ৰজাঘৰীয়াৰ ওচৰত৷ ৰাজপথৰ উত্তাল ঢৌবোৰ পৰ্যবসিত হৈছিল গীটাৰ, কীপেডৰ ধ্বনিলৈ৷ ‘কা’ আন্দোলনৰ পৰৱৰ্তী সময়ত ৰাইজেই বিচৰা ধৰণে অসমত বিকল্প ৰাজনৈতিক শক্তিৰ উন্মেষ ঘটিল৷ জন্ম হৈছিল ‘অসম জাতীয় পৰিষদ’ আৰু ‘ৰাইজৰ দল’৷ সন্ধিক্ষণৰ সময়ত অৰাজনৈতিক চৰিত্ৰ বৰ্তাই সুবিধাজনক স্থিতিলৈ গুচি গ’ল অসমৰ বিয়াগোম জাতীয়তাবাদী নেতা৷ বিভ্ৰান্ত হ’ল সাধাৰণ জনতা৷ ভাগ-ভাগকৈ চলা কা আন্দোলনৰো জুই ক্ৰমশঃ নিৰ্বাপিত হ’ল৷ নেতৃত্ব লোৱা গায়কে ক’বলৈ ধৰিলে আন্দোলন ছ’চিয়েল মিডিয়াত চলিব৷ জাতীয় সংগঠনৰ নেতাই ‘কা’ গৃহীত হ'লে অসম চুক্তিক হত্যা কৰা হ’ব বুলি আন্দোলনৰ সময়ত মন্তব্য কৰিছিল৷ সেই নেতায়ে নতুন চৰকাৰৰ দিনত অসম চুক্তিৰ ৰূপায়ণ বিচাৰি গ’ল৷ তিনি দশকে সফল নোহোৱা এটা বিষয়ক পুনৰ নতুন সাজেৰে মেলি দিয়া হ’ল অসমত৷ আকৌ ৰাইজ বিভ্ৰান্তিত৷

এফালে ‘কা’ প্ৰযোজ্য কৰাৰ স্থিতিত অটল চৰকাৰ, আনফালে চৰকাৰৰে আলোচনা অসম চুক্তি ৰূপায়ণৰ৷ আলোচনা চলিল৷ সমিতি গঠন হ’ল৷ নেতৃত্ব লোৱা সংগঠনৰ ‘কা’ বাতিল কৰিবই লাগিব মুখ্যমন্ত্ৰীৰ সন্মুখত সজোৰে কোৱাৰ সাহস নহ’ল৷ ‘কা’ আন্দোলনৰ সময়তে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰীকৰণৰ প্ৰতিবেদন সম্পৰ্কে আজিকালি একোৱেই নোকোৱা হ’ল সদৌ অসম ছাত্ৰ সন্থাই৷ চৰকাৰ পূৰ্বৰ স্থিতিতেই অটল থাকিল৷ লৰচৰ হ’ল জাতীয়তাবাদী সংগঠনৰ স্থিতি৷

আদৰ্শগত কাৰণত বুলি কৈয়েই অসমৰ দল-সংগঠন ঐক্যবদ্ধ নহ’ল কা আন্দোলনত৷ অসমৰ বুদ্ধিজীৱী, অসমবাসীৰ কাতৰ আহ্বানৰ পাছতো এজন-দুজন নেতাৰ ‘ইগো’ৰ বাবেই ভাগ ভাগ হ’ল ‘কা’ আন্দোলন৷ দুৰ্বল হ’ল ‘কা’ আন্দোলন৷ নোহোৱা হ’ল ‘কা’ আন্দোলন৷ পৰৱৰ্তী সময়ত ‘কা’ আন্দোলনৰ ‘মিক্সড ভেজ’ চৰ্চা চলি থাকিল ছ’চিয়েল মিডিয়াত৷ ‘কা’ আন্দোলনৰ নেতৃত্বৰ আপোচকামী স্থিতিয়ে এটা জাতীয় জনজাগৰণক সমূলি নষ্ট কৰি পেলোৱা বুলি এতিয়া অসমবাসীয়ে ক’ব খোজে৷ ইতিহাসে এই কথা কেনেকৈ লিখে তাৰ বাবে অসমবাসীয়ে কিছুবছৰ অপেক্ষা কৰিব লাগিব৷

একে সময়তে, আমাক সংগ্ৰাম কি, জাতীয় দায়বদ্ধতা কি সেই কথা শিকাই গ’ল ভাৰতৰ কৃষক বিদ্ৰোহে৷ এবছৰৰো অধিককাল ৰাজপথত বিদ্ৰোহ কৰি প্ৰাপ্য আঁজুৰি ঘৰমুৱা হ’ল প্ৰতিবাদী কৃষক৷ ৰাজপথৰ সংগ্ৰামৰ প্ৰাপ্য যে সফলতা হ’বই পাৰে, সেয়া আমি কৃষক বিদ্ৰোহৰ পৰা শিকিব পাৰো৷ কত প্ৰলোভন দিয়া হ’ল কৃষকসকলক৷ কত দমন কৰা হ’ল৷ তথাপিও, নিজৰ দাবীৰ পৰা এচুলিমানো পিছুৱাই নাহিল তেওঁলোক৷ স্বয়ং প্ৰধানমন্ত্ৰীয়ে হাত যোৰ কৰি ক্ষমা খুজিবলৈ বাধ্য হ’ল তেওঁলোকক৷ তথাপিও, গুচি নগ’ল কৃষক৷ ৰাষ্ট্ৰপতিৰ ছীল-মোহৰ পৰাৰ পাছত, কৃষকৰ এটা এটা দাবী মানি লোৱাৰ পাছতহে এতিয়া ঘৰমুৱা হৈছে প্ৰতিবাদী কৃষক৷

এয়াই বিপ্লৱ, এয়াই সংগ্ৰাম৷ কেৱল হুংকাৰতেই বিপ্লৱ সফল নহয়৷ কেৱল আলোচনাৰ মেজত চাহ, পকোৰা খালেই জাতিৰক্ষা নহয়৷ জাতিৰক্ষাৰ বাবে হৃদয়ৰ আহ্বান শুনিব লাগিব৷ বিলাসী জীৱনেৰে বিলাসী আদৱ-কায়দাত সংগ্ৰাম নচলে৷ অসমবাসীৰ এতিয়া শেষ ভাৰসা অসমৰ নতুন প্ৰজন্ম৷ জাতিৰক্ষা হ’ব নতুন প্ৰজন্মৰ হাতত৷ নেতৃত্বৰ বাঘজৰী লওক আজিৰ প্ৰজন্মই৷ সূৰ্য উদয়ৰ পিনে ধাৱমান হওক অসমৰ নতুন প্ৰজন্ম৷ এই কথাই ‘কা’ আন্দোলনৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ বিষাদঘন সময়ত ৰিণি ৰিণি শুনা গ’ল অসমৰ চৌদিশে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
তিনিখন বিধেয়ক সদনত উত্থাপনৰ বাবে সংসদৰ অনুমোদন, লোকসভাৰ আসন বৃদ্ধিৰ বিতৰ্ক আৰম্ভ
বাক্সাৰ বৰমাত লটাৰীৰ নামত ভয়ংকৰ প্ৰবঞ্চনা; আৰক্ষীৰ কাষ চাপিল ভাগ্যৱান বিজেতা!
বহু ঔষধি গুণেৰে সমৃদ্ধ অমৰা; বিতংকৈ জানো আহক
অহা বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকিব শীর্ষ স্থানৰ তালিকা
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন