--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিনা থাৰানি। য়’ য়’ হানি সিঙৰ নতুন প্ৰেয়সীৰ নাম। শেহতীয়াকৈ দিল্লীৰ এটা অনুষ্ঠানত ৰাজহুৱাকৈ হাতে হাত ধৰি দুয়ো অংশ ল’লে। লগতে সামাজিক মাধ্যমতে হানি সিঙে দুয়োৰে ফটো শ্বেয়াৰ কৰিছে।

দিল্লীৰ অনুষ্ঠানটোত ক’লা পোছাক পৰিধান কৰি দুয়োজনে অংশ লৈছিল। তাৰপাছতে অনুৰাগী মহলত ব্যাপক উচ্ছাসে দেখা দিছে।

উল্লেখ্য যে হানি সিঙৰ নতুন এলবাম ‘পেৰিছ কা ট্ৰীপ’ৰ গানত অভিনয় কৰিছে মডেল অভিনেত্ৰী টিনা থাৰানিয়ে। কেৱল অভিনয়েই নহয়, এলবামটোৰ নামো টিনায়েই ঠিক কৰিছে।

দিল্লীৰ অনুষ্ঠানটোত হানি সিঙে জনায় যে এলবামটোত ১০ টা গান আছে। গানসমূহো তেওঁৰ প্ৰেয়সী টিনা থাৰানিয়েই নিৰ্বাচন কৰি দিছে।

উল্লেখ্য যে গৃহকন্দলৰ বাবে কিছু মাহ পূৰ্বে চৰ্চাত আহিছিল হানী সিং। প্ৰাক্তন পত্নী শালিনী তলোৱাৰৰ স’তে তিনি মাহ পূৰ্বে বিচ্ছেদ হয় তাৰকাগৰাকীৰ। বিবাহ বিচ্ছেদৰ বিনিময়ত হানি সিঙে ভৰিব লগা হয় এক কোটি টকা।

তাৰপাছতে টিনা থাৰানিৰ স’তে সম্পৰ্ক গঢ়িলে হানি সিঙে। অনুৰাগীসকলে ক’ব বিচাৰে যে সংঘাতেৰে জৰ্জৰিত হোৱাৰ পাছত এয়া হানি সিঙৰ নতুন ইনিংছ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু