--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফিডেল কাষ্ট্ৰোৰ দেশ কিউবা। এখন তেনেই সৰু দেশ। কিন্তু পুজিবাদী আমেৰিকাৰ ওচৰত বহু ষড়যন্ত্ৰৰ পিছতো সেও নমনা কিউবা হৈছে বিশ্বৰ দুগ্ধ বিপ্লৱৰ এখন অগ্ৰনী দেশ ।দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত কিউবাক স্ব-নিৰ্ভৰশীল কৰাৰ বাবে বিগত শতিকাৰ ৬০ৰ  দশকতেই পদক্ষেপ গ্ৰহণ কৰিছিল সেই সময়ৰ কিউবাৰ ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰোই । 

বিশ্ব নায়কগৰাকীয়ে কিউবাৰ প্ৰতিজন লোকেই বিশুদ্ধ গাখীৰৰ যোগান পোৱাতো বিচাৰিছিল। সেইবাবেই প্রথমে কিউবাৰ স্থানীয় গাইসমূহৰ ঠাই কানাডাৰ আমদানি কৰা   হলষ্টেইন গাইৰে পূৰণ কৰিছিল। অৱশ্যে হলষ্টেইন গাই নিয়াৰ পিছতো দুগ্ধ উৎপাদন লক্ষ্যণীয়ভাৱে বৃদ্ধি নোপোৱাত ফিডেল কাষ্ট্ৰোই ভাৰতৰ পৰা জেবাছ প্ৰজাতিৰ গাই দেশখনলৈ নিছিল।


 তদুপৰি স্পেইনৰ পৰাও অনা হৈছিল ক্রেওলেছ প্ৰজাতিৰ উন্নত গাই এনেদৰে ফিডেল কাস্ট্রোই হাভানাৰ দাঁতিকাষৰীয়া কানগ্ৰেজেৰাছ নামৰ অঞ্চলটোত চৰকাৰী উদ্যোগত গঢ়ি তুলিছিল এক বৃহৎ গাইগৰুৰ ফাৰ্ম। অৱশ্যে কিউবাৰ পৰিৱেশৰ সৈতে মিলিব নোৱাৰাৰ বাবেই কম দিনৰ ভিতৰতে কানাডাৰ পৰা নিয়া বহু হলষ্টেইন গাইৰ মৃত্যু ঘটিছিল। তথাপি হতাশ হোৱা নাছিল কাষ্ট্ৰো। 

তেওঁ ১৯৭২ চনত হলষ্টেইন গাইৰ বৰ্ণসংকৰ ঘটাই উৱে ব্লাংকা নামৰ এটি নতুন গাইৰ জন্ম দিছিল।  যিটো গৰুৱে এদিনতে কমেও ১২০ লিটাৰ গাখীৰ দিছিল।  এবছৰত এই গাইজনীয়ে ২৪,২৬৮.৯ লিটাৰ গাখীৰ দিছিল। বিশ্ব অভিলেখ গঢ়া এই গাইজনীৰ ১৯৮৫  চনত মৃত্যু ঘটিছিল। গাইজনীৰ মৃত্যুত শোকাহত হৈ পৰা ফিডেল কাষ্ট্ৰোই গাইজনীৰ এটি মাৰ্বল পাথৰৰ প্ৰতিমূৰ্তি প্ৰস্তুত কৰি হাভানাৰ নেচনেল কেটল  হেল্থ চেণ্টাৰত স্থাপন কৰিছিল। আজিও উৱে ব্লাংকা নামৰ গাইজনীৰ মূৰ্তিটোৱে বহুতকে আকৰ্ষণ কৰে।  

ফিডেল কাষ্ট্ৰোই দেশখনৰ বিজ্ঞানীসকলক অধিক গাখীৰ দিব পৰা ক্ষুদ্র আকৃতিৰ গৰুৰ বৰ্ণসংকৰ প্ৰজাতি উদ্ভাৱনৰো নিৰ্দেশ দিছিল। সম্প্ৰতি বিশ্বৰ ভিতৰতে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত কিউবা এক উল্লেখযোগ্য স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ