--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফিডেল কাষ্ট্ৰোৰ দেশ কিউবা। এখন তেনেই সৰু দেশ। কিন্তু পুজিবাদী আমেৰিকাৰ ওচৰত বহু ষড়যন্ত্ৰৰ পিছতো সেও নমনা কিউবা হৈছে বিশ্বৰ দুগ্ধ বিপ্লৱৰ এখন অগ্ৰনী দেশ ।দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত কিউবাক স্ব-নিৰ্ভৰশীল কৰাৰ বাবে বিগত শতিকাৰ ৬০ৰ  দশকতেই পদক্ষেপ গ্ৰহণ কৰিছিল সেই সময়ৰ কিউবাৰ ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰোই । 

বিশ্ব নায়কগৰাকীয়ে কিউবাৰ প্ৰতিজন লোকেই বিশুদ্ধ গাখীৰৰ যোগান পোৱাতো বিচাৰিছিল। সেইবাবেই প্রথমে কিউবাৰ স্থানীয় গাইসমূহৰ ঠাই কানাডাৰ আমদানি কৰা   হলষ্টেইন গাইৰে পূৰণ কৰিছিল। অৱশ্যে হলষ্টেইন গাই নিয়াৰ পিছতো দুগ্ধ উৎপাদন লক্ষ্যণীয়ভাৱে বৃদ্ধি নোপোৱাত ফিডেল কাষ্ট্ৰোই ভাৰতৰ পৰা জেবাছ প্ৰজাতিৰ গাই দেশখনলৈ নিছিল।


 তদুপৰি স্পেইনৰ পৰাও অনা হৈছিল ক্রেওলেছ প্ৰজাতিৰ উন্নত গাই এনেদৰে ফিডেল কাস্ট্রোই হাভানাৰ দাঁতিকাষৰীয়া কানগ্ৰেজেৰাছ নামৰ অঞ্চলটোত চৰকাৰী উদ্যোগত গঢ়ি তুলিছিল এক বৃহৎ গাইগৰুৰ ফাৰ্ম। অৱশ্যে কিউবাৰ পৰিৱেশৰ সৈতে মিলিব নোৱাৰাৰ বাবেই কম দিনৰ ভিতৰতে কানাডাৰ পৰা নিয়া বহু হলষ্টেইন গাইৰ মৃত্যু ঘটিছিল। তথাপি হতাশ হোৱা নাছিল কাষ্ট্ৰো। 

তেওঁ ১৯৭২ চনত হলষ্টেইন গাইৰ বৰ্ণসংকৰ ঘটাই উৱে ব্লাংকা নামৰ এটি নতুন গাইৰ জন্ম দিছিল।  যিটো গৰুৱে এদিনতে কমেও ১২০ লিটাৰ গাখীৰ দিছিল।  এবছৰত এই গাইজনীয়ে ২৪,২৬৮.৯ লিটাৰ গাখীৰ দিছিল। বিশ্ব অভিলেখ গঢ়া এই গাইজনীৰ ১৯৮৫  চনত মৃত্যু ঘটিছিল। গাইজনীৰ মৃত্যুত শোকাহত হৈ পৰা ফিডেল কাষ্ট্ৰোই গাইজনীৰ এটি মাৰ্বল পাথৰৰ প্ৰতিমূৰ্তি প্ৰস্তুত কৰি হাভানাৰ নেচনেল কেটল  হেল্থ চেণ্টাৰত স্থাপন কৰিছিল। আজিও উৱে ব্লাংকা নামৰ গাইজনীৰ মূৰ্তিটোৱে বহুতকে আকৰ্ষণ কৰে।  

ফিডেল কাষ্ট্ৰোই দেশখনৰ বিজ্ঞানীসকলক অধিক গাখীৰ দিব পৰা ক্ষুদ্র আকৃতিৰ গৰুৰ বৰ্ণসংকৰ প্ৰজাতি উদ্ভাৱনৰো নিৰ্দেশ দিছিল। সম্প্ৰতি বিশ্বৰ ভিতৰতে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত কিউবা এক উল্লেখযোগ্য স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ