--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিজাব পৰিধান নকৰাৰ 'অপৰাধ'ত  এগৰাকী যুৱতীক আৰক্ষী চকীলৈ মাতি আৰক্ষীয়ে দিছিল  'নৈতিক শিক্ষা'! কিন্তু আৰক্ষীৰ জেৰাৰ মাজতে যুৱতীগৰাকীৰ ৰহস্যজনক ভাবে মৃত্যু ঘটাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাটো ঘটিছে  ইৰাণৰ ৰাজধানী তেহৰাণত। যুৱতীগৰাকীয়ে ৰাস্তাৰে যোৱাৰ সময়ত  হিজাব পৰিধান কৰা নাছিল।

সেয়েহে আৰক্ষীয়ে  তেওঁক আটক কৰি আৰক্ষী থানালৈ যায়।  থানাৰ ভিতৰতে  ২২ বছৰীয়া যুৱতীগৰাকীৰ ৰহস্যজনকভাৱে মৃত্যু হয়। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিয়ে মহিলাগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবলৈ  তদন্তৰ নিৰ্দেশ দিছে। মাহশা আমিনী নামৰ ২২ বছৰীয়াযুৱতীগৰাকীয়ে  তেওঁৰ পৰিয়ালৰ সৈতে এখন গাড়ীত ইৰাণৰ কুৰ্দিস্তানৰ পৰা তেহৰাণত থকা এগৰাকী আত্মীয়ৰ ঘৰলৈ আহি আছিল। 

সেই সময়তে তেওঁলোকৰ গাড়ীখন ইৰাণৰ  আৰক্ষীয়ে ৰখাইছিল। মহিলাসকলে ইছলামিক ৰীতি-নীতি অনুসৰি কাপোৰ আৰু হিজাব পিন্ধিছে নে নাই সেয়া পৰীক্ষা কৰাটো দেশ খনৰ  আৰক্ষীৰ কাম। আমিনীয়ে সেইদিনা গাড়ীত হিজাব পৰিধান কৰা নাছিল। সেয়ে  আমিনীক গাড়ীৰ পৰা থানালৈ লৈ যোৱা হৈছিল ।  কিন্তু থানাৰ ভিতৰতে  আমিনীৰ মৃত্যু ঘটে। যুৱতীগৰাকীৰ  ভাতৃ কিয়াৰাছৰ মতে  তেওঁৰ ভগ্নী আমিনীক এঘণ্টাৰ বাবে স্থানীয় আৰক্ষী চকীলৈ লৈ যোৱা হৈছিল।

 কিন্তু এঘণ্টা পাৰ হোৱাৰ পিছত কিয়াৰাছে আৰক্ষী থানাৰ সন্মুখত এখন এম্বুলেন্স অহা দেখিলে। তাৰ পিছতে তেওঁলোকক জনোৱা হয় যে আমিনীক হৃদৰোগত আক্ৰান্ত হোৱা বাবে  চিকিৎসালয়লৈ লৈ যোৱা হৈছে। কিছু সময়ৰ পিছত আমিনীৰ পৰিয়ালক তেওঁৰ মৃত্যুৰ বিষয়ে অৱগত কৰা হয়। এই খবৰ ৰাজহুৱা হোৱাৰ লগে লগে দেশত মানৱ অধিকাৰ সুৰক্ষাৰ সৈতে জড়িত কৰ্মীসকলে ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ দাবী জনায়। সমালোচনাৰ সন্মুখীন হৈ আৰক্ষীয়ে এটা "সম্পাদিত" চিচিটিভি ফুটেজ মুকলি কৰিছে।

 ভিডিঅ’টোত আমিনীৰ আৰক্ষীৰ সৈতে হোৱা বাৰ্তালাপৰ দৃশ্য আছে যদিও প্ৰায়  ১৯ ছেকেণ্ড সময়ৰ দৃশ্য ভিডিঅ’টোত নাই। ভিডিঅ’টোত আমিনীক অচেতন হৈ  মাটিত পৰি যোৱা দেখা গৈছে। আৰক্ষীৰ মতে  আমিনীহৃদৰোগত আক্ৰান্ত হৈছিল। অৱশ্যে প্ৰকৃত সত্য তদন্তৰ পিছতহে পোহৰলৈ আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ