--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিজাব পৰিধান নকৰাৰ 'অপৰাধ'ত  এগৰাকী যুৱতীক আৰক্ষী চকীলৈ মাতি আৰক্ষীয়ে দিছিল  'নৈতিক শিক্ষা'! কিন্তু আৰক্ষীৰ জেৰাৰ মাজতে যুৱতীগৰাকীৰ ৰহস্যজনক ভাবে মৃত্যু ঘটাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাটো ঘটিছে  ইৰাণৰ ৰাজধানী তেহৰাণত। যুৱতীগৰাকীয়ে ৰাস্তাৰে যোৱাৰ সময়ত  হিজাব পৰিধান কৰা নাছিল।

সেয়েহে আৰক্ষীয়ে  তেওঁক আটক কৰি আৰক্ষী থানালৈ যায়।  থানাৰ ভিতৰতে  ২২ বছৰীয়া যুৱতীগৰাকীৰ ৰহস্যজনকভাৱে মৃত্যু হয়। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিয়ে মহিলাগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবলৈ  তদন্তৰ নিৰ্দেশ দিছে। মাহশা আমিনী নামৰ ২২ বছৰীয়াযুৱতীগৰাকীয়ে  তেওঁৰ পৰিয়ালৰ সৈতে এখন গাড়ীত ইৰাণৰ কুৰ্দিস্তানৰ পৰা তেহৰাণত থকা এগৰাকী আত্মীয়ৰ ঘৰলৈ আহি আছিল। 

সেই সময়তে তেওঁলোকৰ গাড়ীখন ইৰাণৰ  আৰক্ষীয়ে ৰখাইছিল। মহিলাসকলে ইছলামিক ৰীতি-নীতি অনুসৰি কাপোৰ আৰু হিজাব পিন্ধিছে নে নাই সেয়া পৰীক্ষা কৰাটো দেশ খনৰ  আৰক্ষীৰ কাম। আমিনীয়ে সেইদিনা গাড়ীত হিজাব পৰিধান কৰা নাছিল। সেয়ে  আমিনীক গাড়ীৰ পৰা থানালৈ লৈ যোৱা হৈছিল ।  কিন্তু থানাৰ ভিতৰতে  আমিনীৰ মৃত্যু ঘটে। যুৱতীগৰাকীৰ  ভাতৃ কিয়াৰাছৰ মতে  তেওঁৰ ভগ্নী আমিনীক এঘণ্টাৰ বাবে স্থানীয় আৰক্ষী চকীলৈ লৈ যোৱা হৈছিল।

 কিন্তু এঘণ্টা পাৰ হোৱাৰ পিছত কিয়াৰাছে আৰক্ষী থানাৰ সন্মুখত এখন এম্বুলেন্স অহা দেখিলে। তাৰ পিছতে তেওঁলোকক জনোৱা হয় যে আমিনীক হৃদৰোগত আক্ৰান্ত হোৱা বাবে  চিকিৎসালয়লৈ লৈ যোৱা হৈছে। কিছু সময়ৰ পিছত আমিনীৰ পৰিয়ালক তেওঁৰ মৃত্যুৰ বিষয়ে অৱগত কৰা হয়। এই খবৰ ৰাজহুৱা হোৱাৰ লগে লগে দেশত মানৱ অধিকাৰ সুৰক্ষাৰ সৈতে জড়িত কৰ্মীসকলে ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ দাবী জনায়। সমালোচনাৰ সন্মুখীন হৈ আৰক্ষীয়ে এটা "সম্পাদিত" চিচিটিভি ফুটেজ মুকলি কৰিছে।

 ভিডিঅ’টোত আমিনীৰ আৰক্ষীৰ সৈতে হোৱা বাৰ্তালাপৰ দৃশ্য আছে যদিও প্ৰায়  ১৯ ছেকেণ্ড সময়ৰ দৃশ্য ভিডিঅ’টোত নাই। ভিডিঅ’টোত আমিনীক অচেতন হৈ  মাটিত পৰি যোৱা দেখা গৈছে। আৰক্ষীৰ মতে  আমিনীহৃদৰোগত আক্ৰান্ত হৈছিল। অৱশ্যে প্ৰকৃত সত্য তদন্তৰ পিছতহে পোহৰলৈ আহিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে