--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰ৷ ৬ ডিচেম্বৰ বুধবাৰে ইণ্ডিয়া কেপিটেলছ আৰু গুজৰাট জায়েণ্টছৰ মাজত অনুষ্ঠিত হোৱা এলিমিনেটৰৰ সময়ত গৌতম গম্ভীৰে শ্ৰীসান্থক ‘ফিক্সাৰ’ বুলি কোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে লিজেণ্ডছ লীগ ক্ৰিকেটৰ আয়ুক্তই শ্ৰীসান্থক আইনী জাননী জাৰি কৰে।

জাননীখনত উল্লেখ কৰা হৈছে যে শ্ৰীসান্থে টি-২০ টুৰ্ণামেণ্টত খেলি থকাৰ সময়ত চুক্তি ভংগ কৰাৰ বাবে দোষী সাব্যস্ত হৈছিল। ইয়াৰ উপৰিও কোৱা হৈছে যে পেচাৰগৰাকীয়ে লীগৰ প্ৰিভিউৰ ভিতৰত খেলুৱৈজনক সমালোচনা কৰা ভিডিঅ’সমূহ আঁতৰাই দিলেহে তেওঁৰ সৈতে আলোচনা আৰম্ভ হ’ব।

বিতৰ্কত আম্পায়াৰসকলেও নিজৰ প্ৰতিবেদন প্ৰেৰণ কৰিছিল যদিও শ্ৰীসান্থক গৌতমে ‘'ফিক্সাৰ'’ বুলি কোৱাৰ দাবীৰ বিষয়ে একো উল্লেখ কৰা হোৱা নাছিল।ইয়াৰ পূৰ্বে শ্ৰীসান্থে দুটামান ভিডিঅ’ মুকলি কৰিছিল য’ত তেওঁ গম্ভীৰক খেলৰ সময়ত কৰা মন্তব্যৰ বাবে তীব্ৰ সমালোচনা কৰিছিল। 

পাছত গম্ভীৰে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এটা ৰহস্যময় বাৰ্তা দিছিল, য’ত তেওঁ লিখিছিল “হাঁহি মাৰক ,যেতিয়া পৃথিৱীখনৰ সকলো আপোনাৰ মনোযোগৰ ওপৰত নিৰ্ভৰশীল৷”

ইয়াৰ পাছতে বৃহস্পতিবাৰে মণিপাল টাইগাৰছৰ বিৰুদ্ধে এল এল চি ২০২৩ৰ কোৱালিফায়াৰ ২ত গম্ভীৰৰ আউট হোৱাৰ বাবেও শ্ৰীসান্থে উদ্‌যাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক