--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰ৷ ৬ ডিচেম্বৰ বুধবাৰে ইণ্ডিয়া কেপিটেলছ আৰু গুজৰাট জায়েণ্টছৰ মাজত অনুষ্ঠিত হোৱা এলিমিনেটৰৰ সময়ত গৌতম গম্ভীৰে শ্ৰীসান্থক ‘ফিক্সাৰ’ বুলি কোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে লিজেণ্ডছ লীগ ক্ৰিকেটৰ আয়ুক্তই শ্ৰীসান্থক আইনী জাননী জাৰি কৰে।

জাননীখনত উল্লেখ কৰা হৈছে যে শ্ৰীসান্থে টি-২০ টুৰ্ণামেণ্টত খেলি থকাৰ সময়ত চুক্তি ভংগ কৰাৰ বাবে দোষী সাব্যস্ত হৈছিল। ইয়াৰ উপৰিও কোৱা হৈছে যে পেচাৰগৰাকীয়ে লীগৰ প্ৰিভিউৰ ভিতৰত খেলুৱৈজনক সমালোচনা কৰা ভিডিঅ’সমূহ আঁতৰাই দিলেহে তেওঁৰ সৈতে আলোচনা আৰম্ভ হ’ব।

বিতৰ্কত আম্পায়াৰসকলেও নিজৰ প্ৰতিবেদন প্ৰেৰণ কৰিছিল যদিও শ্ৰীসান্থক গৌতমে ‘'ফিক্সাৰ'’ বুলি কোৱাৰ দাবীৰ বিষয়ে একো উল্লেখ কৰা হোৱা নাছিল।ইয়াৰ পূৰ্বে শ্ৰীসান্থে দুটামান ভিডিঅ’ মুকলি কৰিছিল য’ত তেওঁ গম্ভীৰক খেলৰ সময়ত কৰা মন্তব্যৰ বাবে তীব্ৰ সমালোচনা কৰিছিল। 

পাছত গম্ভীৰে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এটা ৰহস্যময় বাৰ্তা দিছিল, য’ত তেওঁ লিখিছিল “হাঁহি মাৰক ,যেতিয়া পৃথিৱীখনৰ সকলো আপোনাৰ মনোযোগৰ ওপৰত নিৰ্ভৰশীল৷”

ইয়াৰ পাছতে বৃহস্পতিবাৰে মণিপাল টাইগাৰছৰ বিৰুদ্ধে এল এল চি ২০২৩ৰ কোৱালিফায়াৰ ২ত গম্ভীৰৰ আউট হোৱাৰ বাবেও শ্ৰীসান্থে উদ্‌যাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক