--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰথমেই কিছুদিনৰ পূৰ্বে ঘৰখনৰ এগৰাকী বোৱাৰীয়ে আত্মহত্যা কৰে ঘৰৰ ভিতৰতেই। সেই ঘটনাৰ শোকাকুল পৰিৱেশ মাৰ নৌযাঁওতেই এটা পুখুৰীত পৰি মৃত্যু হয় আত্মহত্যা কৰা বোৱাৰীগৰাকীৰ স্বামীৰ।

ডিজিটেল ডেস্ক: দেৰগাঁৱৰ সমীপৱৰ্তী এখন গাঁৱত এতিয়া কান্দোনৰ ৰোল। দেৰগাঁৱৰ কাষৰীয়া বঙ্গাল গাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনীয়ে এতিয়া শোকস্তব্ধ কৰি তুলিছে গাঁওবাসীক। পৰিয়ালটোত অতি কমদিনৰ ভিতৰতে ঘটিছে তিনিটাকৈ মৃত্যুৰ ঘটনা।


প্ৰথমেই কিছুদিনৰ পূৰ্বে ঘৰখনৰ এগৰাকী বোৱাৰীয়ে আত্মহত্যা কৰে ঘৰৰ ভিতৰতেই। সেই ঘটনাৰ শোকাকুল পৰিৱেশ মাৰ নৌযাঁওতেই এটা পুখুৰীত পৰি মৃত্যু হয় আত্মহত্যা কৰা বোৱাৰীগৰাকীৰ স্বামীৰ।


সেই বেদনা শাম কাটিবলৈ নাপাঁওতেই যোৱা ১ ডিচেম্বৰ সোমবাৰে ঘৰখনৰ বৰপুত্ৰ অসীম বৰা নিজৰ ঘৰৰ সন্মুখতে পতিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনাত। বঙ্গাল গাঁৱৰ দেৰগাঁও গোলাঘাট সংযোগী পথটোৰ কাষতে থকা নিজৰ বাসগৃহৰ পৰা এখন মটৰ চাইকেলেৰে ওলাই আহোঁতেই অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় অসীম বৰা নামৰ যুৱকজন।


স্থানীয় লোকৰ সহযোগত পৰিয়ালৰ লোকে যোৰহাটৰ চিকিৎসালয়লৈ যুৱকজনক প্ৰেৰণ কৰিছিল যদিও অৱশেষত মঙলবাৰে নিশা শেষ নিঃশ্বাস ত্যাগ কৰে বিবাহিত যুৱকজনে। নিঠৰুৱা হৈ পৰিল যুৱকজনৰ এটি পাঁচ বছৰীয়া সন্তান,পত্নী আৰু মাতৃ।


উল্লেখযোগ্য যে দেৰগাঁও গোলাঘাট সংযোগী পথটো পুনৰ নিৰ্মাণ কৰাৰ পাছত যথেষ্ট মসৃণ হৈ পৰিল পথটো যাৰ বাবে পথটোৰে যাতায়ত কৰা অধিকসংখ্যক বাহনৰ থাকে তীব্ৰ গতিবেগ। যাৰ ফলত পথটো পুনৰ নিৰ্মাণ হোৱাৰ মাত্ৰ দুমাহৰ ভিতৰতে সংঘটিত হৈছে কুৰিটাতকৈয়ো অধিক দুৰ্ঘটনা । প্ৰাণ গৈছে কেইবাজনৰো, ঘুণীয়া হৈছে বহু কেইজন।


শেহতীয়াকৈ বঙ্গাল গাঁৱৰ অতি অমায়িক সৰবৰহী অসীম বৰা নামৰ বিবাহিত যুৱকজনৰ মৃত্যুৰ বাতৰিয়ে গাঁওখনত সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ। যুৱকজনৰ নশ্বৰ দেহ আহি বাসগৃহ আহি পোৱাৰ পাছতে নিঠৰুৱা হৈ পৰা পৰিয়ালটোৰ কথা ভাবি এতিয়া গাঁওখনৰ ঘৰে ঘৰে উঠিছে কান্দোনৰ ৰোল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু