--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰথমেই কিছুদিনৰ পূৰ্বে ঘৰখনৰ এগৰাকী বোৱাৰীয়ে আত্মহত্যা কৰে ঘৰৰ ভিতৰতেই। সেই ঘটনাৰ শোকাকুল পৰিৱেশ মাৰ নৌযাঁওতেই এটা পুখুৰীত পৰি মৃত্যু হয় আত্মহত্যা কৰা বোৱাৰীগৰাকীৰ স্বামীৰ।

ডিজিটেল ডেস্ক: দেৰগাঁৱৰ সমীপৱৰ্তী এখন গাঁৱত এতিয়া কান্দোনৰ ৰোল। দেৰগাঁৱৰ কাষৰীয়া বঙ্গাল গাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনীয়ে এতিয়া শোকস্তব্ধ কৰি তুলিছে গাঁওবাসীক। পৰিয়ালটোত অতি কমদিনৰ ভিতৰতে ঘটিছে তিনিটাকৈ মৃত্যুৰ ঘটনা।


প্ৰথমেই কিছুদিনৰ পূৰ্বে ঘৰখনৰ এগৰাকী বোৱাৰীয়ে আত্মহত্যা কৰে ঘৰৰ ভিতৰতেই। সেই ঘটনাৰ শোকাকুল পৰিৱেশ মাৰ নৌযাঁওতেই এটা পুখুৰীত পৰি মৃত্যু হয় আত্মহত্যা কৰা বোৱাৰীগৰাকীৰ স্বামীৰ।


সেই বেদনা শাম কাটিবলৈ নাপাঁওতেই যোৱা ১ ডিচেম্বৰ সোমবাৰে ঘৰখনৰ বৰপুত্ৰ অসীম বৰা নিজৰ ঘৰৰ সন্মুখতে পতিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনাত। বঙ্গাল গাঁৱৰ দেৰগাঁও গোলাঘাট সংযোগী পথটোৰ কাষতে থকা নিজৰ বাসগৃহৰ পৰা এখন মটৰ চাইকেলেৰে ওলাই আহোঁতেই অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় অসীম বৰা নামৰ যুৱকজন।


স্থানীয় লোকৰ সহযোগত পৰিয়ালৰ লোকে যোৰহাটৰ চিকিৎসালয়লৈ যুৱকজনক প্ৰেৰণ কৰিছিল যদিও অৱশেষত মঙলবাৰে নিশা শেষ নিঃশ্বাস ত্যাগ কৰে বিবাহিত যুৱকজনে। নিঠৰুৱা হৈ পৰিল যুৱকজনৰ এটি পাঁচ বছৰীয়া সন্তান,পত্নী আৰু মাতৃ।


উল্লেখযোগ্য যে দেৰগাঁও গোলাঘাট সংযোগী পথটো পুনৰ নিৰ্মাণ কৰাৰ পাছত যথেষ্ট মসৃণ হৈ পৰিল পথটো যাৰ বাবে পথটোৰে যাতায়ত কৰা অধিকসংখ্যক বাহনৰ থাকে তীব্ৰ গতিবেগ। যাৰ ফলত পথটো পুনৰ নিৰ্মাণ হোৱাৰ মাত্ৰ দুমাহৰ ভিতৰতে সংঘটিত হৈছে কুৰিটাতকৈয়ো অধিক দুৰ্ঘটনা । প্ৰাণ গৈছে কেইবাজনৰো, ঘুণীয়া হৈছে বহু কেইজন।


শেহতীয়াকৈ বঙ্গাল গাঁৱৰ অতি অমায়িক সৰবৰহী অসীম বৰা নামৰ বিবাহিত যুৱকজনৰ মৃত্যুৰ বাতৰিয়ে গাঁওখনত সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ। যুৱকজনৰ নশ্বৰ দেহ আহি বাসগৃহ আহি পোৱাৰ পাছতে নিঠৰুৱা হৈ পৰা পৰিয়ালটোৰ কথা ভাবি এতিয়া গাঁওখনৰ ঘৰে ঘৰে উঠিছে কান্দোনৰ ৰোল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ