--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ আজি চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। সোমবাৰে পুৱা ৭ বজাৰ পৰা দেশৰ ১০খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সমষ্টিত আৰম্ভ হৈছে  লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। আজি ইভিএমত বন্দী হ’ব  ১,৭১৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। আজি নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হৈছে- অন্ধ্ৰ প্ৰদেশৰ ২৫ টা সমষ্টি, তেলেংগানাৰ ১৭ টা সমষ্টি, উত্তৰ প্ৰদেশৰ ১৩ টা সমষ্টি, মহাৰাষ্ট্ৰৰ ১১ টা সমষ্টি, পশ্চিম বংগৰ ৮ টা সমষ্টি, মধ্যপ্ৰদেশৰ ৮ টা সমষ্টি, বিহাৰৰ ৫ টা সমষ্টি, ঝাৰখণ্ডৰ ৪ টা সমষ্টি, ওড়িশাৰ ৪ টা সমষ্টি, জম্মু-কাশ্মীৰৰ ১ টা সমষ্টি। 

 আজিৰ দিনটোতে  অন্ধ্ৰ প্ৰদেশ  বিধানসভাৰ ১৭৫ খন আসন আৰু ওড়িশা বিধানসভাৰ ২৮  খন আসনৰ বাবেও ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷ অন্ধ্ৰ প্ৰদেশৰ  ১৭৫ খন বিধানসভা আৰু ২৫ খন লোকসভা আসনৰ বাবে ভোটগ্ৰহণ  আৰম্ভ হৈছে। একেদৰে ওড়িশাৰ ৪ টা লোকসভা সমষ্টি  আৰু ২৮ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ পুৱাৰে পৰা আৰম্ভ হোৱা দেখা গৈছে। ওড়িশাত বিজেডি, বিজেপি, কংগ্ৰেছৰ মাজত যুদ্ধ হ’ব; অন্ধ্ৰ প্ৰদেশত ৱাইএছআৰচিপি, ভাৰত মিত্ৰজোঁট , এনডিএৰ মাজত নিৰ্বাচনী যুঁজ হোৱাটো নিশ্চিত হৈছে। 


ভোটগ্ৰহণ পুৱা পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ চলিব। অৱশ্যে  তেলেংগানাৰ ১৭ টা লোকসভা সমষ্টিত  ভোটদানৰ সময় বৃদ্ধি কৰা হৈছে। ভোটদানৰ হাৰ বৃদ্ধিৰ বাবেই তেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি ১৯ লাখৰো অধিক ভোটগ্ৰহণ বিষয়াই ১.৯২ লাখ ভোটকেন্দ্ৰত ১৭.৭ কোটিৰো অধিক ভোটাৰৰ ভোট গ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু