--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ আজি চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। সোমবাৰে পুৱা ৭ বজাৰ পৰা দেশৰ ১০খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সমষ্টিত আৰম্ভ হৈছে  লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। আজি ইভিএমত বন্দী হ’ব  ১,৭১৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। আজি নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হৈছে- অন্ধ্ৰ প্ৰদেশৰ ২৫ টা সমষ্টি, তেলেংগানাৰ ১৭ টা সমষ্টি, উত্তৰ প্ৰদেশৰ ১৩ টা সমষ্টি, মহাৰাষ্ট্ৰৰ ১১ টা সমষ্টি, পশ্চিম বংগৰ ৮ টা সমষ্টি, মধ্যপ্ৰদেশৰ ৮ টা সমষ্টি, বিহাৰৰ ৫ টা সমষ্টি, ঝাৰখণ্ডৰ ৪ টা সমষ্টি, ওড়িশাৰ ৪ টা সমষ্টি, জম্মু-কাশ্মীৰৰ ১ টা সমষ্টি। 

 আজিৰ দিনটোতে  অন্ধ্ৰ প্ৰদেশ  বিধানসভাৰ ১৭৫ খন আসন আৰু ওড়িশা বিধানসভাৰ ২৮  খন আসনৰ বাবেও ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷ অন্ধ্ৰ প্ৰদেশৰ  ১৭৫ খন বিধানসভা আৰু ২৫ খন লোকসভা আসনৰ বাবে ভোটগ্ৰহণ  আৰম্ভ হৈছে। একেদৰে ওড়িশাৰ ৪ টা লোকসভা সমষ্টি  আৰু ২৮ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ পুৱাৰে পৰা আৰম্ভ হোৱা দেখা গৈছে। ওড়িশাত বিজেডি, বিজেপি, কংগ্ৰেছৰ মাজত যুদ্ধ হ’ব; অন্ধ্ৰ প্ৰদেশত ৱাইএছআৰচিপি, ভাৰত মিত্ৰজোঁট , এনডিএৰ মাজত নিৰ্বাচনী যুঁজ হোৱাটো নিশ্চিত হৈছে। 


ভোটগ্ৰহণ পুৱা পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ চলিব। অৱশ্যে  তেলেংগানাৰ ১৭ টা লোকসভা সমষ্টিত  ভোটদানৰ সময় বৃদ্ধি কৰা হৈছে। ভোটদানৰ হাৰ বৃদ্ধিৰ বাবেই তেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি ১৯ লাখৰো অধিক ভোটগ্ৰহণ বিষয়াই ১.৯২ লাখ ভোটকেন্দ্ৰত ১৭.৭ কোটিৰো অধিক ভোটাৰৰ ভোট গ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান