--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত ধৰ্মকলৈ একাংশ লোকে বিভাজনৰ খেল খেলি আছে , সেই সময়তে কাশ্মীৰত এটা মন্দিৰলৈ যোৱা পথ নিৰ্মাণৰ বাবে ভূমিদান কৰিলে মুছলমান লোকে। কাশ্মীৰৰ ৰিয়াচীত এনে ধৰ্মীয় সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে দুগৰাকী মুছলমান লোকে। ৰিয়াচীৰ জিলাৰ 
খেৰাল পঞ্চায়তৰ গোলাম ৰছুল আৰু গোলাম মহম্মদে মন্দিৰলৈ যোৱা  পথটো নিৰ্মাণৰ  উদ্দেশ্যে  মাটি দান কৰিছে। 

দান কৰা মাটিৰ আনুমানিক মূল্য ১ কোটি টকাকৈও অধিক হ’ব। ৰিয়াচীৰ এজন ৰাজহ বিষয়াই কয়, "ৰাজহ বিভাগে সকলো আনুষ্ঠানিকতা পূৰণ কৰাৰ পিছত আৰু তথ্য-পাতি নথিভুক্ত কৰাৰ পিছত কাঞ্চী পাট্টা গাঁৱৰ গুপ্ত  কাশী-গৌৰী শংকৰ মন্দিৰলৈ যোৱা পথৰ  বাবে এৰি দিয়া মাটিত ১০ ফুট প্ৰস্থৰ ১২০০ মিটাৰ পথ নিৰ্মাণ কৰা হ'ব।"ৰিয়াচীৰ জিলা আয়ুক্ত বিশেশ পাল মহাজনে কয়, "সমাজখন এনেদৰেই জীয়াই থকা আৰু  সম্প্ৰীতিৰে আগবাঢ়ি থকা উচিত।’’ 
ভূমিদান কৰা গোলাম ৰছুলে  পঞ্চায়তৰ এজন প্ৰাক্তন সদস্য। তেওঁ কয় "আমি দেখিছিলো যে মন্দিৰলৈ যাবলৈ  কোনো পথ নাই ।  যদি আমি আমাৰ মাটি দান কৰোঁ, তেন্তে পথটো নিৰ্মাণ কৰিব পাৰি।  ফলত তীৰ্থযাত্ৰীসকলৰ সহায় হ’ব। সেইবাবেই আমি ভূমিদান কৰিছো" ৰাছুলে কয়।

ৰাছুল আৰু মহম্মদে ৰাজহ বিষয়াসকলক তেওঁলোকৰ সিদ্ধান্তৰ কথা জনোৱাৰ পিছতে ভূমিদানৰ যাৱতীয় কাম আৰম্ভ কৰা হয়।  মন্দিৰৰ বাবে এনেদৰে ভূমিদান কৰা কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে। কাশ্মীৰৰ এই ঘটনাই দেশত যে এতিয়াও ধৰ্মীয় সম্প্ৰীতিৰ চিৰন্তন ধাৰা প্ৰবাহিত হৈ আছে তাকেই পুনৰবাৰ প্ৰমাণ কৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ