--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত ধৰ্মকলৈ একাংশ লোকে বিভাজনৰ খেল খেলি আছে , সেই সময়তে কাশ্মীৰত এটা মন্দিৰলৈ যোৱা পথ নিৰ্মাণৰ বাবে ভূমিদান কৰিলে মুছলমান লোকে। কাশ্মীৰৰ ৰিয়াচীত এনে ধৰ্মীয় সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে দুগৰাকী মুছলমান লোকে। ৰিয়াচীৰ জিলাৰ 
খেৰাল পঞ্চায়তৰ গোলাম ৰছুল আৰু গোলাম মহম্মদে মন্দিৰলৈ যোৱা  পথটো নিৰ্মাণৰ  উদ্দেশ্যে  মাটি দান কৰিছে। 

দান কৰা মাটিৰ আনুমানিক মূল্য ১ কোটি টকাকৈও অধিক হ’ব। ৰিয়াচীৰ এজন ৰাজহ বিষয়াই কয়, "ৰাজহ বিভাগে সকলো আনুষ্ঠানিকতা পূৰণ কৰাৰ পিছত আৰু তথ্য-পাতি নথিভুক্ত কৰাৰ পিছত কাঞ্চী পাট্টা গাঁৱৰ গুপ্ত  কাশী-গৌৰী শংকৰ মন্দিৰলৈ যোৱা পথৰ  বাবে এৰি দিয়া মাটিত ১০ ফুট প্ৰস্থৰ ১২০০ মিটাৰ পথ নিৰ্মাণ কৰা হ'ব।"ৰিয়াচীৰ জিলা আয়ুক্ত বিশেশ পাল মহাজনে কয়, "সমাজখন এনেদৰেই জীয়াই থকা আৰু  সম্প্ৰীতিৰে আগবাঢ়ি থকা উচিত।’’ 
ভূমিদান কৰা গোলাম ৰছুলে  পঞ্চায়তৰ এজন প্ৰাক্তন সদস্য। তেওঁ কয় "আমি দেখিছিলো যে মন্দিৰলৈ যাবলৈ  কোনো পথ নাই ।  যদি আমি আমাৰ মাটি দান কৰোঁ, তেন্তে পথটো নিৰ্মাণ কৰিব পাৰি।  ফলত তীৰ্থযাত্ৰীসকলৰ সহায় হ’ব। সেইবাবেই আমি ভূমিদান কৰিছো" ৰাছুলে কয়।

ৰাছুল আৰু মহম্মদে ৰাজহ বিষয়াসকলক তেওঁলোকৰ সিদ্ধান্তৰ কথা জনোৱাৰ পিছতে ভূমিদানৰ যাৱতীয় কাম আৰম্ভ কৰা হয়।  মন্দিৰৰ বাবে এনেদৰে ভূমিদান কৰা কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে। কাশ্মীৰৰ এই ঘটনাই দেশত যে এতিয়াও ধৰ্মীয় সম্প্ৰীতিৰ চিৰন্তন ধাৰা প্ৰবাহিত হৈ আছে তাকেই পুনৰবাৰ প্ৰমাণ কৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু