--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জৰিত থকাৰ অভিযোগত  কেন্দ্ৰীয় তদন্তকাৰী সংস্থা নিয়াই স্থানীয় আৰক্ষীক লগত লৈ দেশৰ ১৩ খন ৰাজ্যত পিএফআই-এছডিপিআইৰ বিৰুদ্ধে অভিযান চলাইছে। গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন স্থানৰ পৰা এতিয়ালৈকে ১০৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

নিয়া, ইডি আৰু ৰাজ্যিক আৰক্ষীয়ে অভিযান চলাই ৪০ জন পিএফআই নেতাক আটক কৰি জেৰা চলাই আছে। এই  অভিযান আজি পুৱতি নিশা ৩.৩০ বজাত আৰম্ভ হৈছিল। বিশ্বাসযোগ্য প্ৰমাণ আৰু চোৰাংচোৱাৰ তথ্যৰ আধাৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ) প্ৰৱৰ্তন সঞ্চালকালয় আৰু ৰাজ্যিক আৰক্ষীক লগতলৈ  সন্ত্ৰাসবাদীক পুঁজিৰ সৰবৰাহ আদিৰ অভিযোগত   পিএফআই, এছডিপিআইৰ বিৰুদ্ধে ১৩  খন ৰাজ্যক সামৰি অভিযান চলায়। 

নিয়াৰ  শীৰ্ষ বিষয়াএগৰাকীয়ে প্ৰকাশ কৰা মতে   কেৰালা, তামিলনাডু, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, পুডুচেৰী, অসম, ৰাজস্থানত এই অভিযান চলোৱা হৈছে। গৃহ মন্ত্ৰালয়ে দেশজুৰি চলোৱা অভিযানৰ বিষয়ে বিবৃতি প্ৰকাশ কৰিব বুলি আশা কৰা হৈছে।  

গুৱাহাটীতো হাতীগাঁৱত গ্ৰেপ্তাৰ কৰা হৈছে আমিনুল হক নামৰ পিএফআইৰ নেতাজনক।হাতীগাঁৱৰ পিএফআইৰ  কাৰ্যালয়ত আজি নিয়াই  অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰে। নগৰবেৰাৰ পৰাও গ্ৰেপ্তাৰ কৰা হৈছে ৪জন পিএফআই কৰ্মীক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু