--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জৰিত থকাৰ অভিযোগত  কেন্দ্ৰীয় তদন্তকাৰী সংস্থা নিয়াই স্থানীয় আৰক্ষীক লগত লৈ দেশৰ ১৩ খন ৰাজ্যত পিএফআই-এছডিপিআইৰ বিৰুদ্ধে অভিযান চলাইছে। গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন স্থানৰ পৰা এতিয়ালৈকে ১০৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

নিয়া, ইডি আৰু ৰাজ্যিক আৰক্ষীয়ে অভিযান চলাই ৪০ জন পিএফআই নেতাক আটক কৰি জেৰা চলাই আছে। এই  অভিযান আজি পুৱতি নিশা ৩.৩০ বজাত আৰম্ভ হৈছিল। বিশ্বাসযোগ্য প্ৰমাণ আৰু চোৰাংচোৱাৰ তথ্যৰ আধাৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ) প্ৰৱৰ্তন সঞ্চালকালয় আৰু ৰাজ্যিক আৰক্ষীক লগতলৈ  সন্ত্ৰাসবাদীক পুঁজিৰ সৰবৰাহ আদিৰ অভিযোগত   পিএফআই, এছডিপিআইৰ বিৰুদ্ধে ১৩  খন ৰাজ্যক সামৰি অভিযান চলায়। 

নিয়াৰ  শীৰ্ষ বিষয়াএগৰাকীয়ে প্ৰকাশ কৰা মতে   কেৰালা, তামিলনাডু, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, পুডুচেৰী, অসম, ৰাজস্থানত এই অভিযান চলোৱা হৈছে। গৃহ মন্ত্ৰালয়ে দেশজুৰি চলোৱা অভিযানৰ বিষয়ে বিবৃতি প্ৰকাশ কৰিব বুলি আশা কৰা হৈছে।  

গুৱাহাটীতো হাতীগাঁৱত গ্ৰেপ্তাৰ কৰা হৈছে আমিনুল হক নামৰ পিএফআইৰ নেতাজনক।হাতীগাঁৱৰ পিএফআইৰ  কাৰ্যালয়ত আজি নিয়াই  অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰে। নগৰবেৰাৰ পৰাও গ্ৰেপ্তাৰ কৰা হৈছে ৪জন পিএফআই কৰ্মীক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক