--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডে্কঃ হিমাচল প্ৰদেশত পুনৰ বানৰ তাণ্ডৱ আৰম্ভ হৈছে। পাহাৰীয়া ৰাজ্যখনত জুন মাহৰ পৰাই হোৱা বৰষুণৰ ফলত এতিয়ালৈকে বহু লোকৰ মৃত্যু ঘটিছে। মাজতে বৰষুণ অলপ কমিছিল যদিও এতিয়া পুনৰ বৰষুণ আৰম্ভ হৈছে।হিমাচল প্ৰদেশৰ বহু স্থানত যোৱা কেইদিনমান ধৰি ধাৰাসাৰ বৰষুণ হৈ আছে। বতৰ বিজ্ঞান কাৰ্যালয়ৰ মতে পৰৱৰ্তী কেইবাদিনো ধৰি  বতৰ বেয়া হৈয়েই থাকিব।  বতৰ বিজ্ঞান বিভাগে ৰাজ্য খনত  কমলা সতৰ্কবাণী জাৰি কৰিছে।

হিমাচল প্ৰদেশত শনিবাৰে গোটেই দিনটো ধাৰাসাৰ বৰষুণ হয় । ফলত বানে কেইবাটাও পথ খহাই পেলায়।  বহু পথত  যান-বাহনৰ চলাচল বন্ধ কৰিব লগীয়া  হৈছে । ফলস্বৰূপে, হিমাচলৰ বহু ঠাইত  যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ৰাজ্যজুৰি কমেও ৩০২ টা পথ বন্ধ কৰি দিয়া হৈছে। 
বতৰৰ পূৰ্বানুমান অনুসৰি, হিমাচলত ১৭  আগষ্টলৈকে বৰষুণ অব্যাহত থাকিব।
মাণ্ডি-কুল্লু ৰাষ্ট্ৰীয় ঘাইপথ খহি পৰাৰ ফলত বহু বাহন পথতে আবদ্ধ হৈ পৰিছে।  ফলত  কুলু মানালী অঞ্চলৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।
হিমাচল ৰোডৱেজ ট্ৰান্সপোৰ্ট কৰ্পোৰেচন (এইচআৰটিচি)ৰ এখন বাছ শনিবাৰে পথ খহি পৰাৰ  ফলত দুৰ্ঘটনাত পতিত হয়। মাণ্ডি-চিমলা ঘাইপথৰ ৰাস্তাৰ এটা অংশ হঠাতে বহি যায়। দুৰ্ঘটনাটোত বাছখনৰ ১২ জন যাত্ৰী আহত হৈছে। 

স্থানীয় প্ৰশাসনে ৰাজ্যখনৰ বাসিন্দাসকলক পৰৱৰ্তী কেইদিনমানৰ বাবে ঘৰৰ পৰা ওলাই নাযাবলৈ পৰামৰ্শ দিছে। ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ লগতে ঘন কুঁৱলীয়ে যান-বাহন চলাচলত ব্যাহত কৰিছে।ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ মতে ২৪ জুনৰ পৰা হিমাচল প্ৰদেশত বানৰ  ফলত ২৫৫ জন লোকৰ মৃত্যু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement