--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাৰে পৰা দেশৰ ৮ খন ৰাজ্য  তথা  দুটা  কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টিত আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।  আজি ভাগ্য নিৰ্ণয় হ’ব মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীৰ ।  আজিৰ নিৰ্বাচনত বহু কেইগৰাকী প্ৰভাৱশালী নেতাৰো ভাগ্য  নিৰ্ধাৰণ হ’ব। তেওঁলোকৰ ভিতৰত আছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (লক্ষ্নৌ), কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেল ( উত্তৰ মুম্বাই), স্মৃতি ইৰাণী (আমেথি), ৰাহুল গান্ধী (ৰায়েবৰেলী), চিৰাগ পাছোৱান (হাজীপুৰ), শ্ৰীকান্ত সিন্দে (কল্যাণ) আদি।

 আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৰাজ্য তথা ২ কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ হৈছে ক্ৰমে  বিহাৰ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, ওড়িশা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ, জম্মু-কাশ্মীৰ আৰু লাডাখ ৷ মহাৰাষ্ট্ৰৰ ১৩টা, উত্তৰ প্ৰদেশৰ ১৪টা , পশ্চিমবংগৰ ৭টা, বিহাৰৰ ৫ সমষ্টি, জম্মু-কাশ্মীৰত এটা আৰু লাডাখ এটা, ঝাৰখণ্ডৰ ৩টা, ওড়িশাৰ ৫টা সমষ্টিত  আৰম্ভ হৈছে  ভোটগ্ৰহণ। 

 লোকসভা নিৰ্বাচন ২০২৪ ৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান শনিবাৰে অন্ত পৰিছিল। ইয়াৰ পিছতে  ২০ মে'ত দেশৰ ৮ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত এলেকা ৪৯ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত  হৈছে।  বহু প্ৰভাৱশালী নেতাৰ ভাগ্য বন্দী  আজি  ইভিএমত বন্দী হ’ব।   পঞ্চম পৰ্যায়ত ৮ খন ৰাজ্যৰ ৪৯ খন আসনত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । প্ৰায় ৯.৪৭ লাখ ভোটগ্ৰহণ বিষয়াই ৯৪,৭৩২ টা ভোটকেন্দ্ৰত ৮.৯৫ কোটিতকৈও অধিক ভোটাৰক আদৰণি জনাব। ৮.৯৫ কোটিতকৈও অধিক ভোটাৰৰ ভিতৰত আছে ৪.৬৯ কোটি পুৰুষ; ৪.২৬ কোটি মহিলা আৰু ৫৪০৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। পঞ্জীভুক্ত ৮৫+ বছৰতকৈ অধিক, ১০০ বছৰৰ অধিক ২৪,৭৯২জন ভোটাৰ আৰু ৭.০৩ লাখ পিডব্লিউডি ভোটাৰ আছে । তেওঁলোকক ঘৰৰ পৰা ভোট দিয়াৰ বিকল্প প্ৰদান কৰা হৈছে। বৈকল্পিক গৃহ ভোটদান সুবিধাই ইতিমধ্যে যথেষ্ট প্ৰশংসা আৰু সঁহাৰি লাভ কৰিছে। 

১৭ খন বিশেষ ৰে’ল আৰু ৫০৮  খন হেলিকপ্টাৰ  ভোটগ্ৰহণ আৰু নিৰাপত্তা কৰ্মীসকলৰ বাবে ব্যৱহাৰ কৰা হৈছে।  ১৫৩ গৰাকী পৰ্যবেক্ষক (৫৫ জন সাধাৰণ পৰ্যবেক্ষক, ৩০ জন আৰক্ষী পৰ্যবেক্ষক, ৬৮ জন ব্যয় পৰ্যবেক্ষক) ইতিমধ্যে তেওঁলোকৰ সমষ্টিসমূহত নিৰ্বাচনৰ কাম আৰম্ভ কৰিছে। । মুঠ ২০০০ ফ্লাইং স্কোৱাড, ২১০৫ ষ্টেটিক চাৰ্ভিলেঞ্চ দল, ৮৮১ ভিডিঅ' নিৰীক্ষণ দল আৰু ৫০২ টা ভিডিঅ'ৰ দলেনজৰ ৰাখি আহিছে। আজি ভোটগ্ৰহণ আৰম্ভ হোৱা ৰাজ্য  তথা ২ কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ সমষ্টিসমূহ হৈছে -উত্তৰ প্ৰদেশ: লক্ষ্ণৌ, মোহনলালগঞ্জ, হামিৰপুৰ, জালৌন, ৰায়বৰেলী, আমেঠি, ঝান্সি, বান্দা, ফতেহপুৰ, কৌশাম্বী, বাৰাবাঁকী, ফৈজাবাদ, কেশৰগঞ্জ আৰু গোণ্ডা ।

মহাৰাষ্ট্ৰ : ধুলে, ডিণ্ডোৰী, নাছিক, পালঘৰ, ভিৱান্দি, কল্যাণ, থানে, মুম্বাই উত্তৰ, মুম্বাই উত্তৰ-পশ্চিম, মুম্বাই উত্তৰ-পূব, মুম্বাই উত্তৰ-মধ্য, মুম্বাই দক্ষিণ-মধ্য আৰু মুম্বাই দক্ষিণ ।বিহাৰ: সীতামাঢ়ী, মধুবনী, মুজাফ্ফৰপুৰ, চৰণ আৰু হাজিপুৰ ।ওড়িশা : বৰগাদা, সুন্দৰগড়, বোলাংগীৰ, কন্ধমাল আৰু আস্কা ।ঝাৰখণ্ড: চতৰা, কোডাৰ্মা আৰু হাজাৰিবাগ ।পশ্চিমবংগ: বনগাঁও, বাৰেকপুৰ, হাওৰা, উলুবেৰিয়া, শ্ৰীৰামপুৰ, হুগলী আৰু আৰামবাগ ।
জম্মু আৰু কাশ্মীৰ: বাৰামুলা  আৰু লাডাখ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন