--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কৃষকৰ বেংক একাউণ্টত ৯,৯০০ কোটি টকা! একাউণ্টত হাজাৰ হাজাৰ কোটি টকা দেখি কৃষকজনে নিজৰ চকুকেইটা বিশ্বাস কৰিব নোৱাৰিলে। লগে লগে তেওঁ বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে। তেতিয়াই ‘বিত্তীয় ৰহস্য’ পোহৰলৈ আহিল।

কৃষকজনৰ নাম উত্তৰ প্ৰদেশৰ বাদোহী জিলাৰ ভানু প্ৰকাশ। কিছুদিন আগতে বেংক একাউণ্টত কিমান টকা জমা হৈছে তাক চাই আছিল। তেতিয়া তেওঁ থতমত খালে। তেওঁ দেখিছে যে ৯৯,৯৯,৯৪,৯৫,৯৯৯ টকা অৰ্থাৎ ৯৯ বিলিয়নতকৈ অধিক টকা তেওঁৰ একাউণ্টত সোমাইছে। ইয়াৰ পিছত তেওঁ ভয় খাই বেংকৰ লগত যোগাযোগ কৰিলে।

বিষয়টো চোৱাচিতা কৰাৰ পাছত বেংকটোৱে কয় যে ভানু প্ৰকাশৰ একাউণ্টটো কিষাণ ক্ৰেডিট কাৰ্ড (কেচিচি)ৰ ঋণৰ একাউণ্ট আৰু চফটৱেৰ গ্লিচৰ বাবে তেওঁৰ একাউণ্টত টকাখিনি দেখা গৈছিল। আচলতে সেই টকাখিনি তেওঁৰ একাউণ্টত নাই।

বেংকটোৰ মেনেজাৰ ৰোহিত গৌতমে সমগ্ৰ ঘটনা সন্দৰ্ভত কয়, "এটা চফটৱেৰ ভুলৰ বাবেই এনে হৈছে।" ভুল শুধৰণিৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হয়। বৰ্তমান একাউণ্টটো নিৰীক্ষণ কৰা হৈছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ