--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কৃষকৰ বেংক একাউণ্টত ৯,৯০০ কোটি টকা! একাউণ্টত হাজাৰ হাজাৰ কোটি টকা দেখি কৃষকজনে নিজৰ চকুকেইটা বিশ্বাস কৰিব নোৱাৰিলে। লগে লগে তেওঁ বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে। তেতিয়াই ‘বিত্তীয় ৰহস্য’ পোহৰলৈ আহিল।

কৃষকজনৰ নাম উত্তৰ প্ৰদেশৰ বাদোহী জিলাৰ ভানু প্ৰকাশ। কিছুদিন আগতে বেংক একাউণ্টত কিমান টকা জমা হৈছে তাক চাই আছিল। তেতিয়া তেওঁ থতমত খালে। তেওঁ দেখিছে যে ৯৯,৯৯,৯৪,৯৫,৯৯৯ টকা অৰ্থাৎ ৯৯ বিলিয়নতকৈ অধিক টকা তেওঁৰ একাউণ্টত সোমাইছে। ইয়াৰ পিছত তেওঁ ভয় খাই বেংকৰ লগত যোগাযোগ কৰিলে।

বিষয়টো চোৱাচিতা কৰাৰ পাছত বেংকটোৱে কয় যে ভানু প্ৰকাশৰ একাউণ্টটো কিষাণ ক্ৰেডিট কাৰ্ড (কেচিচি)ৰ ঋণৰ একাউণ্ট আৰু চফটৱেৰ গ্লিচৰ বাবে তেওঁৰ একাউণ্টত টকাখিনি দেখা গৈছিল। আচলতে সেই টকাখিনি তেওঁৰ একাউণ্টত নাই।

বেংকটোৰ মেনেজাৰ ৰোহিত গৌতমে সমগ্ৰ ঘটনা সন্দৰ্ভত কয়, "এটা চফটৱেৰ ভুলৰ বাবেই এনে হৈছে।" ভুল শুধৰণিৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হয়। বৰ্তমান একাউণ্টটো নিৰীক্ষণ কৰা হৈছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু