--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে দেশৰ বাহিৰত এটা আইআইটি চৌহদ স্থাপন কৰা হ'ব। আইআইটি মাদ্ৰাজ কৰ্তৃপক্ষই আফ্ৰিকাৰ দেশ তাঞ্জানিয়াত এটা চৌহদ খুলিবলৈ সাজু হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই  ঘোষণা কৰে। উল্লেখ্য আইআইটিক বিশ্বত ভাৰতীয় শিক্ষাৰ পথপ্ৰদৰ্শক হিচাপে গণ্য কৰা হৈ আহিছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে তাঞ্জানিয়াৰ অৰ্ধ-স্বায়ত্তশাসিত অঞ্চল জাঞ্জিবাৰত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ এটা নতুন চৌহদ মুকলি কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে  বুধবাৰে তাঞ্জানিয়া ভ্ৰমণ কৰে। ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে জাঞ্জিবাৰৰ শাসক  হুছেইন আলী মিনৱিৰে এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

 বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয়, "ভাৰতৰ বাহিৰত প্ৰথমবাৰৰ বাবে জাঞ্জিবাৰত আইআইটি চৌহদ স্থাপন কৰা হৈছে।" এই পদক্ষেপ  ভাৰত আৰু তাঞ্জানিয়াৰ মাজত দীৰ্ঘদিনীয়া সু-সম্পৰ্কৰ ফল বুলিও তেওঁ কয়। জাঞ্জিবাৰ আৰু আইআইটি মাদ্ৰাজৰ শিক্ষা মন্ত্ৰালয়ে এই বিষয়ত একেলগে কাম কৰিব বুলি বিবৃতিটোত কোৱা হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে  এই  খবৰটো টুইট কৰিছে ।টুইটত তেওঁ লিখিছে  "আইআইটি মাদ্ৰাজে জাঞ্জিবাৰত এটা চৌহদ স্থাপন কৰিব। এই ঐতিহাসিক পদক্ষেপে বিশ্বৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা আৰু কৰ্তব্য প্ৰতিফলিত কৰিব।’’ উল্লেখ্য  ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০  (এনইপি)ত কোৱা হৈছে যে দেশৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক আন দেশত চৌহদ স্থাপন কৰিবলৈ উৎসাহিত কৰা হ'ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান