--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে দেশৰ বাহিৰত এটা আইআইটি চৌহদ স্থাপন কৰা হ'ব। আইআইটি মাদ্ৰাজ কৰ্তৃপক্ষই আফ্ৰিকাৰ দেশ তাঞ্জানিয়াত এটা চৌহদ খুলিবলৈ সাজু হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই  ঘোষণা কৰে। উল্লেখ্য আইআইটিক বিশ্বত ভাৰতীয় শিক্ষাৰ পথপ্ৰদৰ্শক হিচাপে গণ্য কৰা হৈ আহিছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে তাঞ্জানিয়াৰ অৰ্ধ-স্বায়ত্তশাসিত অঞ্চল জাঞ্জিবাৰত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ এটা নতুন চৌহদ মুকলি কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে  বুধবাৰে তাঞ্জানিয়া ভ্ৰমণ কৰে। ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে জাঞ্জিবাৰৰ শাসক  হুছেইন আলী মিনৱিৰে এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

 বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয়, "ভাৰতৰ বাহিৰত প্ৰথমবাৰৰ বাবে জাঞ্জিবাৰত আইআইটি চৌহদ স্থাপন কৰা হৈছে।" এই পদক্ষেপ  ভাৰত আৰু তাঞ্জানিয়াৰ মাজত দীৰ্ঘদিনীয়া সু-সম্পৰ্কৰ ফল বুলিও তেওঁ কয়। জাঞ্জিবাৰ আৰু আইআইটি মাদ্ৰাজৰ শিক্ষা মন্ত্ৰালয়ে এই বিষয়ত একেলগে কাম কৰিব বুলি বিবৃতিটোত কোৱা হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে  এই  খবৰটো টুইট কৰিছে ।টুইটত তেওঁ লিখিছে  "আইআইটি মাদ্ৰাজে জাঞ্জিবাৰত এটা চৌহদ স্থাপন কৰিব। এই ঐতিহাসিক পদক্ষেপে বিশ্বৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা আৰু কৰ্তব্য প্ৰতিফলিত কৰিব।’’ উল্লেখ্য  ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০  (এনইপি)ত কোৱা হৈছে যে দেশৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক আন দেশত চৌহদ স্থাপন কৰিবলৈ উৎসাহিত কৰা হ'ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস