--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ছিধি জিলাত এজন জনজাতীয় যুৱকৰ সৈতে হোৱা ঘটনাৰ পাছত বৃহস্পতিবাৰে ৰাজধানী ভূপালৰ চিএম হাউছত উপস্থিত হয় যুৱকজন। ইয়াত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আদিবাসী যুৱকজনৰ ভৰি ধুই আৰতি কৰি ক্ষমা খোজে আৰু এই ঘটনাই তেওঁক ব্যথিত কৰা বুলি উল্লেখ কৰে।বিজেপিৰ বিধায়ক কেদাৰ শুক্লা আৰু অন্যান্য দলৰ নেতাসকলেও পোনপটীয়াকৈ ভুক্তভোগী যুৱকজনৰ সৈতে যোগাযোগ কৰি ঘটনা সন্দৰ্ভত ক্ষমা খোজে।

মঙলবাৰে ছিধি জিলাৰ এটা ভিডিঅ' ভাইৰেল হৈছিল৷ এই ভিডিঅ'টোত বিজেপি নেতা প্ৰবেশ শুক্লাই মদ্যপান কৰি থকা এজন জনজাতীয় যুৱকৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল। প্ৰবেশ শুক্লাৰ হাতত জলন্ত চিগাৰেট এটাও আছিল। ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে বিষয়টোত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে তেওঁ অভিযুক্তৰ বিৰুদ্ধে এন এছ এৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে গভীৰ নিশা আৰক্ষীয়ে অভিযুক্ত প্ৰবেশ শুক্লাক গ্ৰেপ্তাৰ কৰে।আৰু বুধবাৰে আৰক্ষীয়ে বুলডজাৰ ব্যৱহাৰ কৰি তেওঁৰ ঘৰৰ বেদখল আঁতৰাই পেলায়।

 এই বিষয়ত সক্ৰিয় হৈ আছে বিৰোধীৰ শীৰ্ষ নেতাসকল। এই বিষয়ত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মায়াৱতী, অখিলেশ যাদৱকে ধৰি সকলো বিৰোধী নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আনহাতে, বুধবাৰে নিশা কংগ্ৰেছ নেতা অজয় ​​সিং আদিয়ে ভুক্তভোগী জনজাতীয় যুৱকজনৰ ঘৰত উপস্থিত হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। 

এই বিষয়ত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্য কংগ্ৰেছৰ সভাপতি কমল নাথক সক্ৰিয়ৰূপত দেখা গৈছে। সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে কয় যে জনজাতীয় অত্যাচাৰৰ ক্ষেত্ৰত মধ্যপ্ৰদেশ দেশৰ ভিতৰতে প্ৰথম স্থানত আছে।এই ঘটনাই সমগ্ৰ মধ্যপ্ৰদেশক লাজত পেলাইছে।অভিযুক্তক কঠোৰতম শাস্তি দিয়াৰ দাবী জনাইছো।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান