--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ছিধি জিলাত এজন জনজাতীয় যুৱকৰ সৈতে হোৱা ঘটনাৰ পাছত বৃহস্পতিবাৰে ৰাজধানী ভূপালৰ চিএম হাউছত উপস্থিত হয় যুৱকজন। ইয়াত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আদিবাসী যুৱকজনৰ ভৰি ধুই আৰতি কৰি ক্ষমা খোজে আৰু এই ঘটনাই তেওঁক ব্যথিত কৰা বুলি উল্লেখ কৰে।বিজেপিৰ বিধায়ক কেদাৰ শুক্লা আৰু অন্যান্য দলৰ নেতাসকলেও পোনপটীয়াকৈ ভুক্তভোগী যুৱকজনৰ সৈতে যোগাযোগ কৰি ঘটনা সন্দৰ্ভত ক্ষমা খোজে।

মঙলবাৰে ছিধি জিলাৰ এটা ভিডিঅ' ভাইৰেল হৈছিল৷ এই ভিডিঅ'টোত বিজেপি নেতা প্ৰবেশ শুক্লাই মদ্যপান কৰি থকা এজন জনজাতীয় যুৱকৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল। প্ৰবেশ শুক্লাৰ হাতত জলন্ত চিগাৰেট এটাও আছিল। ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে বিষয়টোত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে তেওঁ অভিযুক্তৰ বিৰুদ্ধে এন এছ এৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে গভীৰ নিশা আৰক্ষীয়ে অভিযুক্ত প্ৰবেশ শুক্লাক গ্ৰেপ্তাৰ কৰে।আৰু বুধবাৰে আৰক্ষীয়ে বুলডজাৰ ব্যৱহাৰ কৰি তেওঁৰ ঘৰৰ বেদখল আঁতৰাই পেলায়।

 এই বিষয়ত সক্ৰিয় হৈ আছে বিৰোধীৰ শীৰ্ষ নেতাসকল। এই বিষয়ত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মায়াৱতী, অখিলেশ যাদৱকে ধৰি সকলো বিৰোধী নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আনহাতে, বুধবাৰে নিশা কংগ্ৰেছ নেতা অজয় ​​সিং আদিয়ে ভুক্তভোগী জনজাতীয় যুৱকজনৰ ঘৰত উপস্থিত হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। 

এই বিষয়ত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্য কংগ্ৰেছৰ সভাপতি কমল নাথক সক্ৰিয়ৰূপত দেখা গৈছে। সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে কয় যে জনজাতীয় অত্যাচাৰৰ ক্ষেত্ৰত মধ্যপ্ৰদেশ দেশৰ ভিতৰতে প্ৰথম স্থানত আছে।এই ঘটনাই সমগ্ৰ মধ্যপ্ৰদেশক লাজত পেলাইছে।অভিযুক্তক কঠোৰতম শাস্তি দিয়াৰ দাবী জনাইছো।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস