--°C
Loading...
Listen to Article
2 min read
80%

দেশপ্ৰেমৰ অনন্য দৃষ্টান্ত দেখা গ’ল ইউক্ৰেইনত

বয়সেও হাৰ মনা এটি তেজস্বী মনৰ কাহিনী

ডিজিটেল ডেস্ক: আজি ২৫ দিন অতিক্ৰম কৰিলে ৰাছিয়া-ইউক্ৰেইনৰ সামৰিক সংঘাতে৷ ২৫ দিনেও কোনোধৰণৰ সৰ্বসন্মত সিদ্ধান্তত উপণীত হ’ব পৰা নাই দুয়োখন ৰাষ্ট্ৰ৷ ইউক্ৰেইনৰ ভূমিত ৰাছিয়াৰ সামৰিক অভিযান অব্যাহত থকাৰ সময়তে ইউক্ৰেইনত দেশমাতৃৰ আকুল আহ্বানত দেশৰ সেৱাৰ বাবে ওলাই আহিছে এগৰাকী ৯৮ বছৰীয়া বৃদ্ধা৷ ইউক্ৰেইনৰ ৯৮ বৰ্ষীয় মহিলাগৰাকীয়ে ৰাছিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ ইউক্ৰেইনৰ সৈন্যবাহিনীত যোগদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে৷ ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ৯৮ বছৰীয়া ওলহা টভাৰ্ডোখলিবোভাৰ বিষয়ে টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰিছে। উল্লেখযোগ্য যে, দ্বিতীয় মহাসমৰৰ সাক্ষী এইগৰাকী মহিলাই জীৱনত দ্বিতীয়বাৰৰ বাবে যুদ্ধ প্ৰত্যক্ষ কৰিছে৷ ৰাছিয়া-ইউক্ৰেইন যুদ্ধই ইউক্ৰেইনৰ মুখ্য চহৰসমূহ ইতিমধ্যে ধ্বংসস্তুপত পৰিণত কৰিছে৷ অৱশ্যে, তাৰ মাজতে কেইবাটাও আশাৰ কাহিনীয়ে ভয়ংকৰ পৰিস্থিতিৰ মাজতো ইউক্ৰেইনবাসীৰ মনত জীয়াই থকাৰ হেঁপাহ বঢ়াই তুলিছে৷ ইউক্ৰেইন যুদ্ধ ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে শ্বেয়াৰ কৰা পোষ্টটোত ওলহা টেভাৰ্ডোখলিবোভা নামৰ এগৰাকী ৯৮ বছৰীয়া মহিলাৰ বিষয়ে কোৱা হৈছে। ওলহা এজন যুদ্ধৰ এগৰাকী জ্যেষ্ঠ মহিলা আৰু তেওঁ দ্বিতীয় বিশ্বযুদ্ধত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণৰ নিৰ্দেশ দিয়াৰ পাছতে ওলহাই তেওঁৰ মাতৃভূমিৰ সুৰক্ষাৰ বাবে সৈন্যবাহিনীত যোগদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে৷ দুখৰ বিষয় যে তেওঁৰ বয়সৰ বাবে তেওঁৰ সেই প্ৰস্তাৱক অস্বীকাৰ কৰা হৈছিল। নেটিজেনসকলে ওলহাৰ এই বিৰল সাহসিকতাক উৎসাহিত কৰাৰ লগতে তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছে৷ BFC banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক