--°C
Loading...
Listen to Article
2 min read
80%

দুয়োখন দেশৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্ক উন্নত কৰাৰ লক্ষ্য

ডিজিটেল ডেস্ক: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশৰ ৰাজধানী নতুন দিল্লীত প্ৰথমবাৰলৈ ভাৰত ভ্ৰমণলৈ অহা জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশ্বিদাৰ সৈতে এলানি দ্বিপাক্ষিক আলোচনাত মিলিত হয়৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক বৃদ্ধিৰ উপায় সম্পৰ্কে আলোচনা কৰে বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰিছে৷ পাছত প্ৰধানমন্ত্ৰী মোদী আৰু কিশ্বিদাই চতুৰ্দশ ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰে। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইটযোগে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ৰ অক্টোবৰত অনুষ্ঠিত হোৱা বিগত সন্মিলনত ভাৰত-জাপানৰ সম্পৰ্কৰ অগ্ৰগতিক ‘সীমাহীন’ বুলি অভিহিত কৰে। আজিৰ সন্মিলনখন ভাৰতৰ বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰীত্বৰ পৰ্যালোচনা আৰু শক্তিশালী কৰাৰ এক সুযোগ৷ জাপানৰ প্ৰধানমন্ত্ৰী বৈঠকত জাপানৰ প্ৰধানমন্ত্ৰী কিশ্বিদাই আগন্তুক পাঁচ বছৰৰ ভিতৰত ভাৰতত ৪২ বিলিয়ন ডলাৰ (৩.২ লাখ কোটি টকা) বিনিয়োগৰ লক্ষ্য কৰিছে। তেওঁ ৩০০ বিলিয়ন ‘য়ে’ ঋণৰ বাবে সন্মত হ’ব আৰু কাৰ্বন হ্ৰাস সম্পৰ্কীয় শক্তি সহযোগিতা দস্তাবেজত স্বাক্ষৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে৷ জাপান চৰকাৰৰ মুৰব্বী হিচাপে প্ৰথম ভাৰত ভ্ৰমণৰ সময়ত কালি আবেলি প্ৰায় ৩:৪০ বজাত চতুৰ্দশ ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ বাবে কিশ্বিদা এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে নতুন দিল্লীত উপস্থিত হয়। দুয়োপক্ষই এক পৃথক পৰিষ্কাৰ শক্তি অংশীদাৰীত্ব দৃঢ় কৰাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ সম্প্ৰসাৰণৰ বাবে ছয়খন চুক্তি প্ৰস্তুত কৰে। এক যুটীয়া সম্বোধনত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত-জাপানৰ সম্পৰ্ক গভীৰ কৰিলে কেৱল দুয়োখন দেশেই লাভান্বিত নহয়, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সমৃদ্ধি আৰু স্থিৰতাক উৎসাহিত কৰাতো ই সহায়ক হ’ব৷ ২০১৪ত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেয়ে ভাৰত ভ্ৰমণৰ সময়ত পাঁচ বছৰত বিনিয়োগ আৰু বিত্তীয় যোগানত ৩.৫ ট্ৰিলিয়ন ‘য়েন’ ঘোষণা কৰিছিল। জাপানে ভাৰতৰ নগৰীয় আন্তঃগাঁথনি উন্নয়ন আৰু ইয়াৰ বুলেট ট্ৰেইন প্ৰযুক্তিৰ ওপৰত আধাৰিত এক উচ্চ গতিৰ ৰে’লপথক সমৰ্থন কৰি আহিছে। দিনটোৰ আৰম্ভণিতে দুয়োগৰাকী নেতাই ৰাষ্ট্ৰীয় ৰাজধানীৰ হায়দৰাবাদ হাউচত সাক্ষাতত মিলিত হয়৷ আৰু, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, সাক্ষাৎকালত দুয়োখন দেশৰ মাজত অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক বৃদ্ধি কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰা হয়৷ উল্লেখযোগ্য যে, এই বছৰ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০সংখ্যক বাৰ্ষিকীও উদযাপন কৰা হৈছে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক