--°C
Loading...
Listen to Article
2 min read
80%
দেশ দেউলীয়া। জনতাৰ পৰা সকলো কথা লুকুৱাই ৰাখিছে নেকি চৰকাৰে, চাৰিওফালে কেৱল মূল্যবৃদ্ধি, সাম্প্ৰদায়িক বিষবাস্প। বৰ্তমান দেশত মূল্যবৃদ্ধিৰ সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । পেট্ৰ'ল, ডিজেলৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ সামগ্ৰীতে মূল্য যথেষ্ট বৃদ্ধি পাইছে । সমান্তৰালকৈ টকাৰ মূল্য প্ৰতি ডলাৰত সৰ্বকালৰ সৰ্বনিম্ন ৭৮.৫৯ লৈ হ্ৰাস পাইছিল। 

মেহতা ইকুইটিজৰ কমোডিটিজৰ উপ-সভাপতি ৰাহুল কলন্তৰীয়ে পিটিআইক কয়, "ঘৰুৱা বজাৰত এফআইআই (বিদেশী প্ৰতিষ্ঠানগত বিনিয়োগকাৰী)ৰ দ্বাৰা নিৰন্তৰ বিক্ৰী কৰাৰ ফলত  টকাৰ মান অৱনমিত ঘটিছে।

তদুপৰি, পৰিৱৰ্তনৰ আশা দেখুৱাই কেন্দ্ৰত অধিষ্ঠিত হোৱা বিজেপি চৰকাৰ খনে শেহতীয়াকৈ বহু কেইবিধ সামগ্ৰী তথা সেৱাৰ ক্ষেত্ৰত থকা কৰ ৰেহাই প্ৰত্যাহাৰ কৰিছে৷ফলত এতিয়া নিত্য ব্যৱসায্য সামগ্ৰীৰ দাম বৃদ্ধি পাব৷চণ্ডীগড়ত অনুষ্ঠিত জিএছটি পৰিষদৰ বৈঠকত কেইবাবিধো সামগ্ৰীত জিএছটি আৰোপৰ সিদ্ধান্ত লোৱা হৈছে৷  সবকা সাথ সবকা বিকাশৰ ধ্বনি আওৰাই থকা মোদীৰ চৰকাৰে দেশৰ ১,৩৯৯ বিধ সামগ্ৰীৰ ওপৰত জিএছটি আৰোপ কৰিছে। জিএছটিৰ পৰা মুক্ত হৈ থকা সামগ্ৰীৰ সংখ্যা হৈছে মাত্ৰ ১৬৮ বিধহে। কাঠ পেঞ্চিল, ৰবৰ ডালৰ লৈকে জিএছট্িৰ আওঁতাত পৰি দাম বৃদ্ধি হৈছে।  দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে জনতাক সৰ্বশ্ৰান্ত কৰাৰ সময়তে চৰকাৰে বহু সামগ্ৰীত জিএছটি আৰোপ কৰাৰ কথাই জনতাৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বানত জুৰুলা অসমে পুনৰ কেন্দ্ৰ পৰা ১০০০ কোটি টকা ঋণ লব বুলি খবৰ পোৱা গৈছে, অন্যহাতে অসমে পূৰ্বতে লোৱা ঋণ এতিয়াও কেন্দ্ৰীয় চৰকাৰক ঘূৰাই দিব পৰা নাই। তদুপৰি অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ কেন্দ্ৰই কোনো সাহায্য দিয়া নাই বুলি এটিয়া সৰ্বত্ৰে অভিযোগ উত্থাপন হৈছে। দেশৰ জলন্ত সমস্যসমূহক কেন্দ্ৰীয় চৰকাৰে পিঠি দি কেৱল যেন এতিয়া প্ৰচাৰতে আবদ্ধ হৈ ৰৈছে চৰকাৰ।

বিমুদ্ৰাকৰণ আৰু জিএছটিয়ে দেশৰ অৰ্থনীতিত প্ৰবল আঘাত হানিছে। ৮৬ শতাংশ নোট আকস্মিকভাৱে প্ৰত্যাহাৰ কৰাৰ লগতে নগদ ধনৰ লেনদেনৰ ওপৰত প্ৰতিবন্ধকতা অনাৰ বাবে ঘৰুৱা উৎপাদনৰ বিকাশত বিৰূপ প্ৰভাৱ পৰিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পূৰ্বৰ গৱৰ্ণৰ ৰঘুৰাম ৰাজন, ডঃ মনমোহন সিং, অমৰ্ত্য সেনৰ দৰে শতাধিক অৰ্থনীতিবিদে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে মাত মতাত বিৰোধীৰ ৰাজনীতি বুলি নস্যাৎ কৰি দিয়া মোডী চৰকাৰৰ স্বৰূপ আজি স্পষ্ট হৈ পৰিছে। নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে ৭০ বছৰৰ ভিতৰত দেশৰ সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাৰ এনে ভয়াৱহ সংকটৰ সন্মুখীন প্ৰথমবাৰৰ বাবে হোৱা বুলি কৰা মন্তব্যই অধিক স্পষ্ট কৰি দিলে যে দেশৰ অৰ্থনীতি পৰিচালনা কৰাত নৰেন্দ্ৰ মোদী চৰকাৰ সম্পূৰ্ণ বিফল হৈছে। 

ইয়াৰ মাজতে দেশৰ এচাম লোকে চাৰিওফালে কেৱল সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাতে নিৰন্তৰভাৱে চক্ৰান্ত অব্যাহত ৰাখিছে। ধৰ্মৰ দোহাই এচাম লোক কেৱল উচতনি দি দেশৰ সামগ্ৰিক পৰিস্থিতি অধিক অৱনতি ঘটাইছে। এইক্ষেত্ৰত যদি চৰকাৰে প্ৰত্যক্ষ হস্তক্ষেপ কৰে, অনাগত দিনত এক অন্ধকাৰ ভৱিষ্যতৰ দিশে অগ্ৰসৰ হব সেইয়া নিশ্চিত। ক্ষমতা দখলৰ ৰাজনীতিৰ পৰিৱৰ্তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ অৰ্থনৈতিক মন্দাৱস্থা আঁতৰাবৰ বাবে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰক।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ