--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ইটাৱাৰ উছৰাহাৰ আৰক্ষী থানা অঞ্চলৰ নলাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। তদন্তত জানিব পৰা গৈছে যে মহিলাগৰাকী ৰাজস্থানৰ বাসিন্দা। তেওঁৰ দুটা সন্তানো আছে। মিথিলেশ নামৰ মহিলাগৰাকীক গুলীয়াই হত্যা কৰিছিল তেওঁৰ প্ৰেমিকে। মহিলাগৰাকীৰ প্ৰেমিকৰ নাম আছিল সতীশ। তেওঁ এটা ট্ৰেভেল এজেন্সীৰ ড্ৰাইভাৰ। সতীশে ইটাৱাৰ ওচৰৰ উছৰাহাৰত বাস কৰে। মহিলাগৰাকীয়ে তেওঁৰ লগত পত্নী হিচাপে দুবছৰ ধৰি সন্তানৰ সৈতে বসবাস কৰি আছিল। দুবছৰ পূৰ্বে মহিলাগৰাকীৰ লগতে শিশুকেইটা নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে।

আৰক্ষীয়ে জনোৱা মতে, নয়ডাত গজেন্দ্ৰ নামৰ এজন লোকে তেওঁৰ পত্নী মিথিলেশৰ সৈতে বাস কৰিছিল। গজেন্দ্ৰ আৰু সতীশ দুয়োজনেই আছিল এটা ট্ৰেভেল এজেন্সীৰ ড্ৰাইভাৰ। দুয়োৰে বন্ধুত্ব হৈছিল। বন্ধুত্বৰ খাতিৰত সঘনাই গজেন্দ্ৰৰ ঘৰলৈ অহাযোৱা চলিছিল সতীশৰ। তাৰপিছত গজেন্দ্ৰৰ পত্নী মিথিলেশৰ লগত সতীশৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। এদিন সতীশ, গজেন্দ্ৰ আৰু তেওঁৰ পত্নী মিথিলেশ ইটাৱালৈ ফুৰিবলৈ আহিছিল। তাতে মিথিলেশৰ সৈতে লগ লাগি সতীশে গজেন্দ্ৰক সুৰাপান কৰাইছিল আৰু তাৰপিছত গাড়ীৰ ভিতৰত গজেন্দ্ৰক বহুৱাই ছিটবেল্ট লগাই গাড়ীখন এটা খালত পেলাই দিছিল। স্বামী গজেন্দ্ৰক হত্যা কৰাত সতীশক সম্পূৰ্ণ সহায় কৰিছিল পত্নী মিথিলেশে।

ছাইফাই বিমানপথৰ ওচৰৰ খালৰ পৰা গজেন্দ্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হয়, য’ত মৰণোত্তৰ পৰীক্ষাত ওলাল যে খালত উটি যোৱাৰ বাবে গজেন্দ্ৰৰ মৃত্যু হয়। ইয়াৰ পিছত পত্নী মিথিলেশ দুমাহৰ বাবে ৰাজস্থানৰ ঝুনঝুনুত থকা শহুৰেকৰ ঘৰলৈ গৈছিল। তাৰ পৰা দুয়োটা সন্তানক লগত লৈ পৰিয়ালক একো নজনাকৈয়ে তেওঁ সতীশৰ সৈতে ইটাৱালৈ গুচি আহে। ইয়াৰ পিছতে সতীশ আৰু মিথিলেশে স্বামী-স্ত্ৰীৰ দৰে থাকিবলৈ ল'লে। দুবছৰৰ পাছত সতীশে মিথিলেশক সন্দেহ কৰিবলৈ ধৰিলে যে তেওঁৰ ক’ৰবাত অবৈধ সম্পৰ্ক আছে। এই সন্দেহৰ বাবেই সতীশে পূজা চাবলৈ লৈ যোৱাৰ অজুহাতত মিথিলেশক মন্দিৰৰ ওচৰৰ অৰণ্যলৈ লৈ যায় আৰু পিঠিত গুলীয়ায়। ইয়াৰ পিছত মহিলাগৰাকীৰ মৃতদেহটো নলাত পেলাই দিয়ে। 

জ্যেষ্ঠ আৰক্ষী অধীক্ষক জয় প্ৰকাশ সিঙে কয় যে সতীশ যাদৱে মিথিলেশৰ স্বামী গজেন্দ্ৰকো হত্যা কৰিছিল, য’ত মিথিলেশে তেওঁক সমৰ্থন কৰিছিল। ইয়াৰ পাছতে সতীশ আৰু মিথিলেশে স্বামী-স্ত্ৰীৰ দৰে জীৱন কটাইছিল। ইয়াৰ পিছত মিথিলেশকো সতীশে হত্যা কৰিছে। অভিযুক্ত সতীশৰ পৰা এটা পিষ্টল, কাৰ্টিজ আৰু হত্যাকাণ্ডত ব্যৱহৃত বাহনখন উদ্ধাৰ কৰা হৈছে। দুটাকৈ হত্যাকাণ্ডত অভিযুক্ত সতীশক জে'ললৈ প্ৰেৰণ কৰা হৈছে। অঞ্চলবাসীয়ে এই ঘটনাক কৰ্মা বুলি অভিহিত কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে