--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ইটাৱাৰ উছৰাহাৰ আৰক্ষী থানা অঞ্চলৰ নলাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। তদন্তত জানিব পৰা গৈছে যে মহিলাগৰাকী ৰাজস্থানৰ বাসিন্দা। তেওঁৰ দুটা সন্তানো আছে। মিথিলেশ নামৰ মহিলাগৰাকীক গুলীয়াই হত্যা কৰিছিল তেওঁৰ প্ৰেমিকে। মহিলাগৰাকীৰ প্ৰেমিকৰ নাম আছিল সতীশ। তেওঁ এটা ট্ৰেভেল এজেন্সীৰ ড্ৰাইভাৰ। সতীশে ইটাৱাৰ ওচৰৰ উছৰাহাৰত বাস কৰে। মহিলাগৰাকীয়ে তেওঁৰ লগত পত্নী হিচাপে দুবছৰ ধৰি সন্তানৰ সৈতে বসবাস কৰি আছিল। দুবছৰ পূৰ্বে মহিলাগৰাকীৰ লগতে শিশুকেইটা নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে।

আৰক্ষীয়ে জনোৱা মতে, নয়ডাত গজেন্দ্ৰ নামৰ এজন লোকে তেওঁৰ পত্নী মিথিলেশৰ সৈতে বাস কৰিছিল। গজেন্দ্ৰ আৰু সতীশ দুয়োজনেই আছিল এটা ট্ৰেভেল এজেন্সীৰ ড্ৰাইভাৰ। দুয়োৰে বন্ধুত্ব হৈছিল। বন্ধুত্বৰ খাতিৰত সঘনাই গজেন্দ্ৰৰ ঘৰলৈ অহাযোৱা চলিছিল সতীশৰ। তাৰপিছত গজেন্দ্ৰৰ পত্নী মিথিলেশৰ লগত সতীশৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। এদিন সতীশ, গজেন্দ্ৰ আৰু তেওঁৰ পত্নী মিথিলেশ ইটাৱালৈ ফুৰিবলৈ আহিছিল। তাতে মিথিলেশৰ সৈতে লগ লাগি সতীশে গজেন্দ্ৰক সুৰাপান কৰাইছিল আৰু তাৰপিছত গাড়ীৰ ভিতৰত গজেন্দ্ৰক বহুৱাই ছিটবেল্ট লগাই গাড়ীখন এটা খালত পেলাই দিছিল। স্বামী গজেন্দ্ৰক হত্যা কৰাত সতীশক সম্পূৰ্ণ সহায় কৰিছিল পত্নী মিথিলেশে।

ছাইফাই বিমানপথৰ ওচৰৰ খালৰ পৰা গজেন্দ্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হয়, য’ত মৰণোত্তৰ পৰীক্ষাত ওলাল যে খালত উটি যোৱাৰ বাবে গজেন্দ্ৰৰ মৃত্যু হয়। ইয়াৰ পিছত পত্নী মিথিলেশ দুমাহৰ বাবে ৰাজস্থানৰ ঝুনঝুনুত থকা শহুৰেকৰ ঘৰলৈ গৈছিল। তাৰ পৰা দুয়োটা সন্তানক লগত লৈ পৰিয়ালক একো নজনাকৈয়ে তেওঁ সতীশৰ সৈতে ইটাৱালৈ গুচি আহে। ইয়াৰ পিছতে সতীশ আৰু মিথিলেশে স্বামী-স্ত্ৰীৰ দৰে থাকিবলৈ ল'লে। দুবছৰৰ পাছত সতীশে মিথিলেশক সন্দেহ কৰিবলৈ ধৰিলে যে তেওঁৰ ক’ৰবাত অবৈধ সম্পৰ্ক আছে। এই সন্দেহৰ বাবেই সতীশে পূজা চাবলৈ লৈ যোৱাৰ অজুহাতত মিথিলেশক মন্দিৰৰ ওচৰৰ অৰণ্যলৈ লৈ যায় আৰু পিঠিত গুলীয়ায়। ইয়াৰ পিছত মহিলাগৰাকীৰ মৃতদেহটো নলাত পেলাই দিয়ে। 

জ্যেষ্ঠ আৰক্ষী অধীক্ষক জয় প্ৰকাশ সিঙে কয় যে সতীশ যাদৱে মিথিলেশৰ স্বামী গজেন্দ্ৰকো হত্যা কৰিছিল, য’ত মিথিলেশে তেওঁক সমৰ্থন কৰিছিল। ইয়াৰ পাছতে সতীশ আৰু মিথিলেশে স্বামী-স্ত্ৰীৰ দৰে জীৱন কটাইছিল। ইয়াৰ পিছত মিথিলেশকো সতীশে হত্যা কৰিছে। অভিযুক্ত সতীশৰ পৰা এটা পিষ্টল, কাৰ্টিজ আৰু হত্যাকাণ্ডত ব্যৱহৃত বাহনখন উদ্ধাৰ কৰা হৈছে। দুটাকৈ হত্যাকাণ্ডত অভিযুক্ত সতীশক জে'ললৈ প্ৰেৰণ কৰা হৈছে। অঞ্চলবাসীয়ে এই ঘটনাক কৰ্মা বুলি অভিহিত কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ